বৰাক নৈত পৰিল বাহন, ৰাইচ উদ্দিনৰ চকুৰ সন্মুখতে মৃত্যু পত্নী, ১৩ মহীয়া কন্যাৰ
চকুৰ সন্মুুখতে প্ৰাণ হেৰুৱালে পত্নী আৰু ১৩ মহীয়া কন্যাই। জানিব পৰা মতে নিয়ন্ত্ৰণ হেৰুৱাই বাহনখনসহ পিতৃ,কন্যা আৰু সন্তান পৰিছিল নৈৰ বুকুত। এই ঘটনাই সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
মৰ্মান্তিক, অসহনীয়! চকুৰ সন্মুখতে এজন দুৰ্ভগীয়াই হেৰুৱালে নিজ পত্নী আৰু ১৩ মহীয়া কন্যা সন্তানক। কাছাৰৰ বৰখলাত সংঘটিত এই ঘটনাই জোকাৰি গৈছে সমগ্ৰ অঞ্চল। জানিব পৰা মতে নিয়ন্ত্ৰণ হেৰুৱাই বাহনৰ সৈতে নদীত পৰিছিল পিতৃ-মাতৃসহ ১৩ মহীয়া সন্তান। কোনোমতে গাড়ীৰ গ্লাছ ভাঙি পিতৃ ওলাই আহিল যদিও গাড়ীৰ ভিতৰতে পানীত ডুবি প্ৰাণ হেৰুৱালে মাতৃ কন্যাই। এই ঘটনাৰ পাছতেই শোকত ভাগি পৰিছে দুৰ্ভগীয়া স্বামী তথা ১৩ মহীয়া সন্তানৰ পিতৃ।
জানিব পৰা মতে মঙলবাৰে নিশা কাছাৰৰ বৰখলা ৰায়পুৰত সংঘটিত হৈছিল ভয়ংকৰ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই বৰাক নৈত বাগৰি পৰিছিল এখন অল্টো বাহন। এই ঘটনাৰ পাছতেই নিখোজ হৈছিল বাহনখনত থকা মাতৃ আৰু ১৩ মহীয়া কন্যা। পৰৱৰ্তী সময়ত তেওঁলোকক বিচাৰি উদ্ধাৰ অভিযান চলাই থকা হৈছিল যদিও পৰৱৰ্তী সময়ত দুয়োৰে মৃতদেহ উদ্ধাৰ হয়। মৃত মাতৃগৰাকীৰ নাম হেলিনা বেগম বৰভূঞা আৰু ১৩ মহীয়া কন্যাৰ নাম জন্নতৰা বেগম।
তথ্য অনুসৰি জানিব পৰা মতে, মঙলবাৰে সন্ধিয়া কাছাৰৰ বৰখলা মোহনপুৰৰ ৰাইচ উদ্দিন নামৰ লোকজনে নিজৰ অল্টো বাহনখনেৰে পত্নী আৰু কন্যা সন্তানক লৈ শিলচৰৰ চিকিৎসকৰ ওচৰলৈ গৈছিল। চিকিৎসকক দেখুৱাই নিশা তিনিও ঘৰলৈ উভতি আহি আছিল আৰু তেতিয়াই বৰখলা ৰায়পুৰত বাহখনে নিয়ন্ত্ৰণ হেৰুৱাই কাষতে থকা বৰাক নৈত বাগৰি পৰে। ঘটনা সংঘটিত হোৱাৰ পাছতেই গাড়ীৰ গ্লাছ ভাগি কোনোমতে ৰাইচ উদ্দিন বাহিৰলৈ ওলাই আহে যদিও পত্নী আৰু কন্যা গাড়ীৰ ভিতৰতে আৱদ্ধ হৈ থাকে।
চকুৰ সন্মুখতে পত্নী- কন্যাক ডুব যোৱা দেখি চিঞৰ বাখৰ আৰম্ভ কৰে ৰাইচ উদ্দিনে আৰু লগে লগে ঘটনাস্থলীত স্থানীয়লোক উপস্থিত হয় । পৰৱৰ্তী সময়ত ঘটনাৰ বিষয়ে অৱগত হৈ কাছাৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তাসহ আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনী উক্ত স্থানত উপস্থিত হয়। স্থানীয় ৰাইজৰ সৈতে মিলি এছ ডি আৰ এফ (SDRF) বাহিনীয়ে মাতৃ- কন্যাক বিচাৰি উদ্ধাৰ অভিযান চলাই যদিও জীৱিত অৱস্থাত তেওঁলোকক উদ্ধাৰ কৰিব নোৱাৰিলে।
গাড়ীৰ ভিতৰতে নৈৰ বুকুত মৃত্যু হয় মাতৃ হেলিনা বেগম বৰভূঞা আৰু কন্যা জন্নতৰা বেগমৰ। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আনহাতে ঘটনাৰ সময়ত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৰাইচ উদ্দিন। বৰ্তমান তেওঁ শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।