নাই মালিক ! কাছাৰৰ লক্ষীপুৰ আৰক্ষী থানাত পৰি আছে ৬০,০০০ কেজি চুপাৰিৰ বস্তা…

কাছাৰ জিলাৰ লক্ষীপুৰ আৰক্ষী থানাত পৰি আছে পৃথক অভিযানৰ সময়ত জব্দ কৰা ৬০ হাজাৰ কিলোগ্ৰামতকৈও অধিক চুপাৰি । এই চুপাৰিখিনি মালিকীস্বত্বৰ দাবী কৰিবলৈ আগবাঢ়ি অহা নাই কোনো ব্যৱসায়ী বা কোনো ব্যক্তি ।

নাই মালিক ! কাছাৰৰ লক্ষীপুৰ আৰক্ষী থানাত পৰি আছে ৬০,০০০ কেজি চুপাৰিৰ বস্তা...

প্ৰতীকী ফটো

Updated On: 

04 Mar 2025 17:22 PM

পৃথক পৃথক অভিযানত জব্দ কৰা প্ৰায় ৬০ হাজাৰ কিলোগ্ৰামতকৈ অধিক মালিকবিহীন চুপাৰিৰ বস্তাই সমস্যা সৃষ্টি কৰিছে কাছাৰ আৰক্ষীৰ । কাছাৰ জিলাৰ লক্ষীপুৰ আৰক্ষী থানাত পৰি আছে পৃথক অভিযানৰ সময়ত জব্দ কৰা ৬০ হাজাৰ কিলোগ্ৰামতকৈও অধিক চুপাৰি । এই চুপাৰিখিনি মালিকীস্বত্বৰ দাবী কৰিবলৈ কোনো ব্যৱসায়ী বা কোনো ব্যক্তি আগবাঢ়ি অহা নাই বুলি এজন জ্যেষ্ঠ বিষয়াই সদৰী কৰিছে ।

ইফালে, মালিক বা ব্যৱসায়ীসকলে এই চুপাৰিখিনি নিজৰ বুলি দাবী নকৰাৰ ফলত ‘চোৰাং ব্যৱসায়’ৰ সামগ্ৰী আছিল বুলি সন্দেহ সৃষ্টি হ’বলৈ আৰম্ভ কৰিছে। পিটিআইৰ প্ৰতিবেদন অনুসৰি এজন বিষয়াই জানিবলৈ দিছে যে, “লক্ষীপুৰ আৰক্ষী থানাই জব্দ কৰা বৃহৎ পৰিমাণৰ চুপাৰিৰ মজুতক লৈ সমস্যা সৃষ্টি হৈছে । এতিয়ালৈকে কোনো মালিক বা ব্যৱসায়ী এই চুপাৰিখিনি নিজৰ বুলি দাবী কৰিবলৈ আগবাঢ়ি অহা নাই।”

“দুটা পৃথক অভিযানত ৬০,৪২০.২৬ কিলোগ্ৰাম চুপাৰি জব্দ কৰা হৈছিল । ইয়াৰ পাছত এই চুপাৰিখিনিৰ বৈধ মালিকৰ সন্ধানৰ বাবে বাৰে বাৰে প্ৰচেষ্টা চলোৱাৰ পিছতো কোনেও নিজৰ বুলি দাবী কৰিবলৈ আগবাঢ়ি অহা নাই ।”এইদৰে কয় বিষয়াগৰাকীয়ে ।

২০২৪ চনৰ ১৩ অক্টোবৰৰ প্ৰথমটো অভিযানত ২৬,৯০৫ কিলোগ্ৰাম ওজনৰ ৪০৫ বস্তা চুপাৰি জব্দ কৰা হৈছিল। ২০২৩ চনৰ ২৬ ডিচেম্বৰত চলোৱা আন এটা অভিযানত জব্দ কৰা হৈছিল ৩৩,৫১৫.২৬ কিলোগ্ৰাম চুপাৰি। বিষয়াগৰাকীয়ে কয় যে, লক্ষীপুৰ আৰক্ষী থানাৰ চৌহদত চুপাৰি বস্তাবোৰ পৰি আছে যদিও কোনো ব্যক্তি বা ব্যৱসায়ীয়ে বৈধ প্ৰমাণ লৈ মালিকীস্বত্বৰ দাবী কৰিবলৈ আগবাঢ়ি অহা নাই।

কৰ্তৃপক্ষই একাধিক অধিসূচনা জাৰি কৰি সঠিক মালিকসকলক প্ৰয়োজনীয় নথিপত্ৰ দাখিল কৰি নিজৰ বুলি দাবী কৰিবলৈ আহ্বান জনাইছে যদিও এতিয়া কোনো ব্যক্তি আগবাঢ়ি অহা নাই । ইফালে, জব্দ কৰা এই বৃহৎ পৰিমাণৰ চুপাৰিখিনি অবৈধ সৰবৰাহ আছিল নেকি সেই সম্পৰ্কে সন্দেহ সৃষ্টি হৈছে বুলি কয় বিষয়াগৰাকীয়ে ।

এই জব্দ কৰা চুপাৰিখিনিৰ মালিকীস্বত্ব থকা যিকোনো ব্যক্তি বা ব্যৱসায়িক ইউনিটক আগবাঢ়ি আহি প্ৰয়োজনীয় নথি-পত্ৰ দাখিল কৰিবলৈ আহ্বান জনাইছে প্ৰশাসনে। যদি কোনো আগবাঢ়ি নাহে তেন্তে দাবী নকৰা সম্পত্তিৰ সন্দৰ্ভত অধিক আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব পাৰে বুলিও লগতে কয় বিষয়াগৰাকীয়ে ।

মাহেকীয়াৰ সময়ত মন্দিৰলৈ যোৱাটো পাপ নেকি? জয়া কিশোৰীয়ে দিলে ইয়াৰ উত্তৰ
খালী পেটত গ্ৰীণ টি খাই নেকি? তেন্তে জানক ইয়াৰ ফলত কি হ'ব পাৰে...
ভুলতো বেগত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আৰ্থিক সমস্যাই...
মূৰত টুপী, হাতত কেমেৰা, সন্মুখত সিংহ... বিশ্ব বন্যপ্ৰাণী দিৱসত বিশেষ ৰূপত প্ৰধানমন্ত্ৰী মোদী