এবাৰ বিদেশী সন্দৰ্ভত লোৱা সিদ্ধান্তৰ পুনৰ বিবেচনা কৰাৰ অধিকাৰ ন্যায়াধিকৰণৰ নাই: সৰ্বোচ্চ ন্য়ায়ালয়
এবাৰ এগৰাকী নাগৰিকৰ সন্দৰ্ভত ৰায়দান কৰাৰ পাছত বিদেশী ন্যায়াধিকৰণে নিজৰ সিদ্ধান্ত পুনৰ বিচাৰ কৰিব পাৰেনে ? এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে কি ৰায় দিছে জানি লওক বিতংভাৱে-

উচ্চতম ন্যায়ালয়
উচ্চতম ন্যায়ালয়ে এক ৰায়ত উল্লেখ কৰিছে যে এবাৰ নিৰ্দিষ্ট বিদেশী ন্যায়াধিকৰণে, ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত ৰাজ্যখনত প্ৰৱেশ কৰা এজন ব্যক্তিক অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰী বুলি অসম চৰকাৰৰ দাবী নাকচ কৰিলে প্ৰশাসনৰ আবেদনৰ ওপৰত অতিৰিক্ত নথি-পত্ৰৰে ন্যায়াধিকৰণে নিজৰ নিৰ্দেশ পুনৰীক্ষণ কৰিব নোৱাৰে ।
২০১৬ চনত দাখিল কৰা এটা গোচৰত মৌখিক আৰু নথি-পত্ৰৰ প্ৰমাণ বিবেচনা কৰাৰ পিছত ২০১৮ চনৰ ১৫ ফেব্ৰুৱাৰীত এখন ন্যায়াধিকৰণে সিদ্ধান্ত লৈছিল যে ৰেজিয়া খাতুন নামৰ বাংলাদেশৰ পৰা অহা মহিলাগৰাকী বিদেশী নহয়, যিয়ে ১৯৭১ চনৰ ২৫ মাৰ্চ বা তাৰ পিছত ভাৰতত প্ৰৱেশ কৰিছিল ।
২০১২ চনতো একেগৰাকী মহিলা বাংলাদেশৰ বিদেশী বুলি অভিযোগ উত্থাপন কৰি আন এটা গোচৰ ৰুজু হৈছিল । এই গোচৰটো ২০১৯ চনৰ ২৪ ডিচেম্বৰত শুনানিৰ বাবে লোৱা হৈছিল আৰু ন্যায়াধিকৰণে ৰায় দিছিল যে ১৫ ফেব্ৰুৱাৰীৰ নিৰ্দেশ দিয়াৰ পিছতো ইয়াৰ নথি-পত্ৰ আৰু সামগ্ৰী আনকি পূৰ্বৰ কাৰ্যবিধিৰ তথ্যসমূহো তন্ন তন্নকৈ পৰীক্ষা কৰাৰ ক্ষমতা আছে । এই কথাক প্ৰত্যাহ্বান জনাই খাতুনে গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ কাষ চাপে । যিয়ে খাতুনক পূৰ্বে বিদেশী নহয় বুলি ঘোষণা কৰাৰ সিদ্ধান্ত লোৱাৰ পিছতো ন্যায়াধিকৰণৰ এই প্ৰশ্ন নতুনকৈ বিবেচনা কৰাৰ ক্ষমতাক সমৰ্থন কৰে ।
খাতুনৰ হৈ হাজিৰ হোৱা জ্যেষ্ঠ অধিবক্তা পীযুষ ৰায়ে ন্যায়াধীশ এ এছ ওকা আৰু উজ্জ্বল ভূঞাৰ বিচাৰপীঠত কয় যে ন্যায়াধিকৰণৰ নিজৰ নিৰ্দেশ পুনৰীক্ষণ কৰাৰ কোনো ক্ষমতা নাই । যুক্তি মানি লৈ বিচাৰপীঠে কয় যে ৰাজ্য চৰকাৰ ২০১৮ চনৰ আদেশৰ এটা পক্ষ আছিল আৰু তেওঁলোকে এই আদেশ পুনৰ আহ্বান কৰা নাছিল আৰু উচ্চ ন্যায়ালয়ৰ সন্মুখত প্ৰত্যাহ্বান জনোৱা নাছিল ।
“(ডিচেম্বৰ ২০১৯) আদেশে ইংগিত দিয়ে যে ন্যায়াধিকৰণে নিজৰ পূৰ্বৰ ৰায় আৰু আদেশৰ বিৰুদ্ধে আবেদন কৰিব বিচাৰে । এনে ক্ষমতা কেতিয়াও ন্যায়াধিকৰণে প্ৰয়োগ কৰিব নোৱাৰে । তাৰ বাবে ৰাজ্য চৰকাৰৰ বা কেন্দ্ৰীয় চৰকাৰে ২০১৮ চনৰ ১৫ ফেব্ৰুৱাৰীত দিয়া আদেশক প্ৰত্যাহ্বান জনোৱাৰ প্ৰতিকাৰ আছিল ।’’
বিচাৰপীঠখনে কয় যে ন্যায়াধিকৰণে নিজৰ আদেশ পুনৰ বিবেচনা কৰি উচ্চ ন্যায়ালয়ৰ আদেশৰ লগতে ন্যায়াধিকৰণৰ ২৪ ডিচেম্বৰ, ২০১৯ৰ সিদ্ধান্তও বাতিল কৰিব নোৱাৰে । ইয়াৰ উপৰিও বিচাৰপীঠে কেন্দ্ৰ বা অসম চৰকাৰক ন্যায়াধিকৰণৰ ২০১৮ চনৰ নিৰ্দেশক প্ৰত্যাহ্বান জনোৱাৰ পথ বন্ধ কৰি দিয়ে ।