Bhargav Borbora: নিলম্বিত OC ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে গোচৰ ৰুজু, জ্ঞানদীপ হাজৰিকাই দাখিল কৰিছিল এজাহাৰ!

অৱশেষত পাণবজাৰ থানাৰ নিলম্বিত OC ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে আৰক্ষীয়ে। মহানগৰ আৰক্ষীয়ে ৰুজু কৰিলে নিলম্বিত অ’চিজনৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ। ঘটনাৰ ৪২ ঘণ্টাৰ পাছত পাণবজাৰ থানাত ৰুজু হ’ল ৩২৫/২০২৪ নম্বৰৰ গোচৰ। ভাৰতীয় ন্যায় সংহিতাৰ কেইবাটাও ধাৰা সন্নিৱিষ্ট হৈছে ভাৰ্গৱৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰত।

Bhargav Borbora: নিলম্বিত OC ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে গোচৰ ৰুজু, জ্ঞানদীপ হাজৰিকাই দাখিল কৰিছিল এজাহাৰ!

নিলম্বিত OC ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে গোচৰ ৰুজু

Updated On: 

17 Nov 2024 18:37 PM

Guwahati: নিলম্বিত OC ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে গোচৰ ৰুজু। প্ৰাথমিক তদন্তৰ অন্তত পাণবজাৰ থানাত ৰুজু গোচৰ। ভুক্তভোগী জ্ঞানদীপ হাজৰিকাই দাখিল কৰিছিল এজাহাৰ। হিমাংশু গগৈ, পলাশ ৰঞ্জন শৰ্মায়ো দাখিল কৰিছিল এজাহাৰ। ফাঁচীবজাৰৰ ৰাজপথত জ্ঞানদীপক প্ৰহাৰ কৰিছিল ভাৰ্গৱ বৰবৰাই। জ্ঞানদীপক প্ৰহাৰ কৰি বিপদত আৰক্ষী বিষয়াগৰাকী। ভাৰতীয় ন্যায় সংহিতাৰ কেইবাটাও ধাৰা সন্নিৱিষ্ট হৈছে ভাৰ্গৱৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰত।

অৱশেষত পাণবজাৰ থানাৰ নিলম্বিত OC ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে আৰক্ষীয়ে। মহানগৰ আৰক্ষীয়ে ৰুজু কৰিলে নিলম্বিত অ’চিজনৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ। ঘটনাৰ ৪২ ঘণ্টা পাছত পাণবজাৰ থানাত ৰুজু হ’ল ৩২৫/২০২৪ নম্বৰৰ গোচৰ। ভাৰতীয় ন্যায় সংহিতাৰ কেইবাটাও ধাৰা সন্নিৱিষ্ট হৈছে ভাৰ্গৱৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰত।

উল্লেখ্য যে, শুকুৰবাৰে ফাঁচী বজাৰৰ জেইল ৰোডৰ সমীপত ফুড ডেলিভাৰী কাম কৰা জ্ঞানদীপ হাজৰিকা নামৰ এজন ছাত্ৰক পাণবজাৰ থানাৰ অ’চি ভাৰ্গৱ বৰবৰাই প্ৰহাৰ কৰা এটা ভিডিঅ’ পোহৰলৈ আহিছিল । ভিডিঅ’টোত ট্ৰেফিক চিগনেল অমান্য কৰাৰ অভিযোগত জ্ঞানদীপ হাজৰিকাক নিৰ্মমভাৱে প্ৰহাৰ কৰে আৰক্ষী বিষয়াজনে । ট্ৰেফিক চিগনেল অৱমাননা কৰাৰ অভিযোগত জ্ঞানদীপ হাজৰিকা নামৰ যুৱকজনক প্ৰহাৰ কৰিছিল আৰক্ষীৰ বিষয়া ভাৰ্গৱ বৰবৰাই ।

এই ঘটনাৰ পাছতে তেওঁক নিলম্বন কৰা হয় । বৰবৰাৰ  নিলম্বন কৰাৰ পাছতে পাণবজাৰ থানা নতুন ভাৰপ্ৰাপ্ত বিষয়া হিচাপে মনজিৎ তেৰাঙক নিযুক্তি দিয়া হৈছে । ক্ষেত্ৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে আছিল মনজিৎ তেৰাং । আৰক্ষী বিষয়াজনে যুৱক জনক প্ৰহাৰ কৰাৰ সময়ত ‘মাৰি পেলাম, মাৰি পেলাম’ বুলি কোৱাও শুনা গৈছিল ।এই ঘটনাৰ ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ লগে লগে সামাজিক মাধ্যমত ব্যাপক চৰ্চা আৰম্ভ হয় । প্ৰায় সংখ্যক লোকেই আৰক্ষী বিষয়া গৰাকীৰ এই কাৰ্যক তীব্ৰ ভাষাৰে গৰিহনা দিয়ে ।

ইফালে জ্ঞানদীপ কাণ্ডৰ পাছতেই ইটোৰ পাছত সিটো ক’লা অধ্য়ায় পোহৰলৈ আহিছে আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাৰ। এটা দুটা নহয় বহুকেইটা দুষ্কাৰ্য কৰিও সাৰি গৈছিল এইজন আৰক্ষী বিষয়া। ৯ বছৰ পূৰ্বে আন এক কু-কাণ্ড সংঘটিত কৰি থৈছিল শেহতীয়াকৈ পাণবজাৰ থানাৰ নিলম্বিত OC ভাৰ্গৱ বৰবৰাই। গোৱালপাৰাৰ এজন যুৱকক ভাৰ্গৱ বৰবৰাই হত্যা কৰাৰ অভিযোগ।

আৰক্ষীৰ এই আচৰণক লৈ সামজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া  প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । আৰক্ষীয়ে অপ্ৰয়োজনীয়ভাৱে শক্তি প্ৰয়োগ কৰাকলৈ এক প্ৰকাৰে অসন্তুষ্টি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই । সামাজিক মাধ্যমৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘অসম আৰক্ষীয়ে ৰাজপথত সাধাৰণ নাগৰিকৰ বিৰুদ্ধে অপ্ৰয়োজনীয়ভাৱে শক্তি প্ৰয়োগ কৰা উচিত নহয় ৷’

 

মহিলাৰ বাবে মহৌষধ গুড়, এইদৰে খালে লাভ কৰিব অনন্য উপকাৰ
জ্বলি থকা চাকি ভুলতো নিজে নুমাই নিদিব! হ'ব সৰ্বনাশ...
এই জন্তুক খাদ্য খুৱালে মুক্তি লাভ কৰিব শনি দোষৰ পৰা, জানক সবিশেষ...
সপ্তাহৰ এই ৩টা দিনত গৰুক খুওৱাক ৰুটি, পাব আচৰিত ফলাফল!