5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

প্ৰসংগ প্ৰাক্তন মন্ত্ৰী নগেন নেওগৰ হত্যাকাণ্ড: CBIয়ে গ্ৰেপ্তাৰ কৰিলে প্ৰাক্তন আলফা অমৰ সিঙক

১৯৯৬ চনৰ ৬ মে'ত গোলাঘাটৰ শিঙিজানত সংঘটিত হৈছিল প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিত্ত মন্ত্ৰী অজন্ত নেওগৰ স্বামী নগেন নেওগৰ হত্যাকাণ্ড।এই হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত আছিল অমৰ সিং। নিম্ন আদালতে তেওঁক সশ্ৰম কাৰাদণ্ড বিহিছিল। কিন্তু এই ৰায়ৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত জনোৱা পুনৰ বিচাৰৰ আবেদনৰ ভিত্তিত ন্যায়ালয়ে ২০১৩ বৰ্ষত তেওঁক দোষমুক্ত ঘোষণা কৰে।

প্ৰসংগ প্ৰাক্তন মন্ত্ৰী নগেন নেওগৰ হত্যাকাণ্ড:  CBIয়ে গ্ৰেপ্তাৰ কৰিলে প্ৰাক্তন আলফা অমৰ সিঙক
CBIয়ে গ্ৰেপ্তাৰ কৰিলে প্ৰাক্তন আলফা অমৰ সিঙক
trishna-kalita
Trishna Kalita | Published: 19 Oct 2024 14:37 PM

প্ৰাক্তন আলফা নেতা অমৰ সিং ওৰফে অৰূপ কোঁৱৰক গ্ৰেপ্তাৰ। শুকুৰবাৰে নিশা গোলাঘাটৰ পুলিবৰ বগৰীজেঙৰ নিজ বাসগৃহৰ পৰা ৪ জনীয়া কেন্দ্ৰীয় অনুসন্ধানকাৰী দলটোৱে গ্ৰেপ্তাৰ কৰে সিঙক। প্ৰাক্তন মন্ত্ৰী নগেন নেওগৰ হত্যাকাণ্ডত অভিযুক্ত আছিল অৰূপ কোঁৱৰ।

১৯৯৬ চনৰ ৬ মে’ত গোলাঘাটৰ শিঙিজানত সংঘটিত হৈছিল প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিত্ত মন্ত্ৰী অজন্ত নেওগৰ স্বামী নগেন নেওগৰ হত্যাকাণ্ড।এই হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত আছিল অমৰ সিং। নিম্ন আদালতে তেওঁক সশ্ৰম কাৰাদণ্ড বিহিছিল। কিন্তু এই ৰায়ৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত জনোৱা পুনৰ বিচাৰৰ আবেদনৰ ভিত্তিত ন্যায়ালয়ে ২০১৩ বৰ্ষত তেওঁক দোষমুক্ত ঘোষণা কৰে।

পুনৰ ২০১৫ বৰ্ষত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল নগেন নেওগৰ পৰিয়াল । সেই অভিযোগৰ ভিত্তিত শুকুৰবাৰে কলকাতাৰ পৰা অহা চি বি আইৰ এটা ৯ জনীয়া দলে দিনজোৰা সোধা-পোছাৰ অন্তত গ্ৰেপ্তাৰ কৰি লৈ যায় গুৱাহাটীলৈ । শনিবাৰে গুৱাহাটীৰ সত্ৰ আদালতত হাজিৰ কৰাই কলিকতালৈ লৈ যোৱাৰ সম্ভাৱনা আছে অমৰ সিঙক ।

তাৰ পাছতে আকৌ চৰ্চালৈ আহিছে আজিৰ পৰা ২৮ বছৰৰ পূৰ্বে সংঘটিত এই ৰাজনৈতিক হত্যাকাণ্ড। সেইদিনা আছিল ১৯৯৬ চনৰ ৬ মে’।দুদিনৰ পূৰ্বে অনুষ্ঠিত হৈ গৈছিল অসম বিধানসভাৰ নিৰ্বাচন। সন্ধিয়া হওহও সময়ত গোলাঘাটৰ ঘৰলৈ উভতিছিল মন্ত্ৰী নগেন নেওগ। বৰুৱা গাঁৱৰ পৰা তেওঁ ঘৰলৈ উভতাৰ পথত লগত আছিল তেওঁৰ নিৰাপত্তাৰক্ষী। সেই সময়ত নেওগৰ সৈতে ছজন নিৰাপত্তাৰক্ষী আছিল । ফৰকাটিং বালিজান চাৰিআলিৰ পৰা শিঙিজান কাঠৰ দলং পাইছিলহি নেওগৰ কনভয়।

সেই সময়তে পূৰ্বৰে পৰা খাপ পিটি থকা ঘাতকে চাৰিওফালৰ পৰা ভয়ংকৰ আক্ৰমণ চলাইছিল। প্ৰায় ১৫ মিনিট সময় আক্ৰমণ চলাই আঁতৰি গৈছিল ঘাতকৰ দল। বাহনৰ ভিতৰতে পৰি ৰৈছিল মন্ত্ৰী নগেন নেওগসহ ৭জনৰ নিথৰ দেহ। আক্ৰমণকাৰীয়ে কাঢ়ি লৈ গৈছিল মন্ত্ৰীজনৰ নিৰাপত্তাৰক্ষীৰ অস্ত্ৰ-শস্ত্ৰ।

এই আক্ৰমণৰ আঁৰত আছিল আলফা। প্ৰথমে অসম আৰক্ষীয়ে এই সমগ্ৰ আক্ৰমণৰ অনুসন্ধান কৰিছিল। আক্ৰমণৰ আঁৰত আছিল সেই সময়ৰ গোলাঘাট জিলাৰ আলফা কমাণ্ডাৰ অৰূপ কোঁৱৰ ওৰফে টুটু ওৰফে অমৰ সিং। পৰৱৰ্তী সময়ত অমৰ সিঙক গ্ৰেপ্তাৰ কৰা হৈছিল। চিবিআইয়ে দাখিল কৰা অভিযোগনামাৰ ভিত্তিত নিম্ন আদালতে তেওঁক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিছিল৷ আলফাৰ এম্বুছত মৃত্যু হোৱা নগেন নেওগ আছিল গোলাঘাটৰ এজন প্ৰতিষ্ঠিত কংগ্ৰেছ নেতা। এই সময়ছোৱাত কংগ্ৰেছীসকলক প্ৰায়ে আলফাই আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। কিয়নো ৰাজ্যত কংগ্ৰেছী শাসনকালতেই আলফাৰ বিৰুদ্ধে জোৰদাৰ অভিযান চলিছিল।

Latest News