DB Stock Trading Scam : ‘ট্ৰেডিঙৰ নামত বিনিয়োগকাৰীক কৰা হৈছিল প্ৰতাৰণা’, মনালিছা দাসৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰিলে চিবিআইয়ে…
ডিবি ষ্টক কনচালটেন্সীৰ প্ৰতিনিধি মনালিছা দাসৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰে চিবিআইয়ে । চাৰ্জশ্বীটত চিবিআইয়ে অভিযোগ কৰিছে যে, মনালিছা দাসে ট্ৰেডিঙৰ নামত বিনিয়োগকাৰীক প্ৰতাৰণা কৰিছিল ।
অনলাইন ট্ৰেডিং কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ডিবি ষ্টক কনচালটেন্সীৰ প্ৰতিনিধি মনালিছা দাসৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰে চিবিআইয়ে । এই চাৰ্জশ্বীটত চিবিআইয়ে অভিযোগ কৰিছে যে, মনালিছা দাসে ট্ৰেডিঙৰ নামত বিনিয়োগকাৰীক প্ৰতাৰণা কৰিছিল । উল্লেখ্য যে, ডিবি ষ্টক ট্ৰেডিং কেলেংকাৰীত গ্ৰেপ্তাৰ হোৱা প্ৰথম গৰাকী অভিযুক্ত আছিল মনালিছা দাস । ইতিমধ্যে বিশেষ ন্যায়াধীশৰ ওপৰত মনালিছা দাসৰ বিৰুদ্ধে চাৰ্ডশ্বীট দাখিল কৰিছে চিবিআইয়ে ।
ডিবি ষ্টক ব্ৰকিং বিনিয়োগ কেলেংকাৰীৰ মূল অভিযুক্ত দীপাংকৰ বৰ্মনৰ সহযোগী হিচাপে মনালিছা দাসে কাম কৰাৰ অভিযোগ উত্থাপন হৈছিল । এই গৰাকী অভিযুক্ত মনালিছা দাসৰ বিৰুদ্ধে দাখিল কৰা চাৰ্জশ্বীটত চিবিআইয়ে অভিযোগ কৰিছে যে, কোম্পানীটোৱে অসমত জমা আঁচনিৰ বাবে কেইবাজনো বিনিয়োগকাৰীক প্ৰতাৰণা কৰিছিল।
ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ এগৰাকী মুখপাত্ৰই জানিবলৈ দিয়া অনুসৰি, অনিয়ন্ত্ৰিত জমা আঁচনি নিষিদ্ধকৰণ আইন, ২০১৯ৰ ধাৰা ২১(১), ২১(২) আৰু ২১(৩); ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৪০৯; ভাৰতীয় ন্যায় সংহিতা, ২০২৩ ৰ ধাৰা ৩১৬(৫)ৰ অধীনত মনালিছা দাসৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰা হৈছে ।
উল্লেখ্য যে, যোৱা অক্টোবৰ মাহৰ শেষৰফালে অসম চৰকাৰৰ পৰামৰ্শ অনুসৰি ট্ৰেডিং কেলেংকাৰী গোচৰৰ তদন্তৰ দায়িত্ব চিবিআইয়ে লৈছিল । ইতিমধ্যে চিবিআইয়ে এই ট্ৰেডিং কেলেংকাৰী সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে । সংস্থাটোৰ মতে, ‘২০১৮ চনৰ পৰা ট্ৰেডিং কেলেংকাৰী অভিযুক্ত সকলে নিশ্চিত ৰিটাৰ্ণৰ প্ৰস্তাৱ দি কেইবাজনো জমাকাৰীৰ পৰা যথেষ্ট পৰিমাণৰ ধন সংগ্ৰহ কৰিছিল। বিনিময়ত তেওঁলোকে বিনিয়োগকাৰীসকলক লেনদেনৰ প্ৰমাণ হিচাপে ১০০ টকাৰ ডাকটিকট কাগজত এক্সিকিউট কৰা নথি-পত্ৰ প্ৰদান কৰিছিল।’
মুখপাত্ৰগৰাকীয়ে কয় যে, অৱশ্যে বিগত মাহত বহু বিনিয়োগকাৰীয়ে অনিয়মিত ধন পৰিশোধ কৰাৰ কথা জনাইছে । ইয়াৰ লগতে কেইবাজনো বিনিয়োগকাৰীয়ে প্ৰতিশ্ৰুতি দিয়া অনুসৰি ৰিটাৰ্ণ সম্পূৰ্ণৰূপে লাভ কৰা নাই । উল্লেখ্য যে, যোৱা ২২ আগষ্টত ট্ৰেডিং কেলেংকাৰীৰ গোচৰত মনালিছা দাসক গ্ৰেপ্তাৰ কৰিছিল অসম আৰক্ষীয়ে । এই গোচৰত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা প্ৰথমজন অভিযুক্ত আছিল মনালিছা দাস । বৰ্তমান মনালিছা দাস ন্যায়িক জিম্মাত আছে।