Online Trading Scam Case : পাঁচখন অনিয়ন্ত্ৰিত জমা আঁচনিৰ নামত ধন সংগ্ৰহ কৰিছিল দীপাংকৰে, চাৰ্জশ্বীটত গুৰুতৰ অভিযোগ CBI ৰ

৪০০ কোটি টকা ট্ৰেডিং কেলেংকাৰী সংঘটিত কৰা কথিত মাষ্টাৰমাইণ্ড দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে শনিবাৰে দ্বিতীয়খন পৰিপূৰক চাৰ্জশ্বীট দাখিল কৰে চিবিআইয়ে । এই চাৰ্জশ্বীটত গুৰুতৰ অভিযোগ উত্থাপন কৰিছে চিবিআইয়ে ।

Online Trading Scam Case : পাঁচখন অনিয়ন্ত্ৰিত জমা আঁচনিৰ নামত ধন সংগ্ৰহ কৰিছিল দীপাংকৰে, চাৰ্জশ্বীটত গুৰুতৰ অভিযোগ CBI ৰ

চিবিআই

Published: 

01 Feb 2025 22:04 PM

ডিবি ষ্টক কনচালটেন্সীৰ কোম্পানীৰ জৰিয়তে ৪০০ কোটি টকা ট্ৰেডিং কেলেংকাৰী সংঘটিত কৰা কথিত মাষ্টাৰমাইণ্ড দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে শনিবাৰে দ্বিতীয়খন পৰিপূৰক চাৰ্জশ্বীট দাখিল কৰে চিবিআইয়ে । এই চাৰ্জশ্বীটত গুৰুতৰ অভিযোগ উত্থাপন কৰিছে চিবিআইয়ে । গুৱাহাটী বিশেষ আদালতত দাখিল কৰা এই চাৰ্জশ্বীটত বিচিআইয়ে অভিযোগ কৰিছে যে, দীপাংকৰ বৰ্মনে বিনিয়োগকাৰীক উচ্চ হাৰত ধন পৰিশোধ কৰাৰ প্ৰতিশ্ৰুতি দি পাঁচখন অনিয়ন্ত্ৰিত জমা আঁচনিৰ নামত জমা ধন সংগ্ৰহ কৰি আহিছিল ।

উল্লেখ্য যে, এই কেলেংকাৰী সংঘটিত কৰা অভিযোগত যোৱা বছৰৰ ২৭ অক্টোবৰত দীপাংকৰক গোৱাৰ পৰা গ্ৰেপ্তাৰ কৰিছিল পাণবজাৰ আৰক্ষীৰ এটা দলে । শনিবাৰে চিবিআইৰ মুখপাত্ৰই এক বিবৃতিত কয় যে, ‘মনালিছা দাস, চাবিন বৰ্মন, দীপালী তালুকদাৰ আৰু মুকেশ আগৰৱালা নামৰ চাৰিজন অভিযুক্ত ব্যক্তিৰ বিৰুদ্ধে ইতিমধ্যে অভিযোগনামা দাখিল কৰা হৈছে আৰু তেওঁলোকৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া চলি আছে ।

বিবৃতিটোত কোৱো হৈছে যে, “অভিযুক্ত ব্যক্তিসকলে বিনিয়োগকাৰীৰ পৰা উচ্চ হাৰত বিনিয়োগৰ ধন পৰিশোধ কৰা প্ৰতিশ্ৰুতি দি ধন সংগ্ৰহ কৰিছিল । অভিযোগ উত্থাপন হৈছিল এই ধন সংগ্ৰহৰ প্ৰমাণ হিচাপে বিনিয়োগকাৰীক ১০০ টকা ষ্টাম্প পেপাৰ প্ৰদান কৰা হৈছিল । কিন্তু ২০২৪ চনৰ জুন মাহৰ পৰা তেওঁলোকে পেমেণ্ট অনিয়মিত হোৱা বুলি উল্লেখ কৰিছিল আৰু বহু ক্লায়েণ্টে পেমেণ্ট লাভ কৰা নাছিল ।”

উল্লেখ্য যে, অসম চৰকাৰে ৪১ টা গোচৰ চিবিআইলৈ হস্তান্তৰ কৰিছিল । বিভিন্ন গোটৰ অভিযুক্তৰ বিৰুদ্ধে এই গোচৰসমূহ ৩৫ খন এফআইআৰত পুনৰ পঞ্জীয়ন কৰিছিল চিবিআইয়ে । মুখপাত্ৰগৰাকীয়ে বিবৃতিটোৰ জৰিয়তে জানিবলৈ দিয়া অনুসৰি, ৰঞ্জিত কাকতি (ট্ৰেডিং এফএক্স), বিশাল ফুকন/ চুমী বৰা (পাৰ্চেলিয়া কনচালটেন্সি), দীপাংকৰ বৰ্মন (ডিবি ষ্টক), গোপাল পাল (এজেআৰএছ মাৰ্কেটিং) আদিৰ গোচৰকে ধৰি ২০টা গোচৰত আজিলৈকে চাৰ্জশ্বীট দাখিল কৰিছে চিবিআইয়ে।

পাকঘৰত আছে নেকি এইসমূহ সামগ্ৰী? তেন্তে আজিয়েই কৰক আঁতৰ...
দেৱী সৰস্বতী বিবাহিত নে অবিবাহিত?
সৰস্বতী পূজাৰ দিনা কি কি খাব নালাগে, জানেনে?
তীৰ্থ যাত্ৰাত হোৱা মৃত্যুই কিহৰ সংকেত দিয়ে জানেনে?