ট্ৰেডিং কেলেংকাৰী: CBIৰ বিশেষ আদালতত ৬টা গোচৰ পঞ্জীয়ন, FIRত চুমি, বিশাল আন কেইবাজনৰো নাম | cbi registered 6 cases in special court on online trading scam assam Assam news - Assam Tv9

ট্ৰেডিং কেলেংকাৰী: CBIৰ বিশেষ আদালতত ৬টা গোচৰ পঞ্জীয়ন, FIRত চুমি, বিশাল আন কেইবাজনৰো নাম

শুকুৰবাৰে বিয়লি ডিব্ৰুগড় থানাত উপস্থিত হয় CBIৰ ৫ জনীয়া দল। ডিব্ৰুগড় থানাত উপস্থিত হৈয়ে কেই মুহূৰ্তমানৰ পিছতে চুমি-বিশালৰ ফাইল হাতত তুলি ল’লে CBIৰ ৫ জনীয়া দলটোৱে। CBIৰ ৫ জনীয়া দলটোৱে তন্ন-তন্নকৈ ডিব্ৰুগড়ৰ আৰক্ষীৰ পৰা ল’লে চুমি-বিশাল-তাৰ্কিকৰ প্ৰতিটো আপডেট।

ট্ৰেডিং কেলেংকাৰী: CBIৰ বিশেষ আদালতত ৬টা গোচৰ পঞ্জীয়ন, FIRত চুমি, বিশাল আন কেইবাজনৰো নাম

ট্ৰেডিং কেলেংকাৰি

Updated On: 

19 Oct 2024 13:07 PM

ৰাজ্য কঁপোৱা ট্ৰেডিং কেলেংকাৰীৰ CBI তদন্ত আৰম্ভ৷ ট্ৰেডিং কেলেংকাৰীৰ ৪১টা গোচৰৰ তদন্ত আৰম্ভ CBIৰ।প্ৰথমে দীপাংকৰ বৰ্মনৰ কেলেংকাৰী তদন্ত আৰম্ভ হোৱাৰ লগতে বিশাল, চুমি, তাৰ্কিকক জে’লতেই জেৰা চলাব CBI-এ৷ কাৰাগাৰতে CBIৰ মাৰাথন জেৰাৰ সন্মুখীন চুমি-তাৰ্কিক-বিশাল। ট্রেডিং কেলেংকাৰীৰে জড়িত ৬টা গোচৰ পঞ্জীয়ন CBIৰ। FIR ত চুমি, বিশাল, তাৰ্কিক সহ আছে আন কেইবাজনৰো নাম। CBIৰ বিশেষ আদালতত ৰুজু গোচৰসমূহ নাম সাঙোৰ খাইছে অভিনেত্ৰী-ইনফ্লুৱেঞ্চাৰৰ লগতে আন বহু লোকৰ নাম।

ইয়াৰ পূর্বে অসম আৰক্ষীয়ে ৩৬টা গোচৰ হস্তান্তৰ কৰিছিল CBIক। ইয়াৰে ৬টা গোচৰ আনুষ্ঠানিকভাৱে আদালতত পঞ্জীয়ন। শুকুৰবাৰে বিয়লি ডিব্ৰুগড় থানাত উপস্থিত হয় CBIৰ ৫ জনীয়া দল।
ডিব্ৰুগড় থানাত উপস্থিত হৈয়ে কেই মুহূৰ্তমানৰ পিছতে চুমি-বিশালৰ ফাইল হাতত তুলি ল’লে CBIৰ ৫ জনীয়া দলটোৱে। CBIৰ ৫ জনীয়া দলটোৱে তন্ন-তন্নকৈ ডিব্ৰুগড়ৰ আৰক্ষীৰ পৰা ল’লে চুমি-বিশাল-তাৰ্কিকৰ প্ৰতিটো আপডেট।

উল্লেখযোগ্য যে, ৩৫২/২০২৪ নম্বৰত পঞ্জীকৃত গোচৰ গ্ৰহণ কৰি তদন্তকাৰী সংস্থাটোৱে আগবঢ়াই নিছে তদন্ত। চুমি-বিশাল আৰু তাৰ্কিকক লগতে ৰঞ্জিত কাকতিৰ গোচৰো গ্ৰহণ কৰিব CBIএ। ৰঞ্জিত কাকতিৰ ট্ৰেডিং এফ এক্সৰ তদন্ত কৰিব CBIএ। গ্ৰামোন্নয়নৰ চাকৰি এৰি ট্ৰেডিং এফ এক্সৰ জৰিয়তে সাধাৰণ লোকৰ ১২০০ কোটি টকা লুটিপুতি খোৱা জীৱন ফুকন নগৰৰ ৰঞ্জিত কাকতিৰ জালিয়াতি ফাদিল হ’ব CBI ৰ তদন্তত।

ইতিমধ্যে CBIএ খুলিছে পলাতক মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মনৰ ফাইল। পিতৃ-মাতৃক জে’লত বন্দী হৈ থকা সময়তে পলাই থকা দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে আছে ৭ হাজাৰ কোটি টকা লুণ্ঠনৰ অভিযোগ। গুৱাহাটীৰ মাজমজিয়াৰ বৰা ছাৰ্ভিচত অফিচ পাতি দীপাংকৰে বহু লোকৰ পৰা লুটি নিলে ৭ হাজাৰ কোটি টকা। কিন্তু বৰ্তমান দীপাংকৰ ক’ত পলাই আছে তাৰ কোনো তথ্য নাই অসম আৰক্ষীৰ হাতত।

CBIয়ে শুকুৰবাৰে সমগ্ৰ অসমত চলি থকা অনলাইন ট্ৰেডিং কেলেংকাৰীৰ সৈতে জড়িত ছটা গোচৰ পঞ্জীয়ন কৰে। CBIয়ে পঞ্জীয়ন কৰা গোচৰ RC 221 2024 E 0013ৰ RC 221 2024 E 0018, লগতে Banning of Unregulated Deposits Schemes Act 2019 (অনিয়ন্ত্ৰিত জমা আঁচনি নিষিদ্ধকৰণ আইন, ২০১৯) সৈতে ভাৰতীয় ন্যায় সংহিতা আৰু ভাৰতীয় দণ্ড বিধিৰো ধাৰা লগোৱা হৈছে।

Bhool Bhulaiyaa 3ত পিটবুল, দিলজিৎ আৰু কাৰ্তিকৰ যাদু
এইদৰে ৰান্ধক দাইল, নহ'ব ইউৰিক এচিডৰ সমস্যা
সূৰ্যদেৱৰ মন্ত্ৰ জপ কৰাৰ সঠিক নিয়ম কি?
দেৱালীৰ দিনটোত নকৰিব এইবোৰ ভুল