কিয় নিষিদ্ধ কৰিব নালাগে? আলফালৈ কাৰণ দৰ্শোৱাৰ জাননী কেন্দ্ৰৰ, ৩০ দিনত দিব লাগিব উত্তৰ

আলফাক কাৰণ দৰ্শোৱাৰ জাননী কেন্দ্ৰীয় চৰকাৰ। অহা ৩০ দিনৰ ভিতৰত সংগঠনটোৱে ইয়াৰ উত্তৰ দি ক'ব লাগিব যে কিয় আলফাক নিষিদ্ধ কৰিব নালাগে।

কিয় নিষিদ্ধ কৰিব নালাগে? আলফালৈ কাৰণ দৰ্শোৱাৰ জাননী কেন্দ্ৰৰ, ৩০ দিনত দিব লাগিব উত্তৰ

আলফা (স্বা)

Published: 

04 Feb 2025 13:43 PM

আলফা (স্বা) কাৰণ দৰ্শোৱাৰ জাননী কেন্দ্ৰীয় চৰকাৰৰ। সোমবাৰে কেন্দ্ৰীয় চৰকাৰে এই জাননী জাৰি কৰি সংগঠনটোক কিয় নিষিদ্ধ কৰিব নালাগে তাৰ উত্তৰ দিবলৈ কয়। লগতে ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে আলফাক ৩০ দিনৰ সময় বান্ধি দিয়ে। জানিব পৰা মতে, কেন্দ্ৰীয় চৰকাৰে এই কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰি আলফাৰ লগতে প্ৰতিটো শাখা, উপ-সংগঠনকো ইয়াৰ উত্তৰ দিবলৈ কয়। আলফাৰ সকলো গোটক সামৰি এই জাননী প্ৰেৰণ কৰা হৈছে।

জাননীত উল্লেখ থকা অনুসৰি, আগন্তুক ৫ বছৰৰ বাবে আলফা (স্বা)ক কেন্দ্ৰই নিষিদ্ধ কৰাৰ চিন্তা চলাইছে। ২০২৪ চনৰ ২৭ নৱেম্বৰৰ পৰা কাৰ্যকৰী হৈ আহিছে এই নিষেধাজ্ঞা। এনে ক্ষেত্ৰত সংগঠনটোৱে ৩০ দিনৰ ভিতৰত ইয়াৰ উত্তৰ বা আপত্তি লিখিত ৰূপত UAPAৰ পঞ্জীয়কৰ ওচৰত জমা দিব লাগিব। কাৰণ দৰ্শোৱাৰ জাননীত কেন্দ্ৰই স্পষ্টকৈ উল্লেখ কৰে যে, আলফাই ইয়াৰ বাবে বৈধভাৱে কৰ্তৃত্বপ্ৰাপ্ত প্ৰতিনিধি প্ৰেৰণ কৰিব পাৰিব। অথবা অধিবক্ত বা আইন উপদেষ্টাৰো সহায় ল’ব লাগিব। ইয়াৰ উত্তৰ দিবলৈ আলফাৰ প্ৰতিনিধি ৪ মাৰ্চৰ ৩ বজাৰ ভিতৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ট্ৰিবিউনেলত উপস্থিত হ’ব লাগিব। ন্যায়ালয়ৰ ২নং আদালতত ট্ৰিবিউনেলত প্ৰতিনিধি প্ৰেৰণৰ নিৰ্দেশ কেন্দ্ৰৰ।

উল্লেখ্য যে, ১৯৭৯ চনত গঠন হোৱা আলফাক ১৯৯০ চনত প্ৰথমবাৰৰ বাবে নিষিদ্ধ ঘোষণা কৰা হৈছিল। তাৰ পাছত সময়ে সময়ে ইয়াৰ নিষেধাজ্ঞা বৃদ্ধি কৰি অহা হৈছে। যোৱা বৰ্ষৰ নৱেম্বৰ মাহতো কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে আলফাৰ ওপৰত ৫ বছৰৰ নিষেধাজ্ঞা জাৰি কৰিছিল।

কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে নৱেম্বৰ মাহত এক জাননী জাৰি কৰি কৈছিল যে, আলফাই ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ প্ৰতি ক্ষতিকাৰক কামত জড়িত। কাৰণ এই সংগঠনটোৱে অসমৰ ভাৰতৰ পৰা বিচ্ছিন্ন কৰিব বিচাৰে আৰু এই উদ্দেশ্য আগত লৈ হৈ বিভিন্ন অপৰাধমূলক কাম-কাজ কৰি আহিছে। লগতে অন্যান্য বিদ্ৰোহী সংগঠনৰ সৈতেও সম্পৰ্ক বজাই ৰাখিছে। ২০১৯ চনৰ ২৭ নৱেম্বৰৰ পৰা ২০২৪ চনৰ ১ জুলাইলৈকে অসমত হোৱা বিস্ফোৰণৰ লগতে প্ৰায় ১৬ টা গোচৰত আলফা জড়িত হৈ আছে।

গৃহ মন্ত্ৰালয়ে লগতে কয় যে, ২০১৯ চনৰ ২৭ নৱেম্বৰৰ পৰা ১ জুলাই, ২০২৮ল লৈ ৩জন কেডাৰক আৰক্ষী বা নিৰাপত্তাৰক্ষীয়ে হত্যা কৰিছিল। এই কেডাৰ কেইজনৰ বিৰুদ্ধে প্ৰায় ১৫ টাকৈ গোচৰ ৰুজু হৈ আছিল। ইয়াৰোপৰি ৫৬ জন কেডাৰক গ্ৰেপ্তাৰ আৰু ৬৩ জনে আত্মসমৰ্পন কৰিছিল। এইসকলৰ পৰা ২৭ বিধ অস্ত্ৰ-শস্ত্ৰ, ৫১৫টা ৰাউণ্ড গুলী, ৯টা গ্ৰেনেড আৰু দুটা ইম্প্ৰভাইজড বিস্ফোৰক উদ্ধাৰ কৰা হৈছিল।

 

অন্য খবৰ পঢ়কঃ পুনৰ ৫ বছৰৰ বাবে আলফাৰ ওপৰত নিষেধাজ্ঞা জাৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ

চীন, জাপান, আমেৰিকাৰ দৰে দেশক অতিক্ৰম কৰিলে ভাৰতীয় ৰে'লৱেয়ে
গংগাৰ পানী কিয় কেতিয়াও দূষিত নহয়? পোহৰলৈ আহিল কাৰণ...
ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা আছে আমলখিৰ, জানক উপকাৰিতাৰ বিষয়ে
সকলোৰে প্ৰিয় মাখানাৰ উপকাৰিতাৰ বিষয়ে জানেনে?