কেন্দ্ৰীয় কেবিনেটৰ অনুমোদনঃ ১০,৬০১ কোটি টকা ব্যয় সাপেক্ষে নামৰূপত স্থাপন হ’ব ইউৰিয়া প্ৰকল্প
Urea plant in Assam: অসমত স্থাপন হ'ব ইউৰিয়া প্ৰকল্প। বুধবাৰে কেন্দ্ৰীয় কেবিনেটে এই প্ৰকল্পত অনুমোদন জনায়। ইয়াৰ ফলত অসমত ইউৰিয়া উৎপাদন ক্ষমতা বৃদ্ধি হ'ব লগতে ই নিয়োগ সৃষ্টিও কৰিব।

অসমবাসীৰ বাবে ভাল খবৰ। অসমত স্থাপন হ’ব ইউৰিয়া প্ৰকল্প। বুধবাৰে কেন্দ্ৰীয় কেবিনেটে অসম প্ৰস্তাৱিত ইউৰিয়া প্ৰকল্পত অনুমোদন জনায়। শস্যৰ মুখ্য পুষ্টিৰ বাবে ব্যৱহাৰ হোৱা ইউৰিয়া আমদানি হ্ৰাস কৰা আৰু এই ক্ষেত্ৰত ভাৰতৰ স্বাৱলম্বী কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে কেন্দ্ৰীয় কেবিনেটে প্ৰায় ১০,৬০১ কোটি টকা ব্য়য় সাপেক্ষে অসমত ইউৰিয়া প্ৰকল্প স্থাপনৰ বাবে অনুমোদন জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এই কেবিনেট বৈঠকত অসমৰ নামৰূপ সাৰ কাৰখানাৰ বৰ্তমানৰ চৌহদৰ ভিতৰত বাৰ্ষিক ১২.৭ লাখ টন ইউৰিয়া উৎপাদন ক্ষমতাৰ নতুন ব্ৰাউনফিল্ড এমোনিয়া-ইউৰিয়া প্লান্ট স্থাপনৰ অনুমোদন জনায়।
এই নতুন প্ৰকল্পটো নামৰূপৰ ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যন লিমিটেড (বিভিএফচিএল)ৰ বৰ্তমানৰ চৌহদত স্থাপন হ’ব। প্ৰকল্পটো যুটীয়া খণ্ডত স্থাপন কৰা হ’ব। ইয়াৰ বাবে ঋণ আৰু ইকুইটি অনুপাত হ’ব ৭০:৩০। নামৰূপ সাৰ কাৰখানাৰ এই চতুৰ্থ প্ৰকল্পটো আৰম্ভ কৰাৰ বাবে সামগ্ৰীকভাৱে ৪৮ মাহৰ সময় নিৰ্ধাৰণ কৰা হৈছে। কেবিনেট বৈঠকৰ অন্তত মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই কথা সদৰি কৰে।
ইয়াৰ লগতে কেবিনেটে ৰাজহুৱা উদ্যোগ বিভাগৰ (ডিপিই) নিৰ্দেশনাত নিৰ্ধাৰিত সীমা শিথিল কৰি নেশ্যনেল ফাৰ্টিলাইজাৰ্ছ লিমিটেডৰ (এনএফএল) ইকুইটি অংশগ্ৰহণৰ ১৮ শতাংশ অনুমোদন জনায়। লগতে নামৰূপত চতুৰ্থ সাৰ কাৰখানা স্থাপনৰ চোৱা চিতাৰ বাবে এখন আন্তঃমন্ত্ৰালয় সমিতি (আই এম চি) গঠনত অনুমোদন জনোৱা হয়।
এই প্ৰকল্পত অসম চৰকাৰৰ ৪০ শতাংশ ইকুইটি, বিভিএফচিএলৰ ১১ শতাংশ, হিন্দুস্তান উৰভাৰক এণ্ড ৰসায়ন লিমিটেডৰ ১৩ শতাংশ অংশীদাৰিত্ব থকাৰ বিপৰীতে নেশ্যনেল ফাৰ্টিলাইজাৰছ লিমিটেড (এনএফএল) আৰু অইল ইণ্ডিয়া লিমিটেডৰ ১৮ শতাংশ অংশীদাৰিত্ব থাকিব বুলি চৰকাৰী বিবৃতিত জনাইছে।
উল্লেখ্য যে, অসমত স্থাপন হ’বলগীয়া এই প্ৰকল্পৰ বাবে দেশত বিশেষকৈ উত্তৰ পূৱত ইউৰিয়া উৎপাদন ক্ষমতা বৃদ্ধি পাব। লগতে ই উত্তৰ-পূৰ্বাঞ্চল, বিহাৰ, পশ্চিম বংগ, পূব উত্তৰ প্ৰদেশ, আৰু ঝাৰখণ্ডত ইউৰিয়া সাৰৰ ক্ৰমবৰ্ধমান চাহিদা পূৰণ কৰিব।
ইমানেই নহয়, এই প্ৰকল্প স্থাপন হ’লে অঞ্চলটোৰ লোকসকলৰ বাবে প্ৰত্যক্ষ আৰু পৰোক্ষ নিযুক্তিৰ পথ মুকলি হ’ব। উল্লেখ কৰা প্ৰয়োজন যে, বিগত কেইটামান বছৰত ইউৰিয়াৰ ঘৰুৱা উৎপাদন বৃদ্ধিৰ বাবে কেন্দ্ৰই বহু পদক্ষেপ গ্ৰহণ কৰি আহিছে। যাৰ বাবে ২০২৩-২৪ বিত্তীয় বৰ্ষত ইউৰিয়া উৎপাদনৰ বাৰ ৩১৪.০৯ লাখ টনলৈ বৃদ্ধি পায়। ২০১৪-১৫ বিত্তীয় বৰ্ষত ইয়াৰ পৰিমাণ আছিল ২২৫ লাখ টন।