গিবনত হ’ব তেল-গেছৰ অন্বেষণমূলক খনন, অনুমোদন জনালে কেন্দ্ৰই…
যোৰহাট জিলাত থকা হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ অন্তৰ্গত অঞ্চলত তেল আৰু গেছ অন্বেষণৰ বাবে অনুমোদন জনাইছে কেন্দ্ৰই । কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী ভূপেন্দৰ যাদৱৰ অধ্যক্ষতাত ৰাষ্ট্ৰীয় বন্যপ্ৰাণী ব’ৰ্ডৰ স্থায়ী সমিতিয়ে যোৱা ২১ ডিচেম্বৰত অনুষ্ঠিত বৈঠকত বেদান্ত গ্ৰুপৰ কেয়াৰ্ন অইল এণ্ড গেছৰ এই প্ৰস্তাৱত অনুমোদন জনায় বুলি বৈঠকৰ কাৰ্যবিৱৰণীত উল্লেখ কৰা হৈছে।
হোলোঙাপাৰ গিবন অভয়াৰণ্যত তেল আৰু গেছৰ অন্বেষণ কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে ৰাষ্ট্ৰীয় বন্যপ্ৰাণী ব’ৰ্ডৰ স্থায়ী সমিতিয়ে । যোৰহাট জিলাত থকা হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ অন্তৰ্গত অঞ্চলত তেল আৰু গেছ অন্বেষণৰ বাবে অনুমোদন জনাইছে কেন্দ্ৰই । কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী ভূপেন্দৰ যাদৱৰ অধ্যক্ষতাত ৰাষ্ট্ৰীয় বন্যপ্ৰাণী ব’ৰ্ডৰ স্থায়ী সমিতিয়ে যোৱা ২১ ডিচেম্বৰত অনুষ্ঠিত বৈঠকত বেদান্ত গ্ৰুপৰ কেয়াৰ্ন অইল এণ্ড গেছৰ এই প্ৰস্তাৱত অনুমোদন জনায় বুলি বৈঠকৰ কাৰ্যবিৱৰণীত উল্লেখ কৰা হৈছে।
অসমৰ মুখ্য বনাঞ্চল (বন্যপ্ৰাণী) সংৰক্ষক আৰু মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেনে যোৱা বছৰৰ আগষ্ট মাহত “ৰাষ্ট্ৰীয় স্বাৰ্থ”ৰ উল্লেখ কৰি প্ৰকল্পটোৰ বাবে ক্লিয়াৰেন্সৰ পৰামৰ্শ দিছিল। কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ বন পৰামৰ্শদাতা সমিতিয়েও যোৱা বছৰৰ ২৭ আগষ্টত অনুষ্ঠিত হোৱা বৈঠকত নীতিগত অনুমোদন প্ৰদান কৰিছিল।
এন বি ডব্লিউ এলৰ বৈঠকৰ কাৰ্যবিৱৰণী অনুসৰি, যোৱা ১৫ নৱেম্বৰত কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়, ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠান (WII), আৰু অসম বন বিভাগৰ বিষয়াৰে গঠিত এটা দলে অভয়াৰণ্যখনৰ পৰা প্ৰায় ১৩ কিলোমিটাৰ দূৰত্বত অৱস্থিত প্ৰকল্পস্থলী পৰিদৰ্শন কৰে। পৰিদৰ্শন সমিতিয়ে অন্বেষণমূলক খননৰ ফলত অভয়াৰণ্য নূন্যতম ক্ষতি হব বুলি উল্লেখ কৰিছিল যদিও বাণিজ্যিক খননৰ অনুমতি দিয়া নহ’ব বুলি কয়।
বেদান্ত গ্ৰুপে এই স্থানত কোনো ধৰণৰ বাণিজ্যিক খনন কৰা নহ’ব বুলি লিখিত আশ্বাস দিছে। মন্ত্ৰালয়ৰ এজন জ্যেষ্ঠ বিষয়াই আঙুলিয়াই দিয়ে যে, অন্বেষণমূলক খনন হাইড্ৰ’কাৰ্বন নিষ্কাশনৰ এক মূল পদক্ষেপ, যাৰ ফলত বাণিজ্যিক খনন হ’ব পাৰে। বিষয়াসকলে কয় যে, বেদান্ত গ্ৰুপে প্ৰতিশ্ৰুতি দিছে যে সেই স্থানত অন্বেষণ কেৱল হাইড্ৰ’কাৰ্বন মজুত চিনাক্তকৰণৰ বাবেহে হ’ব। যদি মজুত আৱিষ্কাৰ হয়, তেন্তে ইক-চেনচিটিভ এলেকাৰ বাহিৰৰ পৰা খনন কৰা হ’ব।
অন্বেষণ প্ৰক্ৰিয়াৰ সময়ত কোনো বিপদজনক পদাৰ্থ ব্যৱহাৰ কৰা নহ’ব বুলিও কোম্পানীটোৱে আশ্বাস দিয়ে বুলি বিষয়াসকলে জনায়। অসম-নগালেণ্ড সীমান্তৰ বিবাদিত এলেকাত এই প্ৰকল্পস্থলী আছে বুলি তেওঁলোকে জানিবলৈ দিয়ে।
হোলোঙাপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্যৰ আয়তন ২০.৯৮ বৰ্গ কিলোমিটাৰ । আনহাতে ইয়াৰ ইক-চেনচিটিভ এলেকাত প্ৰায় ২৬৪.৯২ বৰ্গ কিলোমিটাৰ বিস্তৃত।