পুনৰ ৫ বছৰৰ বাবে আলফাৰ ওপৰত নিষেধাজ্ঞা জাৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ
পুনৰ আলফাৰ ওপৰত বৃদ্ধি নিষেধাজ্ঞা। ।দি নিয়ন্ত্ৰণ কৰা নহয় তেন্তে আলফা নামৰ এই সংগঠনটো পুনৰ সংগঠিত হ'ব পাৰে। সংগঠনটো পুনৰ গা কৰি উঠাৰ লগতে কেডাৰ সম্প্ৰসাৰিত কৰিব পাৰে আৰু অত্যাধুনিক অস্ত্ৰ শস্ত্ৰ ক্ৰয় কৰিব।
কেন্দ্ৰীয় চৰকাৰে পুনৰ ৫ বছৰৰ বাবে নিষেধাজ্ঞা জাৰি কৰিলে আলফা (ULFA) ৰ ওপৰত। কেন্দ্ৰীয় চৰকাৰে ২৭ নৱেম্বৰ, ২০২৪ চনৰ পৰা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ পুনৰ ৫ বছৰৰ বাবে ইউনাইটেড লিবাৰেশ্যন ফ্ৰন্ট অৱ অসম (আলফা)ৰ ওপৰত নিষেধাজ্ঞা বৃ্দ্ধি কৰিছে। সোমবাৰে গৃহ মন্ত্ৰালয়ে এক জাননী জাৰি কৰি এই কথা উল্লেখ কৰিছে। শেহতীয়াকৈ এই নিষেধাজ্ঞা বৃদ্ধি কৰি গৃহ মন্ত্ৰালয়ে কয় যে, আলফাৰ প্ৰতিটো গোট, শাখা, সংগঠনৰ সৈতে জড়িত সকলো ভাৰতৰ সাৰ্বভৌমত্বক আৰু অখণ্ডতাৰ বাবে ক্ষতিকাৰক কামত জড়িত হৈ আহিছে। আলফাই অসমত পৃথক কৰাৰ কথা কয় নিজৰ সংগঠনৰ সদস্যসকলে ভাবুকি, ধন দাবী , হিংসাৰ বাবে আন উগ্ৰপন্থী সংগঠনৰ সৈতে সম্পৰ্ক বজাই ৰাখিছে।
সোমবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এক জাননীত উল্লেখ কৰিছে যে কেন্দ্ৰীয় চৰকাৰৰ তথ্যত প্ৰকাশ হৈছে হৈছে আলফা (স্বা)ৰ ওচৰত অবৈধভাৱে অস্ত্ৰ শস্ত্ৰ আৰু গোলা,বাৰুদ আছে। ২০১৯ চনৰ পৰা ২০২৪চ চনৰ ১ জুলাইলৈ সংগঠনটোৱে কেইবাটাও বিস্ফোৰণ, বিস্ফোৰক সামগ্ৰী সংস্থাপনকে ধৰি প্ৰায় ১৬ টা অপৰাধমূলক গোচৰৰ সৈতে লিপ্ত হৈছে। উল্লেখ কৰা প্ৰয়োজন যে এই সংগঠনটোৱে স্বাধীনতা দিৱসৰ আগলৈকে অসমত কেইবাটাও বিস্ফোৰক সামগ্ৰী স্থাপন কৰা বুলি দাবী কৰিছে।
জাননীক এয়াও উল্লেখ কৰিছে যে, আৰক্ষী বা নিৰাপত্তা বাহিনীৰ পদক্ষেপত ৩ জন দুধৰ্ষ কেডাৰক হত্যা কৰা, কেডাৰৰ বিৰুদ্ধে ৩ খন অভিযোগ পত্ৰ দাখিল কৰা, ১৫ টা গোচৰ পঞ্জীয়ন কৰা, ২০১৯ চনৰ ২৭ নৱেম্বৰৰ পৰা ২০২৪ চনৰ ১ জুলাইলৈ ৩ জন কেডাৰৰ বিৰুদ্ধে গোচৰ ৰুজু, আন ২৭ টা অপৰাধমূলক কাৰ্যকালাপত জড়িত থকাৰ সৈতে আলফা জড়িত আছিল। জাননীত লগতে উল্লেখ কৰা হৈছে যে, অসম চৰকাৰে বে-আইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন, ১৯৬৭ (১৯৬৭ ৰ ৩৭)ৰ অধীনত আলফাক বে- আইনী সংগঠন হিচাপে ঘোষণা কৰাৰ পৰামৰ্শ জাৰি কৰিছে।
গৃহ মন্ত্ৰালয়ৰ পৰা জাৰি কৰা জাননীত লগতে উল্লেখ কৰে যে, কেন্দ্ৰীয় চৰকাৰে আলফাৰ ওপৰত ওপৰোক্ত কাৰ্যকলাপৰ বাবে ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ বাবে ক্ষতিকাৰক। যদি এইবোৰ লগে লগে নিয়ন্ত্ৰণ কৰা নহয় তেন্তে আলফা নামৰ এই সংগঠনটো পুনৰ সংগঠিত হ’ব পাৰে। সংগঠনটো পুনৰ গা কৰি উঠাৰ লগতে কেডাৰ সম্প্ৰসাৰিত কৰিব পাৰে আৰু অত্যাধুনিক অস্ত্ৰ শস্ত্ৰ ক্ৰয় কৰিব।গতিকে এনে কাণ্ডৰ ফলত অসামৰিক লোক আৰু নিৰাপত্ত বাহিনীৰলোকে প্ৰাণ হেৰুৱাব পাৰ। ইয়াৰ ফলত ৰাষ্ট্ৰ বিৰোধী কাৰ্যকলাপ ত্বৰান্বিত হ’ব পাৰে বুলিও কেন্দ্ৰীয় চৰকাৰে উদ্বেগ প্ৰকাশ কৰিছে। যাৰ বাবে আলফাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰে কেন্দ্ৰীয় চৰকাৰে। উল্লেখ্য যে, ১৯৯০ চনত প্ৰথমবাৰৰ বাবে আলফাক নিষিদ্ধ ঘোষণা কৰিছিল। তাৰ পাছত সময়ে সময়ে নিষেধাজ্ঞা বৃদ্ধি কৰি আহিছে।