5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

আত্মসমৰ্পন! এইজনে পানীলৈ ঠেলি দিছিল মনোজক, ক’লে কাৰণ…

প্ৰাণৰ মমতাত নাৱৰ যাত্ৰীসকলে চিঞৰি আছিল আৰু তেতিয়াই ভগৱানৰ দূত ৰূপী মনোজে ব্ৰহ্মপুত্ৰত জঁপিয়াই পৰিছিল। এজন এজনকৈ ৪ জনলোকক উদ্ধাৰ কৰি ভাগৰি পৰিছিল মনোজ। পৰৱৰ্তী সময়ত নাৱত উঠি মনোজে নিজৰ প্ৰাণ ৰক্ষা কৰিব বিচাৰিছিল যদিও এজনলোকে তেওঁ নাৱত উঠিব দিয়া নাছিল।

আত্মসমৰ্পন! এইজনে পানীলৈ ঠেলি দিছিল মনোজক, ক’লে কাৰণ…
নাও দুৰ্ঘটনা
barasha-sarma
Barasha Sarma | Published: 20 Nov 2024 13:03 PM

অৱশেষত আত্মসমৰ্পন কৰিলে তিনিচুকীয়া চাবুৱাৰ নাও দুৰ্ঘটনাত জড়িত মানৱ ৰূপী দানৱ অমৰিশ মিপুনে। বুধবাৰে পুৱা জোনাই থানাত আত্মসমৰ্পন কৰি নিজৰ দোষ স্বীকাৰ কৰিলে তেওঁ। বৰ্তমান সময়ত অধিক সোধা পোছাৰ বাবে জোনাই আৰক্ষী থানাত ৰখা হৈছে অমৰিশ মিপুনক।পৰৱৰ্তী সময়ত তিনিচুকীয়া আৰক্ষী থানাৰ সৈতে যোগাযোগ কৰি তিনিচুকীয়ালৈ প্ৰেৰণ কৰিব অমৰিশ মিপুনক।

উল্লেখ কৰা প্ৰয়োজন যে, দেওবাৰে তিনিচুকীয়া চাবুৱাত সংঘটিত হৈছিল এক মৰ্মান্তিক ঘটনা। আনৰ জীৱন বচোৱা মনোজ পৰইয়া নামৰ লোকজনক এজনলোকে নাৱত উঠাত বাধা প্ৰদান কৰিছিল। বাৰে বাৰে নাৱত উঠিবলৈ চেষ্টা কৰা মনোজক এজনলোকে ভৰিৰে লথিয়াই লথিয়াই ডিব্ৰু নৈৰ বুকুত পেলাই দিছিল। তেতিয়াৰ পৰা সন্ধানহীন হৈ আছে মনোজ। ইয়াৰ বিপৰীতে এই সমগ্ৰ কাণ্ডৰ ভিডিঅ’ ভাইৰেল হৈছিল ছ’চিয়েল মিডিয়াত। তাৰ পাছতেই আৰক্ষীয়ে অভিযুক্তক বিচাৰি অভিযান আৰম্ভ কৰিছিল যদিও ঘটনাৰ মূল অভিযুক্ত পলাতক অৱস্থাত আছিল।

কেইবাদিন ধৰি  পলায়ন কৰাৰ পাছত আজি ঘটনাৰ মূল অভিযুক্ত অমৰিশ মিপুনে আত্মসমৰ্পন কৰে। তেওঁ কয় যে, ব্যক্তিগত সংঘাতৰ বাবে তেওঁ এনে কাণ্ড সংঘটিত কৰিছে।  কিছুদিন পূৰ্বে মাছ ধৰাক কেন্দ্ৰ কৰি অমৰিশ আৰু মনোজৰ মাজত কাজিয়া হৈছিল। সেই কাজিয়াৰ পৰিণতিতেই অমৰিশে মনোজক নাৱত উঠিব দিয়া নাছিল।

ঘটনাৰ বিৱৰণী অনুসৰি সূদূৰ লাইকাৰ পৰা এখন নাৱৰ দ্বাৰা কেইবাজনোলোক দেওবাৰে পানীতোলাৰ দিনজানৰ দেওবৰীয়া বজাৰলৈ বুলি আহিছিল। কিন্তু আবেলিৰ ভাগত বজাৰ কৰি উভতাৰ পথতেই  সংঘটিত ভৰা নৈত সংঘটিত হয় এই শোকাবহ নাও  দুৰ্ঘটনা।দিনজান ঘাটৰ পৰা এখন নাৱেৰে একাংশ যাত্ৰীক দধীয়া লাইকা অভিমুখে লৈ গৈছিল। ১০গৰাকী যাত্ৰীৰ বোজা সহিব নোৱাৰি নাওখন লাহে লাহে পানীৰ মাজত সোমাই গৈছিল।

প্ৰাণৰ মমতাত নাৱৰ যাত্ৰীসকলে চিঞৰি আছিল আৰু তেতিয়াই ভগৱানৰ দূত ৰূপী মনোজে ব্ৰহ্মপুত্ৰত জঁপিয়াই পৰিছিল। এজন এজনকৈ ৪ জনলোকক উদ্ধাৰ কৰি ভাগৰি পৰিছিল মনোজ। পৰৱৰ্তী সময়ত নাৱত উঠি মনোজে নিজৰ প্ৰাণ ৰক্ষা কৰিব বিচাৰিছিল যদিও এজনলোকে তেওঁ নাৱত উঠিব দিয়া নাছিল। বাৰে বাৰে ঠেলি তেওঁ মনোজক পানীত পেলাই দিছিল। সেই তেতিয়াৰ পৰা সন্ধানহীন হৈ আছে মনোজ। আৰক্ষী, এছ ডি আৰ এফ, এন ডি আৰ এফ বাহিনীয়ে মনোজক বিচাৰি অভিযান চলাইছে যদিও এতিয়ালৈকে তেওঁক উদ্ধাৰ কৰিব পৰা নাই। এই সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

 

Latest News