ভেলাঘৰত আধুনিকতাৰ পৰশ- ইতিবাচক, নেতিবাচক ইত্যাদি
বৰ্তমান সময়ত ভেলাঘৰ সজাৰ আৰ্হিৰ ব্যাপক পৰিৱৰ্তন ঘটিছে । ভেলাঘৰে নতুন ৰূপ পোৱাটোৰ যোগাত্মক আৰু বিয়োগাত্মক দুয়োটা দিশেই অৱশ্যে আছে ।
চাওঁতে চাওঁতে পুহ বাগৰি মাঘ সোমাবৰ হ’ল । পথাৰৰ লখিমীৰে ভঁৰাল ভৰিল অসমীয়াৰ । এতিয়া সময় ভোগালীক আদৰাৰ । চহা অসমীয়াৰ মন এতিয়া উগুল-থুগুল । ভাগে ভাগে চিৰা-পিঠা প্ৰস্তুত কৰিছে ঘৰৰ জীয়ৰী-বোৱাৰীহঁতে । গাঁওবোৰ, চুবুৰীবোৰ এতিয়া ঢেঁকীৰ চাবত মুখৰিত হৈ পৰিছে । পথাৰত চেঙেলীয়া আৰু ডেকাহঁতৰ কিৰিলি । এইকেইদিন ব্যস্ততাৰ সীমা নাই ।
কোনোৱে নৰা কাটিছে, কোনোৱে বাঁহ গোটাইছে, কোনোৱে খৰি ফালিছে মুঠতে ভোগালীক আদৰাৰ প্ৰস্তুতি তুংগত উঠিছে । এফালে ভেলাঘৰ বা হাৰলি ঘৰ সজাৰ কাম আৰম্ভ হৈছে । লগে লগে চলিছে মেজি সজাৰ কামো । উৰুকাৰ নিশা ভেলাঘৰত ভোজ-ভাত খাই বিহুৰ দিনা পুৱাতেই সকলোৱে সভক্তিৰে মেজি দাহ কৰি অগ্নি দেৱতাৰ সেৱা ল’ব ।
মেজি আৰু ভেলাঘৰ মাঘ বিহুৰ অবিচ্ছেদ্য অংগ । গ্ৰামাঞ্চলত থকা লোকে মেজি সাজিবলৈ খৰিৰ লগতে পৰ্যাপ্ত স্থানো পায় । কিন্তু চহৰাঞ্চলৰ লোকৰ বাবে কথাটো কিছু সুকীয়া । কাৰণ চহৰত ডাঙৰকৈ একোটা মেজি সাজি দাহ কৰাৰ বাবে ঠাই আৰু খৰি গোটোৱা দুয়োটায়ে সহজে সম্ভৱ নহয় । কিন্তু বিহুৰ আবেগ সিৰে সিৰে বৈ থকা অসমীয়াই চহৰতো সৰুকৈ হ’লেও মেজি জ্বলাই নিয়ম কৰে । ভেলাঘৰৰ এটা নিজা আকাৰ আছে, নিজস্ব ৰূপ আছে । আজি আমি তাকেই আলোচনা কৰিব খুজিছো ।
ভেলাঘৰ নিৰ্মাণে আমাৰ মাজত এক ভাতৃত্ববোধৰ চেতনাও আনি দিয়ে । কিয়নো অকলে ভেলাঘৰ সজাৰ কাম কৰা নাযায় । গাঁৱৰ ডেকা-চেমনীয়া সকলো মিলি নৰা কটা, বাঁহ কটাৰ পৰা খৰি গোটোৱালৈকে সকলো কাম কৰে । গতিকে এই সময়ত সকলোৱে একেলগে ঐতিহ্য ৰক্ষাৰ চেষ্টাত ব্ৰতী হয় । বৰ্তমান সময়ত আধুনিকতাৰ পৰশতেই বোলক বা প্ৰতিযোগিতামুখী মনোভাৱৰ বাবেই বোলক অসমীয়াৰ ভেলাঘৰটোৱে এক পৃথক ৰূপ পাইছে । বিভিন্ন ঐতিহাসিক কীৰ্তি চিহ্নৰ লগতে গাড়ী, উৰাজাহাজ, ট্ৰেইন, চন্দ্ৰযান আদি বিভিন্ন আৰ্হিৰে ভেলাঘৰ প্ৰস্তুত কৰা দেখা গৈছে ।
বহুতেই সামাজিক মাধ্যমতেই হওক বা সাধাৰণ আলাপতেই হওক ভেলাঘৰে নতুন ৰূপ পোৱাকলৈ অসন্তুষ্টি প্ৰকাশ কৰা দেখা যায় । আন বহুতে আকৌ থলুৱা যুৱকে ভেলাঘৰ নিৰ্মাণত দেখুওৱা নিজৰ কলাসুলভ প্ৰতিভাৰ শলাগ লয় । ভেলাঘৰটো সাধাৰণতে দীঘ আৰু প্ৰস্থ সমান কৰি সজা হয় । নৰাৰে বেৰা দি ওপৰত নৰাৰেই চালি দিয়া হয় । বহুতেই দৌলৰ আকৃতিৰেও ভেলাঘৰ সাজে । মেজি সাজিবলৈ বাঁহ, তামোল গছ নাইবা কলগছ ব্যৱহাৰ কৰা হয় । বহুতে শংকু আকৃতিৰ মেজি সাজে । মেজিৰ একেবাৰে ওপৰত আগলি কলপাত এখন বা বাঁহৰ আগ এটা ৰখা হয় । কিন্তু বৰ্তমান সময়ত ভেলাঘৰ সজাৰ আৰ্হিৰ ব্যাপক পৰিৱৰ্তন ঘটিছে । ভেলাঘৰে নতুন ৰূপ পোৱাটোৰ যোগাত্মক আৰু বিয়োগাত্মক দুয়োটা দিশেই অৱশ্যে আছে ।
এফালৰ পৰা চালে, আধুনিকতাৰ পৰশত বৰ্তমান সময়ত ভেলাঘৰে যি ৰূপ পাইছে, সেই ৰূপে নতুন প্ৰজন্মক প্ৰকৃত ভেলাঘৰটো চিনি লোৱাত বাধাৰ সৃষ্টি কৰিব পাৰে । উদাহৰণ স্বৰূপে বৰ্তমানৰ এটি শিশুক অভিভাৱকে যদি হেলিকপ্টাৰৰ আৰ্হিৰ এটি ভেলাঘৰ দেখুৱায় বা তেনে কোনো আৰ্হিৰে নিৰ্মিত ভেলাঘৰৰ সৈতে পৰিচয় কৰায় দিয়ে তেন্তে শিশুটিৰ মনত ভেলাঘৰৰ ছবিখন সেই ৰূপেই থাকি যাব । পাছত যদি প্ৰকৃত ভেলাঘৰ এটা দেখুৱাই তেওঁ এইটো ভেলাঘৰ বুলি কোৱা হয় তেন্তে তেওঁৰ মনত সন্দেহ জাগিব প্ৰকৃত কোনটো নিৰ্ধাৰণ কৰাত ।
আনহাতে, হস্তকলাৰ ব্যৱহাৰেৰে থলুৱা যুৱকসকলে আটকধুনীয়াকৈ নিৰ্মাণ কৰা ভেলাঘৰত তেওঁলোকৰ প্ৰতিভা প্ৰতিফলিত হয় । অসমৰ যুৱকে বাঁহ আৰু নৰাকো যে তেনে এক ৰূপ দিব পাৰে সেয়া প্ৰমাণ হয় । মেজিৰ ক্ষেত্ৰটো এই কথাষাৰেই প্ৰযোজ্য ।
বহুতেই আপত্তি কৰা দেখা যায় যে, উৰুকাৰ ৰাতি ভোজ-ভাত খাই বিহুৰ দিনা পুৱা জ্বলাই দিয়া মেজিটোৰ আৰ্হি বা পৰৱৰ্তী সময়ত জ্বলাই দিয়া ভেলাঘৰৰ আৰ্হি যেতিয়া কোনো স্মৃতিসৌধৰ দৰে হয়, তেতিয়া সেই স্মৃতিসৌধক অপমান কৰা হয় । এই আপত্তিৰো থল নোহোৱা নহয় । অসমৰ অন্যতম চিনাকী ৰংঘৰৰ আৰ্হিত ভেলাঘৰ এটা সাজি যদি জ্বলাই দিয়া হয় তেন্তে অসমীয়া হিচাপে আমি জানো সহিব পাৰিম !
অৱশ্যে যেতিয়াৰ পৰাই এই ক্ষেত্ৰত সামাজিক মাধ্যমত চৰ্চা হবলৈ ধৰিলে তেতিয়াৰ পৰাই এনেদৰে সজা ভেলাঘৰৰ ক্ষেত্ৰত বহুতে এটা ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হল । ভেলাঘৰটো পোনে পোনেই নজ্বলাই প্ৰথমে ভাঙি তাৰ পাছতহে তাত ব্যৱহৃত নৰা, শুকান কলপাত, বাঁহ আদিবোৰ জ্বলাই দিয়ে ।
প্ৰচাৰ আৰু প্ৰতিযোগিতাৰ দিশটো আগত ৰাখি ভিন্ন আৰ্হিৰ ভেলাঘৰ সাজিলেও ইয়াৰ স্বকীয়তাক ধৰি ৰখাটোও আমাৰেই দায়িত্ব । যদি অসমীয়াই ভেলাঘৰৰ ঐতিহ্য ধৰি নাৰাখো তেন্তে কোনো অনাঅসমীয়াই ইয়াক ধৰি ৰাখিবলৈ নাহে । অসমীয়াক অনুসৰণ কৰিহে অসমত থকা অনা অসমীয়া আগবাঢ়িব অসমৰ ঐতিহ্যক আঁকোৱালি ল’বলৈ ।