5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

চৰাইদেউৰ বিজেপি নেতাৰ চৰম পন্থা গ্ৰহণৰ গোচৰত আটক মহিলা সাংবাদিক

চৰাইদেউৰ বিজেপি নেতা দেৱজিৎ হাজৰিকাৰ আত্মহননৰ গোচৰত সোণাৰি আৰক্ষীয়ে আটক কৰিছে এগৰাকী মহিলা সংবাদকৰ্মীক। দেৱজিৎ হাজৰিকাৰ চুইচাইড নোটৰ ভিত্তিত আৰক্ষীয়ে মহিলা সংবাদকৰ্মীগৰাকীক আটক কৰিছে।

চৰাইদেউৰ বিজেপি নেতাৰ চৰম পন্থা গ্ৰহণৰ গোচৰত আটক মহিলা সাংবাদিক
আত্মহননৰ পথ লোৱা বিজেপি নেতা দেৱজিৎ হাজৰিকা
Follow Us
monjit-dutta
Monjit Dutta | Published: 20 Sep 2024 19:47 PM

চৰাইদেউ জিলাৰ এগৰাকী বিজেপি নেতাৰ আত্মহত্যাৰ ঘটনাক কেন্দ্ৰ কৰি আজি সৃষ্টি হৈছিল ব্যাপক চাঞ্চল্যৰ। আত্মহননৰ দৰে চৰম পন্থা গ্ৰহণ কৰা বিজেপি নেতাগৰাকীয়ে মৃত্যুৰ পূৰ্বে লিখি থৈ যোৱা চুইচাইড নোট উদ্ধাৰৰ পিছতে ঘটনাই আন এক মূৰ লৈছিল। এই চুইচাইড নোটত দেৱজিৎ হাজৰিকা নামৰ বিজেপি নেতাগৰাকীয়ে দুৰ্নীতিৰ অভিযোগ তুলি এগৰাকী সংবাদকৰ্মীয়ে তেওঁক মানসিকভাৱে হাৰাশাস্তি কৰি অহা বুলি অভিযোগ কৰিছিল। আনহাতে দেৱজিৎ হাজৰিকাৰ পত্নীয়েও তেওঁৰ স্বামী এক বৃ্হৎ ষড়যন্ত্ৰৰ বলি হোৱা বুলি দাবী কৰাৰ লগতে তেওঁক হত্যা কৰা বুলিও অভিযোগ কৰিছিল।

দেৱজিৎ হাজৰিকাৰ চুইচাইড নোটৰ অভিযান চলাই কিছুসময় পূৰ্বে আৰক্ষীয়ে আটক কৰিছে এই ঘটনাৰ সৈতে নাম সাঙোৰ খোৱা মহিলা সংবাদকৰ্মীগৰাকীক। সোণাৰি আৰক্ষীয়ে অভয়পুৰৰ পৰা সংবাদকৰ্মীগৰাকীক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। সূত্ৰ অনুসৰি, ঘটনাৰ বিষয়ে পোহৰলৈ অহাৰ পিছতে মহিলা সংবাদকৰ্মীগৰাকীয়ে পলায়নৰ চেষ্টা চলাইছিল যদিও সোণাৰি আৰক্ষীয়ে তেওঁক কৰায়ত্ব কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে আজি পুৱা সোণাৰিৰ ৰজাপুখুৰী পঞ্চায়ত কাৰ্যালয়ৰ সমীপত উদ্ধাৰ হৈছিল পঞ্চায়তৰ সভাপতি তথা বিজেপি নেতা দেৱজিৎ হাজৰিকাৰ মৃতদেহ। পঞ্চায়তৰ কামত দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱাৰ বাবে মানসিকভাৱে ভাগি পৰি তেওঁ আত্মহননৰ সিদ্ধান্ত লয় বুলি জানিব পৰা গৈছিল। চুইচাইড নোটত তেওঁ এগৰাকী সাংবাদিকে এই অভিযোগেৰে দীৰ্ঘদিন ধৰি মানসিক হাৰাশাস্তি কৰি অহা বুলি অভিযোগ কৰিছিল।

ইফালে আজি পুৱা দেৱজিত হাজৰিকাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে তেওঁৰ পত্নীয়ে স্বামীৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতিৰ অভিযোগ সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন বুলি দাবী কৰিছিল। তেওঁ লগতে স্বামী দেৱজিতৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগ সন্দৰ্ভত পূৰ্বেও তদন্ত হৈছিল বুলি উল্লেখ কৰিছিল। কিন্তু এই তদন্তৰ কোনো নথি পত্ৰ তেওঁলোকক দিয়া হোৱা নাছিল বুলি দেৱজিৎ হাজৰিকাৰ পত্নীয়ে উল্লেখ কৰিছিল।

তদুপৰি স্বামী দেৱজিতে সম্পূৰ্ণৰূপে সমাজসেৱাত নিজকে সপি দিয়া বুলি উল্লেখ কৰি তেওঁৰ পত্নীয়ে লগতে এনে ভুৱা অভিযোগেৰে তেওঁক মানসিক হাৰাশাস্তি কৰি থকা অভিযোগ কৰিছিল। দেৱজিৎ হাজৰিকা কোনো বৃ্হৎ ষড়যন্ত্ৰৰ বলি হোৱাৰ লগতে তেওঁক হত্যা কৰা হৈছে বুলিও অভিযোগ কৰিছিল পত্নীয়ে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিবলৈ তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছিল।

মৃত দেৱজিতৰ পত্নীৰ লগতে স্থানীয় বিধায়ক তথা বিজেপি নেতা ধৰ্মেশ্বৰ কোঁৱৰেও দেৱজিৎ হাজৰিকাৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতিৰ অভিযোগ নাকচ কৰি ঘটনাৰ তদন্তৰ দাবী জনাইছিল। দেৱজিৎ হাজৰিকাৰ কাৰ্যকালত ৰজাপুখুৰী পঞ্চায়তে ৰাজ্যৰ ভিতৰতে এখন আগশাৰীৰ পঞ্চায়ত হিচাপে স্বীকৃতি পোৱা বুলি উল্লেখ কৰি এনে এগৰাকী ব্যক্তি কেতিয়াও এনে দুৰ্নীতিত জড়িত হ’ব নোৱাৰে বুলি বিধায়কগৰাকীয়ে মন্তব্য কৰিছিল।

এতিয়া সোণাৰি আৰক্ষীয়ে মৃত দেৱজিৎ হাজৰিকাৰ চুইচাইড নোটৰ ভিত্তিত অভিযুক্ত সংবাদকৰ্মীগৰাকীক আটক কৰাৰ পিছত এই সমগ্ৰ ঘটনাৰ ৰহস্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। উদ্ধাৰ হোৱা চুইচাইড নোটত আন চাৰিগৰাকী ব্যক্তিৰ নামো উল্লেখ থকা বুলি সূত্ৰই প্ৰকাশ কৰিছে। ঘটনা সন্দৰ্ভত সম্প্ৰতি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Latest News