5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

জনতাৰ মূৰত মাধমাৰ! ব্যয়বহুল হ’ল GMCHৰ চিকিৎসা সেৱা

১ আগষ্টৰ পৰা GMCHত বৃদ্ধি হ’ল ৰোগীৰ চিকিৎসা সেৱা মাচুল। বৃদ্ধি হ’ল চৰকাৰী চিকিৎসালয়ৰ মাচুল। ২০–২৫ শতাংশলৈ চিকিৎসাৰ মাচুল বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে স্বাস্থ্য বিভাগে। গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ১০০ৰ পৰা ৩০০ শতাংশ মাচুল বৃদ্ধি৷

জনতাৰ মূৰত মাধমাৰ! ব্যয়বহুল হ’ল GMCHৰ চিকিৎসা সেৱা
ব্যয়বহুল হ’ল GMCHৰ চিকিৎসা সেৱা
trishna-kalita
Trishna Kalita | Published: 02 Aug 2024 10:47 AM

পুনৰ দৰিদ্ৰ জনতাৰ ওপৰত পুনৰ মাধমাৰ চৰকাৰৰ৷। ১ আগষ্টৰ পৰা GMCHত বৃদ্ধি হ’ল ৰোগীৰ চিকিৎসা সেৱা মাচুল। বৃদ্ধি হ’ল চৰকাৰী চিকিৎসালয়ৰ মাচুল। ২০–২৫ শতাংশলৈ চিকিৎসাৰ মাচুল বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে স্বাস্থ্য বিভাগে। গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ১০০ৰ পৰা ৩০০ শতাংশ মাচুল বৃদ্ধি৷ ৰা GMCHত নতুন নিৰিখ দিব লাগিব পৰীক্ষাসমূহত। প্ৰতিটো পৰীক্ষাতে বৃদ্ধি ২০-৫০ শতাংশ মাচুল। ২০০২ চনৰ পিছত ২০২৪ চনত বৃদ্ধি হৈছে এই মাচুল। মাচুল বৃদ্ধিক লৈ জাননী আঁৰিলে GMCH কতৃপক্ষই।

ৰাজ্যৰ চৰকাৰী স্বাস্থ্যখণ্ডৰ একমাত্ৰ সু-চিকিৎসা আৰু আন্তঃগাঁথনিৰে পৰিপূৰ্ণ GMCH। ৰাজ্যৰ জিলাসমুহত বিভিন্ন ৰোগত আক্ৰান্ত উজনি, নামনি সকলো প্ৰান্তৰে ৰোগীয়ে জি এম চি এইছলৈ ঢাপলি মেলে। তেনে ক্ষেত্ৰত দৈনিক হাজাৰ হাজাৰ ৰোীগৰ আগমন ঘটা জি এম চি এইছত পঞ্জীয়ন মাচুলৰ পৰা আৰম্ভ কৰি বিভিন্ন পৰীক্ষাৰ মাচুল ১০০ শতাংশ পৰ্যন্ত বৃদ্ধি হোৱাত দৰিদ্ৰ ৰোগীৰ বাবে ই এক চিন্তাৰ বিষয় হৈ পৰিছে। কেৱল সেয়াই নহয় GMCHত ৰোগীৰ বিভিন্ন পৰীক্ষাও এতিয়াৰে পৰা ব্যয়বহুল হ’ল। চিকিৎসালয়খনত মুঠ ১০৭ টা পৰীক্ষাৰ মাচুল বৃদ্ধি কৰা হৈছে। সেইদৰেই বৃদ্ধি হৈছে পেয়িং কেবিনৰো মাচুল।

চিকিৎসালয় কৰ্তৃপক্ষই জাৰি কৰা জাননী অনুসৰি জি এম চি এইচৰ বায় কেমেষ্ট্ৰিৰ প্ৰতিটো পৰীক্ষাতে ২০ শতাংশ মাচুল বৃদ্ধি কৰা হৈছে। একেদৰে যকৃৎ, বৃক্ক, প্রটিন, এলকহল, ইউৰিক এচিড আদিৰো পৰীক্ষাৰ মাচুল বৃদ্ধি কৰা হৈছে।
চিকিৎসালয়খনত পূৰ্বে থাইৰয়ড পৰীক্ষাৰ মাচুলৰ বিনীময়ত ৰোগীৰ পৰা লোৱা হৈছিল ৬০০ টকা। কিন্তু বৰ্ধিত মাচুলৰ বাবে এতিয়াৰে পৰা ৰোগীয়ে এই পৰীক্ষাৰ বাবে দিব লাগিব ৮০০ টকা। চিকিৎসালয়খনত ব্যয়বহুল আন এক পৰীক্ষা হৈছে ডি ভিটামিন পৰীক্ষা। এই পৰীক্ষাৰ বাবে পূৰ্বে ৰোগীয়ে আদায় দিব লাগিছিল ১,২০০ টকা। এতিয়া এই পৰীক্ষাৰ আৰু অধিক ব্যয়বহুল কৰি ইয়াৰ মাচুল ১,৫০০ টকালৈ বৃদ্ধি কৰা হৈছে। চিকিৎসালয়খনত পূৰ্বে এটা পেয়িং কেবিনৰ বাবে ৰোগীয়ে এদিনৰ বাবদ দিবলগীয়া হৈছিল ১,০০০ টক। এতিয়া ইয়াৰ বাবে দিব লাগিব ১২০০ টকা।

 

চৰকাৰী চিকিৎসালয়ত ১০৭টা বিভিন্ন পৰীক্ষাৰ দাম বৃদ্ধি

• ৰেজিষ্ট্ৰেচনৰ বাবে ১০ টকাৰ ঠাইত ২০ টকা দিব লাগিব
• প্ৰতিখন বিচনাৰ বাবদ ১০টকাৰ ঠাইত দিব লাগিব ২০ টকা
• পেয়িং কেবিনৰ নামত ১০০০ৰ ঠাইত দিব লাগিব ১২০০ টকা
• প্ৰতিখন বিচনাৰ নামত দৈনিক দিব লাগিব ২০ টকা
• D ভিটামিনৰ বাবে পূৰ্বৰ ১২০০ৰ পৰিৱৰ্তে এতিয়া ১৫০০ টকা
• থাইৰয়ডৰ পৰীক্ষাৰ বাবদ ৬০০ৰ পৰিৱৰ্তে ৮০০ টকা
• ইউৰিণ প্ৰ’টিন পৰীক্ষাৰ বাবে ৭৫ টকাৰ পৰিৱৰ্তে দিব লাগিব ১৫০ টকা
• এলবুমিন পৰীক্ষাৰ বাবে ৫০ টকাৰ পৰিৱৰ্তে দিব লাগিব ১০০ টকা
• লিভাৰ পৰীক্ষা ALTত ৪০ টকাৰ পৰিৱৰ্তে দিব লাগিব ১৫০ টকা
• TIBC পৰীক্ষাত ১৫০ টকাৰ পৰিৱৰ্তে দিব লাগিব ৩০০ টকা
• প্ৰ’টিনৰ সম্পূৰ্ণ পৰীক্ষাৰ বাবে দিব লাগিব ৩০০ টকা
• পূৰ্বে প্ৰ’টিনৰ সম্পূৰ্ণ পৰীক্ষাৰ বাবদ দিব লাগিছিল ৯০ টকা

 

আগন্তুক ১৫টা দিনৰ ভিতৰত জি এম চি এইছ কৰ্তৃপক্ষই অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ নিৰ্দেশ অনুসৰিয়েই পেথল’জি, মাইক্রবায়’ল’জি আদি বিভাগৰো বিভিন্ন পৰীক্ষাৰ মাচুল বৃদ্ধি কৰিব।সেইদৰেই আগন্তক সময়ত অৱশিষ্ট প্ৰতিটো বিভাগৰে বিভিন্ন পৰীক্ষাৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছে। কেৱল জি এম চি এইছতে নহয়, ৰাজ্যৰ আন আন চৰকাৰী চিকিৎসালয়তো এইদৰেই বিভিন্ন পৰীক্ষাৰ মাচুল বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

 

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিত জুৰুলা জনসাধাৰণ ওপৰত মাধমাৰ সোধাই যোৱা কেইটামান মাহৰ ভিতৰতে ঔষধ কোম্পানীসমূহে বৃদ্ধি কৰিছিল জীৱনদায়িনী ঔষধৰ মূল্য।ঔষধৰ মূল্য বৃদ্ধিৰ বাবেই ৰোগীয়া ব্যক্তিয়ে প্ৰয়োজনীয় ঔষধ ক্ৰয় কৰিবলৈয়ো এশবাৰ চিন্তা কৰিবলগীয় এক পৰিস্থিতিৰ সূচনা হৈছে।

এনে পৰিস্থিতিত এতিয়া জি এম চি এইছত এইদৰে চিকিৎসাৰ মাচুল বৃদ্ধি হোৱাত এই ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ ওপৰতেই যে মাধমাৰ মাৰিব সেয়া নিশ্চিত। অৱশ্যে জি এম চি এইছৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই দৰিদ্ৰ ৰোগীৰ সন্দৰ্ভত কৰিছে এক গুৰুত্বপূৰ্ণ মন্তব্য। ডাঃ শৰ্মাই সংবাদ মাধ্যমৰ আগত দৰিদ্ৰ ৰোগীৰ সন্দৰ্ভত কয়, ‘আমি দৰিদ্ৰ লোকৰ বিনামূলীয়াকৈ চিকিৎসা কৰিছোঁ। ধন দিবলৈ সক্ষম নোহোৱা ৰোগীসকল আহক আমাৰ ওচৰলৈ। যিমান পাৰোঁ আমি সহায় কৰিম।’

Latest News