শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

জিলা আয়ুক্তৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠকঃ এনে গুৰুত্বপূৰ্ণ বিষয়ত দিলে নিৰ্দেশনা

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি জনতা ভৱনস্থিত লোকসেৱা ভৱনত জিলা আয়ুক্তসকলৰ সৈতে এক ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে এক বৈঠকত মিলিত হয়। এই বৈঠকত অসমৰ আৰ্থ-সামাজিক উন্নয়নত উল্লেখযোগ্য ভূমিকা থকা আঁচনিসমূহ ক্রমে অৰুণোদয় ৩.০, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানকে ধৰি বিভিন্ন বিষয়সমূহ আলোচনা কৰে।

জিলা আয়ুক্তৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠকঃ এনে গুৰুত্বপূৰ্ণ বিষয়ত দিলে নিৰ্দেশনা
গুৰুত্বপূৰ্ণ বৈঠকত মুখমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
monjit-dutta
Monjit Dutta | Published: 06 Feb 2025 22:48 PM

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি জনতা ভৱনস্থিত লোকসেৱা ভৱনত জিলা আয়ুক্তসকলৰ সৈতে এক ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে এক বৈঠকত মিলিত হয়। এই বৈঠকত অসমৰ আৰ্থ-সামাজিক উন্নয়নত উল্লেখযোগ্য ভূমিকা থকা আঁচনিসমূহ ক্রমে অৰুণোদয় ৩.০, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানকে ধৰি বিভিন্ন বিষয়সমূহ আলোচনা কৰে। তদুপৰি মুখ্যমন্ত্ৰীয়ে এডভান্টেজ আছাম ২.০ আৰু ঝুমুৰ নৃত্য অনুষ্ঠানৰ সম্পৰ্কতো আয়ুক্তসকলৰ লগত আলোচনা কৰে।

বৈঠকত মুখ্যমন্ত্রীগৰাকীয়ে প্রতিখন জিলাত জিলা আয়ুক্তসকলৰ পৰা আঁচনিসমূহ ৰূপায়ণৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ লগতে এই আঁচনিসমূহে যাতে ৰাজ্যখনৰ প্ৰতিটো প্রান্তৰে জনসাধাৰণ উপকৃত হ’ব পাৰে সেয়া নিশ্চিত কৰিবলৈ জিলা আয়ুক্তসকলক নির্দেশ দিয়ে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই এতিয়াৰে পৰা অৰুণোদয় ৩.০ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত সমজিলা আয়ুক্তসকলৰ এক গুৰুত্বপূৰ্ণ ভূমিকা থকাৰ কথা উল্লেখ কৰি কয় যে জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিসমূহৰ সদস্য হিচাপে তেওঁলোকে তৃণমূল পৰ্যায়ত ইয়াৰ কাৰ্যকৰীকৰণৰ সু-ব্যৱস্থা কৰিব।

বৈঠকত ঔদ্যোগিকীকৰণ আৰু মহিলা সবলীকৰণৰ জৰিয়তে অর্থনৈতিক স্বাৱলম্বিতা বৃদ্ধিৰ বাবে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আঁচনি দুখনৰ ৰূপায়ণ সন্দর্ভতো বিতংভাৱে পর্যালোচনা কৰা হয়। ৰাজ্যখনৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ আৰ্থ-সামাজিক বিকাশৰ দিশত এই আঁচনিসমূহ সঠিকভাৱে ৰূপায়ণ কৰাটো সুনিশ্চিত কৰিব লাগিব বুলিও মুখ্যমন্ত্রীগৰাকীয়ে কয়।

অৰুণোদয় ৩.০, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান আৰু মুখ্যমন্ত্রী আত্মনিৰ্ভৰ অসম অভিযান সময় নির্দ্ধাৰিতভাৱে সম্পূৰ্ণ কৰাৰ বাবে তেওঁ নির্দেশ দিয়ে। মুখ্যমন্ত্রীগৰাকীয়ে এই ক্ষেত্রত জিলা অভিভাৱক মন্ত্ৰী আৰু বিধায়কসকলৰ সৈতে আলোচনা কৰি আঁচনিসমূহ তৃণমূল পর্যায়ত সঠিকভাৱে ৰূপায়ণ কৰিবলৈও কয়। বৈঠকত তেওঁ গুৱাহাটীত অহা ২৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া গুৰুত্বপূর্ণ সাংস্কৃতিক অনুষ্ঠান ঝুমুৰ নৃত্য প্ৰদৰ্শনৰ জৰিয়তে বিশ্ব অভিলেখ গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে চলোৱা প্রচেষ্টা সম্পর্কতো জিলা আয়ুক্তসকলৰ সৈতে বৈঠকত আলোচনা কৰে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এই ঝুমুৰ নৃত্য প্ৰদৰ্শন ৰাজ্যখনৰ বিভিন্ন বাগানৰ জনসাধাৰণে যাতে উপভোগ কৰিব পাৰে তাৰ বাবে পোনপটীয়া প্ৰচাৰৰ ব্যৱস্থা নিশ্চিত কৰিবলৈ জিলা আয়ুক্তসকলক নির্দেশ দিয়ে। ‘ঝুমুৰ বিনন্দিনী’ নামৰ এই সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে ৰাজ্য চৰকাৰে অসমৰ চাহ উদ্যোগৰ দুশ বছৰীয়া গৌৰৱময় ইতিহাসক প্রতিফলিত কৰাৰ প্ৰয়াস কৰিছে বুলিও মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে।

অনুষ্ঠানত মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, অজন্তা নেওগ, ইউ জি ব্রহ্ম, অশোক সিংহল, যোগেন মহন, জয়ন্ত মল্লবৰুৱা, বিমল বড়া, নন্দিতা গার্লোছা, প্রশান্ত ফুকন, ৰূপেশ গোৱালা, কৌশিক ৰায়, কৃষ্ণেন্দু পালৰ উপৰি মুখ্যসচিব ড° ৰবি কোটা, মুখ্যমন্ত্ৰীৰ প্রধান সচিব ড° কে কে দ্বিবেদীকে ধৰি কেইবাগৰাকীও শীর্ষ বিষয়া উপস্থিত থাকে।