আত্মসহায়ক গোটৰ ২৭ লাখ মহিলাই পাব চৰকাৰী সাহায্য, পলিটেকনিকৰ প্ৰবক্তাৰ অব্যাহতিক লৈ কি ক’লে মুখ্যমন্ত্ৰীয়ে?
আজি জনতা ভৱনত সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সংবাদমেল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰক লৈ ডাঙৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। মহিলা উদ্যমিতা আঁচনিৰ লগতে পলিটেকনিকৰ অংশকালীন প্ৰবক্তাৰ চাকৰি অব্যাহতিক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে।

অসমৰ প্ৰায় ৪০ লাখ গ্ৰাম্য মহিলা উদ্যমীক আৰ্থিক সহযোগিতা প্ৰদানৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে আৰম্ভ কৰিছিল ‘মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান’ আঁচনি। বাজেটত ঘোষণা কৰা মহিলা উদ্যমিতা আঁচনিক লৈ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীয়ে কয়, “এই আঁচনিৰ অধীনত গোট হিচাপে মহিলাসকলে ঋণ লাভ কৰে। মহিলাক লৈ ঘোষণা কৰা এইখন দেশৰে ভিতৰতে এখন বৃহৎ আঁচনি।” প্রধানমন্ত্রী আৱাস যোজনাৰ ঘৰক লৈও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই মুখ্যমন্ত্ৰীয়ে। ইয়াৰ উপৰিও জনতা ভৱনত সংবাদমেল সম্বোধন কৰি আন কেইবাটাও বিষয় অৱগত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰীয়ে কয় যে, মহিলা উদ্যমিতা আঁচনিৰ বাবে এতিয়ালৈ ২৯ লাখ আবেদন আহিছে। ৩১ মাৰ্চৰ ভিতৰত নির্বাচন কৰা হ’ব চূড়ান্ত হিতাধিকাৰীৰ নাম। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, এই জৰিয়তে ৰাজ্যৰ প্ৰায় ২৭ লাখ মহিলাক স্বাৱলম্বী ৰূপে গঢ়ি তুলিবলৈ বিত্তীয় সাহায্য দিয়াৰ পদক্ষেপ লৈছে ৰাজ্য চৰকাৰে। ৩ বছৰত ২৭ লাখ মহিলাক তিনিটা কিস্তিত দিয়া হ’ব ৮৫ হাজাৰ টকাৰ সাহায্য। তেওঁ কয়, ব্যক্তিগতভাৱে এগৰাকী মহিলাসকলক প্ৰথম বছৰত ১০,০০০ টকা দিয়া হ’ব। তাৰ পাছত যদি সেই ধন ভাল কামত ব্যৱহাৰ হয় দ্বিতীয় বৰ্ষত দিয়া হ’ব ২৫,০০০টকা।”
মুখ্যমন্ত্ৰীয়ে সংবাদমেলত জনোৱা মতে, ইয়াৰে ১২৫০০ টকা চৰকাৰী সাহায্য আৰু ১২,৫০০ টকা হ’ব বেংক ঋণ। অন্তিম বছৰত বেংক ঋণ হিচাপে দিয়া হ’ব ৫০,০০০ টকা। ৰাজ্যৰ আত্মসহায়ক গোটৰ সদস্য হিচাপে থকা ৩৬ লাখ মহিলাৰ ভিৰতৰ প্ৰায় ২৭ লাখ মহিলাক এই আঁচনিৰ বাবে যোগ্য বিবেচিত হ’ব বুলি জনাই মুখ্যমন্ত্ৰীয়ে। এই আঁচনিৰ বাবে ধার্য কৰা হৈছে ৩ হাজাৰ ২০০ কোটি টকা। ১ এপ্ৰিলত প্ৰদান কৰা হ’ব প্ৰথম কিস্তিৰ ধন মুকলি কৰি দিয়াৰ ঘোষণা মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।
সংবাদমেলত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰক লৈ ডাঙৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। এপ্রিল-মে’ মাহত ৩ লাখ ৮০ হাজাৰ হিতাধিকাৰীলৈ প্রধানমন্ত্রী আৱাস যোজনাৰ ঘৰ। মুখ্যমন্ত্ৰীয়ে কয় যে, পলাশবাৰীত অনুষ্ঠিত হ’ব প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰৰ পুঁজি বিতৰণৰ কেন্দ্ৰীয় সভা। অসমত এতিয়া চলি আছে ২২ লাখ লোকৰ ঘৰৰ কাম। এতিয়াও ৰাজ্যত ৪-৫ লাখ দৰিদ্ৰ লোকে পোৱা নাই ঘৰ। লগতে মুখ্যমন্ত্ৰীয়ে কয় যে , এইবাৰ চৰকাৰীৰ ঘৰৰ ক্ষেত্ৰত GeoTaggingৰ বিশেষ ব্যৱস্থা কৰা হৈছে। এইবাৰ আত্মসহায়ক গোটৰ পৰা GeoTagging কৰা হ’ব। আত্মসহায়ক গোটৰ লগত জীৱিকা সখী বাইদেউ সকলে GeoTagging কৰিব। ভাৰতত প্ৰথমবাৰৰ বাবে হ’ব GeoTaggingৰ ব্যৱস্থা। জীৱিকা সখীৰ লগতে নিজে ঘৰ GeoTagging কৰিব পাৰিব। অন্য কোনো লোকেও এই GeoTagging কৰিব দিব পাৰিব। এইবাৰ ৫ লাখৰ স্থানত ৭ লাখ GeoTagging হ’ব বুলি জনাই মুখ্যমন্ত্ৰীয়ে।
পলিটেকনিকৰ অংশকালীন প্ৰবক্তাৰ চাকৰি অব্যাহতিক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে, কনট্ৰেকচুৱেল শিক্ষকক নিয়মীয়া কৰিব নোৱাৰে চৰকাৰে। ন্যায়ালয়ৰ সিদ্ধান্ত মতে চৰকাৰে লৈছে এই ব্যৱস্থা। ২০১৭ চনত ৩৭০জন প্ৰবক্তাক নিযুক্তি প্ৰদান কৰা হৈছিল। ইয়াৰে কিছু সংখ্যকে চাকৰি এৰিলে, কিছু সংখ্যকে ন্যায়ালয়ৰ দ্বাৰস্থ হয়। ঠিকাভিত্তিক কৰ্মচাৰীক নিয়মীয়া কৰাত বাধা দিছে ন্যায়ালয়ে। মুখ্যমন্ত্ৰীয়ে কয় যে, হাজো, মাজুলী, টিংখঙত নতুন পলিটেকনিক নিযুক্তিৰ বাবে প্ৰবক্তাসকলে কৰিব পাৰিব আবেদন । বয়সৰ ক্ষেত্ৰত কিছু ৰেহাই পাব। কিন্তু পৰীক্ষাত অৱতীৰ্ণ হ’বই লাগিব। মেধাৰ ভিত্তিত নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব চৰকাৰে।