5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

বিষ্ণুৰাম মেধি আৰু ১০ বছৰ মুখ্যমন্ত্ৰী হৈ থাকিলে অসমত বিদেশী সমস্যা নহ’ল হেঁতেন: মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰীয়ে কয়, অসমৰ স্বাৰ্থ সুৰক্ষাই আছিল তেওঁৰ অটল অমৃত ব্ৰত। এই ব্ৰতত তেওঁ চিৰদিন দৃঢ় হৈ আছিল। অসমৰ স্বাৰ্থৰ সুৰক্ষাৰ বাবে তেওঁ যুঁজ দিলে। সকলো শ্ৰেণীৰ জনসাধাৰণৰ মাজত সম্প্ৰীতিৰ সাঁকো নিৰ্মাণ কৰি অসমীয়া জাতিক সগৌৰৱে থিয় হৈ থকাৰ বাবে প্ৰেৰণা যোগালে। এনে এগৰাকী দেশপ্ৰেমিকৰ বিষয়ে আমাৰ ৰাজ্যত যিধৰণে চৰ্চা হ'ব লাগিছিল সেই ধৰণে আজিও চৰ্চা হোৱা নাই।বিষ্ণুৰাম মেধিয়ে জাতিটোৰ প্ৰতি আগবঢ়াই যোৱা অৱদান অসামান্য আছিল।"

বিষ্ণুৰাম মেধি আৰু ১০ বছৰ মুখ্যমন্ত্ৰী হৈ থাকিলে অসমত বিদেশী সমস্যা নহ’ল হেঁতেন: মুখ্যমন্ত্ৰী
বিষ্ণুৰাম মেধিৰ প্ৰতিমূৰ্তি উন্মোচন
trishna-kalita
Trishna Kalita | Updated On: 14 Aug 2024 17:38 PM

হাজোত ৭ ফুট উচ্চতাৰ বিষ্ণুৰাম মেধিৰ প্ৰতিমূৰ্তি উন্মোচন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। লৌহমানৱ বিষ্ণুৰাম মেধি আছিল অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী আৰু প্ৰথমগৰাকী অসমীয়া ৰাজ্যপাল। হাজোস্থিত বিষ্ণুৰাম মেধিৰ বাসগৃহ ‘কল্যাণ ভৱন’ত অনুষ্ঠিত হয় প্ৰতিমূৰ্তি উন্মোচনৰ সভা। এই অনুষ্ঠানত উপস্থিত থাকে প্ৰতিমূৰ্তি নিৰ্মাণ সমিতিৰ সভাপতি, বিষ্ণুৰাম মেধিৰ নাতিনী তথা আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা বন্দিতা ডেকা মেধি, হাজো সমষ্টিৰ বিধায়িকা সুমন হৰপ্ৰীয়া, বিশিষ্ট নাগৰিক থানেশ্বৰ মালাকাৰ, জিলা উপায়ুক্ত কীৰ্তি জল্লীকে কৰি বহু বিশিষ্ট ব্যক্তি।

প্ৰতিমূৰ্তি উন্মোচনৰ সভাত ভাষণ প্ৰদান কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই মুখ্যমন্ত্ৰীয়ে। প্ৰথমে এই পদক্ষেপৰ বাবে গঠন কৰা সমিতিৰ বিষয়ববীয়া আৰু হাঝোৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয়,’লৌহমানৱ’ বিষ্ণুৰাম মেধিৰ এই ৭ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি নতুন প্ৰজন্মৰ বাবে হৈ পৰিব দেশপ্ৰেমৰ অনুপম উৎস। মেধিয়ে অসমীয়া জাতিৰ সুৰক্ষা আৰু বিকাশৰ বাবে মুখ্যমন্ত্ৰী হিচাপে কি ধৰণে অসামান্য সেৱা আগবঢ়াইছিল সেই কথা সোঁৱৰাই এই প্ৰতিমূৰ্তিটোৱে যুগে যুগে নতুন প্ৰজন্মক উৎসাহিত কৰিব।

ইয়াৰ পাছতে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ কথা সোঁৱৰি ড০ শৰ্মাই কয়, কুৰি শতিকাৰ ষষ্ঠ দশকত স্বাধীনতাৰ দোকমোকালিত এখন বিকশিত অসমৰ বুনিয়াদ গঢ়াৰ যুগেদি জনজাতীয় সমাজ আৰু অসমীয়া মানুহৰ মাজত সুৰক্ষা আৰু সমন্বয়ৰ সপোন দেখিছিল ভাৰত ৰত্ন গোপীনাথ বৰদলৈয়ে। কিন্তু স্বাধীন অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব সৰহ দিন পালন কৰিবলৈ পোৱাৰ পৰিৱৰ্তে ১৯৫০ চনত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আমাৰ মাজৰ পৰা আঁতৰি যায়। বৰদলৈৰ ডাঙৰীয়াই ৰিক্ত কৰি থৈ যোৱা মুখ্যমন্ত্ৰী আসনৰ বাবে যিগৰাকী ব্যক্তিৰ নাম উচ্চাৰিত হৈছিল তেওঁৱেই আছিল জননেতা বিষ্ণুৰাম মেধি ডাঙৰীয়া। বৰদলৈৰ এই আধৰুৱা সপোনক বাস্তৱায়িত কৰাৰ দায়িত্ব বিষ্ণুৰাম মেধি ডাঙৰীয়াই কান্ধ পাতি লৈছিল আৰু তাৰ ৰূপায়িত কৰাৰ বাবে কৰ্মসূচী যোগতাই কৰ্মক্ষেত্ৰত তাক প্ৰতিফলিত কৰিছিল।

 

মুখ্যমন্ত্ৰীয়ে কয়, অসমৰ স্বাৰ্থ সুৰক্ষাই আছিল তেওঁৰ অটল অমৃত ব্ৰত। এই ব্ৰতত তেওঁ চিৰদিন দৃঢ় হৈ আছিল। অসমৰ স্বাৰ্থৰ সুৰক্ষাৰ বাবে তেওঁ যুঁজ দিলে। সকলো শ্ৰেণীৰ জনসাধাৰণৰ মাজত সম্প্ৰীতিৰ সাঁকো নিৰ্মাণ কৰি অসমীয়া জাতিক সগৌৰৱে থিয় হৈ থকাৰ বাবে প্ৰেৰণা যোগালে। এনে এগৰাকী দেশপ্ৰেমিকৰ বিষয়ে আমাৰ ৰাজ্যত যিধৰণে চৰ্চা হ’ব লাগিছিল সেই ধৰণে আজিও চৰ্চা হোৱা নাই।বিষ্ণুৰাম মেধিয়ে জাতিটোৰ প্ৰতি আগবঢ়াই যোৱা অৱদান অসামান্য আছিল। তেল শোধানাগৰত পণ্ডিত নেহৰুৰৰ সৈতে সমুখ সমৰত তেওঁ লিপ্ত হৈছিল। অসমৰ পৰা বিদেশীক উচ্ছেদ কৰিবলৈ তেওঁ গোটেই জীৱন নিজক নিয়োজিত কৰিছিল। জীৱনৰ পিছতো তেওঁৰ সঞ্চিত সকলো উপাৰ্জন অসমৰ ৰাইজৰ বাবে আগবঢ়াই থৈ গৈছিল। লৌহ মানৱ বিষ্ণুৰাম মেধিৰ দৰে সুদক্ষা প্ৰশাসক অসমে দ্বিতীয়জন কেতিয়াও নাপায়।

ইয়াৰ উপৰিও পলাশবাৰী-শুৱালকুছি সংযোগী দলঙখন বিষ্ণুৰাম মেধিৰ নামেৰে নামকৰণ কৰা হ’ব বুলি জনাই মুখ্যমন্ত্ৰীয়ে। লগতে কয়, “বিষ্ণুৰাম মেধি আৰু ১০ বছৰ মুখ্যমন্ত্ৰী হৈ থাকিলে অসমত বিদেশী সমস্যা নহ’ল হেঁতেন।”

Latest News