ADRE Paper leaked: পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ পিছত প্ৰশ্নকাকতৰ মূল্য নাইঃ মুখ্যমন্ত্ৰী | Chief Minister Himanta Biswa Sarma's comments on ADRE question paper leak Assam news - Assam Tv9

ADRE Paper leaked: পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ পিছত প্ৰশ্নকাকতৰ মূল্য নাইঃ মুখ্যমন্ত্ৰী

Updated On: 

17 Sep 2024 23:04 PM

মুখ্যমন্ত্ৰীয়ে কয়, ১:৩০ বজাত পৰীক্ষা শেষ হৈছে আৰু ২:১৭ বজাত কিছু শিক্ষাগুৰুৱে প্ৰচেষ্টা কৰিছিল যে এইখন ফটোষ্টেট কৰি ল'ব। কিয় লৈছিল কি আছিল সেয়া চাম কিন্তু ইয়াৰ পৰা একো ক্ষতি হোৱা নাই । কাৰণ পৰীক্ষা ১:৩০ বজাতে শেষ হৈছিল আৰু OMR SHEET টো জমা হৈ গ'ল।

ADRE Paper leaked: পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ পিছত প্ৰশ্নকাকতৰ মূল্য নাইঃ মুখ্যমন্ত্ৰী

ADREৰ প্ৰশ্নকাকত ফাদিলত জড়িত ৮ জনক গ্ৰেপ্তাৰ

Follow Us On

ADREৰ প্ৰশ্নকাকত ফাদিলত জড়িত ৮ জনক গ্ৰেপ্তাৰ। ইয়াৰে ৮ জনৰ ভিতৰত ৬ জনেই শিক্ষক। পৰীক্ষাৰ ২৪ ঘণ্টাৰ পিছতে প্ৰশ্নকাকত ভাইৰেল হৈ পৰিছিল সামাজিক মাধ্যমত। পৰীক্ষা হ’লত কটকটীয়া নিৰাপত্তা, কঠোৰ নীতি নিয়মৰ পিছতো প্ৰশ্নকাকত ভাইৰেলক লৈ একাংশই সামাজিক মাধ্য়মত চৰকাৰক সমালোচনা কৰা দেখা গৈছিল। ধেমাজিৰ চিমেন চাপৰিৰ উপেন্দ্ৰ নেচনেল একাডেমীৰ পৰা প্ৰশ্নকাকত ভাইৰেল হোৱাৰ তথ্য পাইছিল আৰক্ষীয়ে। PDF ফৰ্মেটৰ প্ৰশ্নকাকতৰ ভিডিঅ’ বনাই ভাইৰেল কৰা হৈছে সামাজিক মাধ্যমত।

সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে আৰক্ষীয়ে ইয়াৰ তদন্ত কৰাত ব্যস্ত হৈ পৰিল আৰু অৱশেষত এই ঘটনাৰ লগত জড়িত ৮ জনক গ্ৰেপ্তাৰ কৰে।

ADRE প্ৰশ্নকাকত ফাদিলক লৈ আজি মুখ্যমন্ত্ৰীয়ে কৰে বহু গুৰুত্বপূৰ্ণ মন্তব্য। মুখ্যমন্ত্ৰীয়ে কয়, ADRE পৰীক্ষাৰ ভুল নোহোৱা ভুল উলিয়াবলৈ বিৰামহীন চেষ্টা কৰিছে একাংশ লোকে। মই তেওঁলোকক ধন্যবাদ আৰু অভিনন্দনহে জনাইছোঁ। আপোনালোকে যিমান ভুল উলিয়াব বিচাৰিছে উলিয়াই থাকক, ইয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ নহয়, সেই পৰীক্ষা দিয়া যুৱক-যুৱতীসকলৰহে হ’ব। ভুল নোহোৱা পৰীক্ষাত ভুল উলিয়াবলৈ যি অবিৰাম প্ৰচেষ্টা তাত মই এজন পিতৃ হিচাপে দুখ-শোক পোৱাত বাহিৰে ৰাস্তা নাই। হিমন্ত বিশ্ব শৰ্মাক বেয়া পাওক কিন্তু ১১ লাখ যুৱক-যুৱতীক আপোনালোকে বেয়া নাপাব।

ইয়াৰোপৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ঘৰত এটা অনুষ্ঠান পাতিলে খেলিমেলি অলপ থাকেই! এই পৰীক্ষা নিশ্চিতভাবে নিকা হ’ব আৰু দুখীয়া ল’ৰা-ছোৱালীয়ে চাকৰি পাব। পৰীক্ষা হৈ যোৱাৰ পিছেত প্ৰশ্নকাকতৰ মূল্য কি থাকে? সেইবাবে মই এইবাৰ ছেবাক কৈছোঁ, প্ৰশ্নকাকতখন ঘৰতে লৈ যাব দিব। পৰীক্ষাৰ প্ৰশ্নকাকতহে ভাইৰেল হৈছে কিন্তু পৰীক্ষাৰ OMR SHEET বাহিৰলৈ ওলোৱা নাই নহয়।

1:30ত পৰীক্ষা শেষ হৈছে আৰু 2:17 ত কিছু শিক্ষাগুৰুৱে প্ৰচেষ্টা কৰিছিল যে এইখন ফটোষ্টেট কৰি ল’ব। কিয় লৈছিল কি আছিল সেয়া চাম কিন্তু ইয়াৰ পৰা একো ক্ষতি হোৱা নাই কাৰণ পৰীক্ষা 1:30তে শেষ হৈছিল। OMR SHEET টো জমা হৈ গ’ল। প্ৰশ্নকাকতখন কি আছে, বিয়া হৈ যোৱাৰ পিছত পেণ্ডেলটোৰ অৱস্থা যেনেকুৱা তেনেকুৱাইটো! পৰীক্ষা হৈ যোৱাৰ পিছত প্ৰশ্নকাকতখনৰ কি মূল্য আছে? আজি ADRE প্ৰশ্নকাকত ফাদিলক লৈ এই বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ।

কিমান আছিল পদ?

১৫ ছেপ্টেম্বৰৰ পুৱা ১০.৩০ বজাৰ পৰা বিয়লি ১.৩০ বজালৈ অনুষ্ঠিত হোৱা এই পৰীক্ষাত ১১ লাখ ২৩ হাজাৰ ২০৪ গৰাকীয়ে অৱতীৰ্ণ হয়। তথ্য অনুসৰি এইবাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাত ৩২ লাখতকৈ অধিকে পৰীক্ষাত অৱতীৰ্ণ হ’ব। ইয়াৰ বিপৰীতে তৃতীয়-চতুর্থ বৰ্গৰ মুঠ পদৰ সংখ্যা ১২,৬০০ টা।

 

 

 

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version