এইবাৰ স্থান ঢেকিয়াজুলি, বাছৰ ভিতৰতে শিশুক নিৰ্যাতন মইনুদ্দিন আলিৰ... | child abuse case dhekiajuli in running bus assam Assam news - Assam Tv9

এইবাৰ স্থান ঢেকিয়াজুলি, বাছৰ ভিতৰতে শিশুক নিৰ্যাতন মইনুদ্দিন আলিৰ…

Published: 

28 Aug 2024 21:31 PM

"তেওঁলোকৰ পাছফালে এটা ল'ৰা বহি আছিল আৰু সি ছোৱালীগৰাকীৰ ফটো তুলি জুম কৰি চাই আছিল।মোৰ চকুত পৰিছিল বাবে তাক চাই আছিলো। পাছত মই বুজিব পাৰিছিলো সি ভাল নহয় আৰু সমগ্ৰ কাণ্ড ভিডিঅ' ৰেকৰ্ডিং কৰি ঢেকিয়াজুলি আৰক্ষী থানাত গতাই দিও"।

এইবাৰ স্থান ঢেকিয়াজুলি, বাছৰ ভিতৰতে শিশুক নিৰ্যাতন মইনুদ্দিন আলিৰ...

প্ৰতীকি ফটো

Follow Us On

ৰাজ্যত পুনৰ শিশু নিৰ্যাতনৰ লজ্জাজনক ঘটনা সংঘটিত হোৱাৰ খবৰ পোহৰলৈ আহিছে। গুৱাহাটীৰ পৰা তেজপুৰলৈ গৈ থকা এখন ট্ৰেভেলাৰৰ ভিতৰতে এগৰাকী কন্যা শিশুক শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ এটা লম্পটৰ বিৰুদ্ধে।  ১০ বছৰীয়া শিশুটিক নিৰ্যাতন চলাই থকা সময়তে এই সমগ্ৰ দৃশ্য় আন এজন যাত্ৰীয়ে মোবাইলত বন্দী কৰে। পৰৱৰ্তী সময়ত পাষাণটোক ধৰি যাত্ৰীসকলে গতাই দিয়ে ঢেকিয়াজুলি আৰক্ষী থানাত। জানিব পৰা মতে অভিযুক্ত যুৱকজনৰ নাম মইনুদ্দিন আলি।

তথ্য অনুসৰি জানিব পৰা মতে বুধবাৰে সংঘটিত হয় এই ঘটনা। ঘটনাৰ বিৱৰণী মতে, গুৱাহাটীৰ পৰা তেজপুৰলৈ গৈ থকা এখন ট্ৰেভেলাৰত ১০ বছৰীয়া শিশুটিক শাৰীৰিক নিৰ্যাতন চলাই মইনুদ্দিন আলি নামৰ পাষাণটোয়ে। এই সমগ্ৰ দৃশ্য কাষতে বহি থকা এজনলোকে প্ৰত্যক্ষ কৰি মোবাইলৰ কেমেৰাত বন্দী কৰি লয়। পৰৱৰ্তী সময়ত বাছৰ যাত্ৰীসকলে মইনুদ্দিন আলিক ধৰি ঢেকিয়াজুলি আৰক্ষী থানাত গতাই দিয়ে। ভুক্তভোগী শিশুটিয়েও আৰক্ষীৰ আগত ঘটনা সন্দৰ্ভত সকলো কথা বৰ্ণনা কৰিছে।

এই সন্দৰ্ভত বাছখনত উপস্থিত থকা এজন যাত্ৰীয়ে সংবাদ মাধ্যমক জনাই যে, বাছখনত ৮-১০ জন মান যাত্ৰী আছিল। বাছখন নাৰায়নপুৰত ৰখিছিল। তেতিয়াই ১০ বছৰ মান বয়সৰ এটি কন্যা শিশু নিজৰ আইতাকৰ লগত বাছত উঠে। তেওঁলোকৰ পাছফালে এটা ল’ৰা বহি আছিল আৰু সি ছোৱালীগৰাকীৰ ফটো তুলি জুম কৰি চাই আছিল।মোৰ চকুত পৰিছিল বাবে তাক চাই আছিলো। পাছত মই বুজিব পাৰিছিলো সি ভাল নহয় আৰু সমগ্ৰ কাণ্ড ভিডিঅ’ ৰেকৰ্ডিং কৰি ঢেকিয়াজুলি আৰক্ষী থানাত গতাই দিও। শিশুটিক বাৰে বাৰে অসুবিধা দি আছিল যুৱকজনে। শিশুটিয়ে যুৱকজনৰ হাত বাৰে বাৰে গুচাই দিছিল যদিও খিৰিকিৰ মাজেৰে হাত ভৰাই এই কাম কৰি আছিল বুলি অভিযোগ তোলে লোকজনে।

উল্লেখ্য যে, ৰাজ্যত বৃদ্ধি পাইছে শিশু নিৰ্যাতনৰ ঘটনা। বিগত কেইটামান দিনত কেইবাটাও অনাকাংক্ষিত ঘটনা পোহৰলৈ আহিছে য’ত শিশু, কিশোৰীক নিৰ্যাতন চলোৱাৰ ঘটনা সংঘটিত হৈছে। ধিঙত এগৰাকী কিশোৰীৰ লগত সংঘটিত হোৱাৰ ধৰ্ষণ কাণ্ডৰ পাছত সমগ্ৰ ৰাজ্যই এই কাণ্ডৰ বিৰোধিতা কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপিৰ একাংশ নেতা মন্ত্ৰীয়ে এই কাণ্ডৰ আঁৰত এটা বিশেষ সম্প্ৰদায় জড়িত থকাৰ অভিযোগ তুলি আহিছে। মুখ্যমন্ত্ৰীৰ মতে অসমীয়াক ভীতিগ্ৰস্ত কৰিবলৈ এনে কাম কৰিছে বিশেষ সম্প্ৰদায়ৰলোকসকলে। ইয়াৰ মাজতে আজিৰ এই ভিডিঅ’ পোহৰলৈ অহাৰ পাছত কোনে কি প্ৰতিক্ৰিয়া কৰে সেয়া হ’ব লক্ষণীয়।

আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
অনেক গুণসম্পন্ন তিতা কেৰেলাত কি ভিটামিন অধিক থাকে, জানেনে?
মানসিক আৰু শাৰীৰিক স্বাস্থ্য উন্নত হ'ব, জানক কিয় পুৱা সোনকালে শুই উঠিব লাগে...
পিঁয়াজৰ বাকলিৰ আছে বহু উপকাৰী গুণ, সবিশেষ জানক
Exit mobile version