ৰাজ্যত পুনৰ আৰম্ভ হ’ব বাল্য বিবাহ বিৰোধী অভিযান: কেন্দ্ৰীয় মন্ত্ৰী অন্নপূৰ্ণা দেৱীৰ ঘোষণা
কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে বুধবাৰে মুকলি কৰে "বাল বিবাহ মুক্ত ভাৰত অভিযান" বা "Child Marriage Free Bharat Portal"। এই সজাগতাৰ মূল লক্ষ্য হৈছে দেশত প্ৰচলিত বাল্য বিবাহৰ সমস্যা দূৰ কৰা। এই প'ৰ্টেলৰ জৰিয়তে সৰ্বসাধাৰণে বাল্য বিবাহ সম্পৰ্কীয় যিকোনো অভিযোগ দাখিল কৰিব পাৰিব।
অসমত পুনৰ আৰম্ভ হ’ব বাল্য বিবাহ বিৰোধী অভিযান। এইবাৰ এই অভিযান আৰম্ভ কৰিছে কেন্দ্ৰীয় চৰকাৰে। অসমত আৰম্ভ হ’ব কেন্দ্রীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্রণালয়ৰ বাল বিবাহ মুক্ত ভাৰত অভিযান। অসমৰ লগতে এই অভিযানে সাঙুৰি ল’ব পশ্চিম বংগ, বিহাৰ, ঝাৰখণ্ড, ৰাজস্থান, ত্ৰিপুৰা আৰু অন্ধ্র প্রদেশক। অভিযানৰ কথা সদৰী কৰিছে নাৰী আৰু শিশু উন্নয়ন মন্ত্রী অন্নপূর্ণা দেৱীয়ে।
কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে বুধবাৰে মুকলি কৰে “বাল বিবাহ মুক্ত ভাৰত অভিযান” বা “Child Marriage Free Bharat Portal”। এই সজাগতাৰ মূল লক্ষ্য হৈছে দেশত প্ৰচলিত বাল্য বিবাহৰ সমস্যা দূৰ কৰা। এই প’ৰ্টেলৰ জৰিয়তে সৰ্বসাধাৰণে বাল্য বিবাহ সম্পৰ্কীয় যিকোনো অভিযোগ দাখিল কৰিব পাৰিব।
কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে কয় যে, যোৱা বছৰত প্ৰায় দুই লাখ বাল্য বিবাহ প্ৰতিৰোধ কৰা হৈছিল। তথাপিও ভাৰতত প্ৰতি পাঁচগৰাকীছোৱালীৰ ভিতৰত এগৰাকীৰ ১৮ বছৰ বয়স হোৱাৰ আগতে বিবাহ পাশত আৱদ্ধ হৈছে। দেশখন এই ব্যৱস্থাৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হ’ব লাগিব। বাল্য বিবাহ মুক্ত ভাৰত অভিযানৰ শুভাৰম্ভ উপলক্ষে তেওঁ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক ২০২৯ চনৰ ভিতৰত বাল্য বিবাহৰ হাৰ ৫ শতাংশৰ তললৈ অনাৰ বাবে নিৰ্দিষ্ট কাৰ্য পৰিকল্পনা প্ৰস্তুত কৰিবলৈ আহ্বান জনায়।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয়, বাল্য বিবাহ আমাৰ সন্মুখত এটা ডাঙৰ প্ৰত্যাহ্বান আৰু এইটো এনে এটা প্ৰথা যিয়ে লাখ লাখ ছোৱালীৰ সম্ভাৱনা সীমিত কৰে। বাল্য বিবাহ মানৱ অধিকাৰ উলংঘনৰ আটাইতকৈ গুৰুতৰ প্ৰকাৰবোৰৰ ভিতৰত এটা আৰু এয়া এক আইনগত অপৰাধ। তেওঁ কয় যে, বাল্য বিবাহ প্ৰতিৰোধ আইনৰ দৰে আইন গুৰুত্বপূৰ্ণ, কিন্তু আমি সজাগতা বৃদ্ধিৰ ওপৰতো গুৰুত্ব দিয়া উচিত।
৭খন ৰাজ্যৰ ওপৰত বিশেষ গুৰুত্ব
বাল্য বিবাহ মুক্ত ভাৰত অভিযানৰ উদ্দেশ্য হৈছে বাল্য বিবাহ দূৰ কৰাৰ এক সামূহিক প্ৰচেষ্টাত ভুক্তভোগীসকলক অন্তৰ্ভুক্ত কৰা। এই ক্ষেত্ৰত আটাইতকৈ বেছি সমস্যা থকা সাতখন ৰাজ্যৰ ওপৰত অধিক গুৰুত্ব দিয়া হ’ব – পশ্চিম বংগ, বিহাৰ, ঝাৰখণ্ড, ৰাজস্থান, ত্ৰিপুৰা, অসম আৰু অন্ধ্ৰ প্ৰদেশ। প্ৰায় ৩০০খন জিলাত বিশেষ মনোযোগ দিয়া হ’ব। য’ত বাল্য বিবাহৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ অধিক।
উল্লেখ্য যে, ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ-৫ অনুসৰি ২০১৯-২১ ৰ ভিতৰত ভাৰতত বাল্য বিবাহৰ হাৰ ২৩.৩ শতাংশ। ২০১৫-১ ৬ বছৰত বাল্য বিবাহৰ হাৰ আছিল ২৬.৮ শতাংশ। ২০০৫-৬ বৰ্ষত আকৌ ভাৰতত বাল্য বিবাহৰ হাৰ আছিল ৪৭.৪ শতাংশ।