গো-মাংসক লৈ উত্তপ্ত ৰাজ্যৰ ৰাজনীতি: ৰকিবুল হুছেইনক প্ৰত্যাহ্বান জনাই গো-মাংস নিষিদ্ধ কৰিবলৈ সাজু মুখ্যমন্ত্ৰী!
এইবাৰ ৰাজ্যত আৰম্ভ হৈছে গৰু মাংসৰ ৰাজনীতি। চামগুৰি সমষ্টিত হোৱা পৰাজয় যেন মানি ল'ব পৰা নাই কংগ্ৰেছে।শাসকপক্ষৰ বিৰুদ্ধে উত্থাপন কৰিছে ইটোৰ- পাছত সিটো অভিযোগ। এবাৰ যদি ভূপেন বৰা , এবাৰ আকৌ ৰকিবুল হুছেইন। ইফালে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

চামগুৰি সমষ্টিক লৈ এতিয়াও অব্যাহত আছে শাসক-বিৰোধীৰ বাকযুদ্ধ। এইবাৰ ৰাজ্যত আৰম্ভ হৈছে গৰু মাংসৰ ৰাজনীতি। চামগুৰি সমষ্টিত হোৱা পৰাজয় যেন মানি ল’ব পৰা নাই কংগ্ৰেছে।শাসকপক্ষৰ বিৰুদ্ধে উত্থাপন কৰিছে ইটোৰ- পাছত সিটো অভিযোগ। এবাৰ যদি ভূপেন বৰা , এবাৰ আকৌ ৰকিবুল হুছেইন। ইফালে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
চামগুৰি উপ-নিৰ্বাচনৰ প্ৰসংগ উত্থাপন কৰি এইদৰে বিজেপিক কটাক্ষ অসম প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাৰ । ভূপেন বৰাই কয়,” “অসমৰ সমস্যাৰ কথা কলেই বিজেপিয়ে হিন্দুত্বৰ কথা কয় ।চামগুৰিত হিন্দুত্বৰ নগ্ন ৰূপ বিজেপিয়ে উদঙাইছে ।”
তাৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দুমুখীয়া চৰিত্ৰৰ বুলি আখ্যা দি ৰকিবুল হুছেইনৰ মন্তব্য,”ৰাইজে হিমন্তক নামনিত এক ধৰণে উজনিত আন এক ধৰণে জানে । উজনি অসমত মিঞাৰ ভোট নালাগে বুলি কৈছিল হিমন্তই । সেইজন মানুহেই চামগুৰিত গৰু কাটি ভোজ দিছিল ।”
চামগুৰিৰ ভোজৰ ভিডিঅ’ দেখুৱাই সংবাদমেলত ৰকিবুল হুছেইনে কয়,”চামগুৰিৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ আগনিশা ২ বজাত মাজুলীত বোৰ্খা পিন্ধা একাংশ ভোটাৰক দাৱত খুৱাবলৈ যাম বুলি কৈ বিজেপিক ভোট দিবলৈ আহ্বান জনাইছিল । এনে চূড়ান্ত ৰাজনীতি কংগ্ৰেছে নকৰে । বিজেপিয়ে আজি নীতি-আদৰ্শ জলাঞ্জলি দিছে । ছয় জনগোষ্ঠীৰ লোকে বিজেপিক প্ৰত্যাখ্যান কৰিছে । সেই কাৰণে বিজেপিক এতিয়া দৰকাৰ হৈছে মিঞাৰ ভোটৰ ।” তেওঁ লগতে কয়,”হিমন্ত বিশ্বৰ নেতৃত্বত ধুলিসাৎ হ’ব বিজেপি । সেই কথা আমি কোৱা নাই পুৰণা বিজেপি কৰ্মীসকলে কৈছে ।”
উল্লেখ্য যে, নৱগঠিত লখিমপুৰৰ ৰঙানদী সমষ্টিত দলৰ ভেটি মজবুত কৰাৰ লক্ষ্যৰে শনিবাৰে উপস্থিত হৈছিল অসম প্ৰদেশ কংগ্ৰেছৰ দুই শীৰ্ষ নেতা । বিয়লি সমষ্টিটোৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি এই মন্তব্য আগবঢ়াই ভূপেন বৰা আৰু ৰকিবুল হুছেইনে।
ইয়াৰ পাছতে সাংবাদিক আগত সাংসদ ৰকিবুল হুছেইনে গো-মাংস সন্দৰ্ভত কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে কয়, ” ২৫ বছৰ ধৰি চামগুৰি সমষ্টি কংগ্ৰেছৰ হাতত আছিল। এই সমষ্টিটোত ২৭ হাজাৰ ভোটত হৰাটো কংগ্ৰেছৰ ইতিহাসৰ আটাইতকৈ কলংকিত অধ্যায়। ইয়াৰ বিজেপি জয় যিমান হৈছে, তাতকৈ কংগ্ৰেছৰ পৰাজয় বেছি। মই প্ৰশ্ন কৰিম, ইমান দিন চামগুৰিত কংগ্ৰেছে গৰু মাংস খোৱাই জিকিছিল নেকি? মই কিবুল হুছেইন ডাঙৰীয়াক ক’ম যে গো-মাংস নিষিদ্ধ কৰিব লাগে। ৰকিবুল হুছেইনে লিখিত পত্ৰ দিয়ক মই গোটেই অসমতে একেদিনাই গো-মাংস বন্ধ কৰি দিম। ইয়াৰ বাবে মই ভূপেন বৰালৈ পত্ৰ লিখিম। তেওঁলোকে অনুমতি দিলে বিধানসভাত বিধেয়ক গৃহীত কৰি অসমত গো-মাংস নিষিদ্ধ কৰি দিম। কোনেও গো-মাংস খাব নালাগে।”
উল্লেখ্য যে, এইবাৰ উপ- নিৰ্বাচনৰ সৰ্ব চৰ্চিত চামগুৰি সমষ্টিত সাংসদ ৰকিবুল হুচেইনৰ পুত্ৰ তানজিল হুচেইনক হৰুৱাই বৃহৎ ভোটত জয় লাভ কৰিছিল দিপ্লু ৰঞ্জন শৰ্মাই । প্ৰায় ২৬,০০০ ভোটৰ ব্যৱধানত দিপ্লু ৰঞ্জন শৰ্মাই এই সমষ্টি নিজৰ হাতলৈ আনে। ৰকিবুলৰ পিতৃ নুৰুল হুচেইনৰ পাছত ২০০১ চনৰ পৰা কংগ্ৰেছৰ হাতত আছিল এই সমষ্টিটো। কিন্তু ৩০ বছৰৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এইবাৰ এই সমষ্টিত বিজেপিয়ে নিজৰ নাম খোদিত কৰাত সক্ষম হয়।