অস্থিৰ ৰাজ্যিক বিজেপি! পৌৰসভাৰ পৰা জ্যেষ্ঠ নেতালৈ বিয়পিছে অসন্তুষ্টি – Assamese News: Latest News in Assamese Online, Assamese Breaking and Live Updates, Assamese News Today

অস্থিৰ ৰাজ্যিক বিজেপি! পৌৰসভাৰ পৰা জ্যেষ্ঠ নেতালৈ বিয়পিছে অসন্তুষ্টি

ন- বিজেপি, পুৰণি বিজেপিৰ যুঁজখন তীব্ৰতৰ হৈ উঠিছে। এই সংঘাত উপশম কৰাৰ সকলো প্ৰকাৰৰ চেষ্টায়ে কৰিছে ৰাজ্যিক বিজেপিৰ নেতৃত্বই।  অৱশ্যে পৰৱৰ্তী সময়ত এই সংঘাত ৰোধ হয় নে নহয় সেয়া হ'ব লক্ষণীয়

অস্থিৰ ৰাজ্যিক বিজেপি! পৌৰসভাৰ পৰা জ্যেষ্ঠ নেতালৈ বিয়পিছে অসন্তুষ্টি

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Updated On: 

21 Jul 2024 12:39 PM

সমস্যাই লগ নেৰা হৈছে ৰাজ্যিক বিজেপিক। এটাৰ পাছত আন এটা সমস্যাই বিজেপিৰ ভিতৰচ’ৰা অস্থিৰ কৰি পেলাইছে।  এটা সমস্যাৰ অন্ত নৌপৰতেই আন এটা সমস্যাই গা কৰি উঠে। এইবাৰ বিজেপিৰ কেইবাখনো পৌৰসভাক সংঘাতে দেখা দিছে।  বিসম্বাদ, অনাস্থাৰ তালিকাত স্থান লাভ কৰিছে- তিনিচুকীয়া, বিহপুৰীয়া, লখিমপুৰ, বিলাসীপাৰা, তেজপুৰ আৰু হাইলাকান্দি পৌৰসভা। ইয়াৰ মাজতে শনিবাৰে এই পৌৰসভাক জৰুৰীকালীনভাৱে তলব ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই। সভাপতিগৰাকীৰ এই বৈঠকত উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু ৷

প্ৰতিখন পৌৰসভাৰ নেতৃত্বৰ সৈতে পৃথকে পৃথকে বৈঠকত মিলিত হয় ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতৃত্ব। কিন্তু কেইবাখনো পৌৰসভাৰ ক্ষোভ, অভিযোগৰ সমাধান উলিয়াবলৈ সক্ষম নহ’ল বিজেপি নেতৃত্ব। কেৱল ইমানেই নহয়, বিজেপি আভ্যন্তৰীণ সংঘাতক লৈ সংবাদ মাধ্যমৰ আগত মন্তব্য কৰাৰ পৰা বিৰত থাকে ভৱেশ কলিতা।

ৰাজ্যিক বিজেপিৰ সংঘাত নতুন নহয়। শীৰ্ষ, জ্যেষ্ঠ নেতৃত্বৰ পৰা আৰম্ভ হোৱা এই সংঘাত এতিয়া পৌৰসভালৈ বিয়পিছে। লোকসভা নিৰ্বাচনৰ পূৰ্বৰ পৰা ৰাজ্যিক  বিজেপিত এটাৰ পাছত আন এটা সংঘাতে দেখা দিছে। প্ৰাক্তন বিধায়ক অশোক শৰ্মা, ৰাজেন গোহাঁই,  বিধায়ক মৃণাল শইকীয়া আদিয়ে মুকলিকৈ বিজেপিৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰিছিল। এই সকলোবোৰৰ মাজতে মৃণাল শইকীয়াৰ পুত্ৰ বব্ৰুবাহন শইকীয়াই অসম জাতীয় পৰিষদৰ সভাপতি আৰু সম্পাদকৰ সৈতে হোৱা বৈঠক যথেষ্ঠ চৰ্চালৈ আহিছিল। চলিত বৰ্ষৰ শেষৰ ফালে মৃণাল শইকীয়াৰ পুত্ৰ অজাপত যোগদান কৰাৰ সম্ভাৱণা আছে।

লোকসভা নিৰ্বাচনত কংগ্ৰেছ নেতা গৌৰৱ গগৈ জয়লাভ কৰাৰ পাছত মৃণাল শইকীয়াই মুকলিকৈ কৰা প্ৰশংসাত ক্ষুব্ধ হৈ পৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শইকীয়াক এক প্ৰকাৰ সকিয়নী দিছিল দলৰ পৰা ওলাব লাগিব বুলি। অৱশ্যে এই কথাত প্ৰত্যুত্তৰ দি শইকীয়াই কয় যে তেওঁ বিজেপি ত্যাগ নকৰে।

প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰো বিজেপিৰ শীৰ্ষ নেতৃত্বৰ সৈতে সংঘাতে গা কৰি উঠিছিল। একাংশই দাবী কৰিছিল যে শৰ্মাই কংগ্ৰেছ দলত যোগদান কৰিব। অৱশ্যে এই ক্ষেত্ৰত শৰ্মাই কোনো মন্তব্য প্ৰদান কৰা নাই। অশোক শৰ্মাই কংগ্ৰেছত যোগদান কৰিব বুলি কৰা দাবী সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে, অশোক শৰ্মাই এনে নকৰে। তেওঁৰ আৰু অশোক শৰ্মাৰ মাজত এক ভাল সম্পৰ্ক আছে। যদি এনে হয় তেন্তে অশোক শৰ্মাই তেওঁক জনাব।

ন- বিজেপি, পুৰণি বিজেপিৰ যুঁজখন তীব্ৰতৰ হৈ উঠিছে। এই সংঘাত উপশম কৰাৰ সকলো প্ৰকাৰৰ চেষ্টায়ে কৰিছে ৰাজ্যিক বিজেপিৰ নেতৃত্বই।  অৱশ্যে পৰৱৰ্তী সময়ত এই সংঘাত ৰোধ হয় নে নহয় সেয়া হ’ব লক্ষণীয়। প্ৰশ্ন হয় পৌৰসভাৰ পৰা আৰম্ভ হোৱা এই যুঁজখন কেনেদৰে নিৰ্মূল কৰিব বিজেপিৰ শীৰ্ষ নেতাই?

দেশৰ প্ৰথমটো মছজিদ ক'ত আছে? কোন হিন্দু ৰজাই ইয়াক নিৰ্মাণ কৰিছিল
নিম পাত আৰু হালধীৰ আছে অলেখ গুণ, এয়া খালে কি হয় জানেনে ?
কেতিয়া দ্বিতীয় বিবাহ পাতিব অভিষেক বচ্চনে? ক'লে এই কথা.
দীপাৱলীৰ পূজাৰ শুভ সময় কেতিয়া?