মৰ্মান্তিক! গুৱাহাটীৰ পথ সম্প্ৰসাৰণৰ বাবে খন্দা গাঁতত পৰি দশম শ্ৰেণীৰ ছাত্ৰৰ মৃত্যু
মহানগৰীৰ ৰাজপথত সংঘটিত হৈছে আন এক শোকাৱহ ঘটনা। ৰাজপথত থকা পুখুৰীসদৃশ বৃহৎ গাঁতত পৰি মৃত্যু হয় এজন ছাত্ৰৰ। ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ বাবে খন্দা গাঁতত পৰি মৃত্যু ছাত্ৰজনৰ। গুৱাহাটী মহানগৰীৰ গৰলীয়াত সংঘটিত হৈছে এই অঘটন।
পুনৰ মৰণফান্দত পৰিণত গুৱাহাটী মহানগৰীৰ ৰাজপথ। মহানগৰীৰ ৰাজপথত সংঘটিত হৈছে আন এক শোকাৱহ ঘটনা। ৰাজপথত থকা পুখুৰীসদৃশ বৃহৎ গাঁতত পৰি মৃত্যু হয় এজন ছাত্ৰৰ। ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ বাবে খন্দা গাঁতত পৰি মৃত্যু ছাত্ৰজনৰ।
গুৱাহাটী মহানগৰীৰ গৰলীয়াত সংঘটিত হৈছে এই অঘটন। গাঁতত পৰি মৃত্যু লখৰা লালুংগাঁৱৰ দশম শ্ৰেণীৰ ছাত্ৰ বিশাল দাসৰ। ৩ সমনীয়াৰ সৈতে গা ধুবলৈ গৈ মৃত্যুমুখত পৰে ছাত্ৰজন। বেতকুছি হাইস্কুলত অধ্যয়নৰত আছিল বিশাল। ঘাইপথ সম্প্ৰসাৰণৰ বাবে মাটি কটাৰ বাবে সৃষ্টি হৈছিল বৃহৎ গাঁত। ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে ছাত্ৰজনৰ মৃতদেহ GMCHলৈ প্ৰেৰণ কৰা হৈছে। এই ঘটনাৰ পাছত বিশালৰ ঘৰত বিৰাজ কৰিছে এক শোকাকূল পৰিৱেশে।
পূৰ্বেও মহানগৰীত সংঘটিত হৈছে এনে ঘটনা। ৰাজপথত খন্দা গাঁতৰ বাবে মৃত্যু হৈছে কেইবাজনৰো। বিগত বৰ্ষৰ ১৪ জুলাইত গাঁতত পৰি আঘাতপ্ৰাপ্ত হৈছিল এজন ছাত্ৰ। জন্মদিনৰ উপহাৰ আনিবলৈ গৈ গাঁতত পৰি আঘাতপ্ৰাপ্ত হৈছিল অভিযন্তা ছাত্র সৌৰভ দাস। পাছত GNRC হাস্পতালত মৃত্যু হয় সৌৰভৰ।
বিগত বৰ্ষতে মহানগৰীৰ গণেশগুৰিত সংঘটিত হৈছিল আন এক শোকাৱহ দুৰ্ঘটনা। স্কুল বাছৰ খুন্দাত থিতাতে মৃত্যু হয় একাদশ শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ। বায়েকৰ সৈতে স্কুটীৰে স্কুললৈ আহি থকাৰ সময়তে স্কুল বাছে মহতিয়াই নিয়ে স্কুটীখন। যাৰ ফলত থিতাতে মৃত্যু হৈছিল ছাত্ৰীগৰাকীৰ। নিহত ছাত্ৰীগৰাকীৰ নাম প্ৰিয়া কুমাৰী। ছাত্ৰীগৰাকীৰ ঘৰ হেঙেৰাবাৰীত। লিটল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী আছিল প্ৰিয়া। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছিল প্ৰিয়াৰ বায়েকো। প্ৰত্যক্ষদৰ্শীৰ অভিযোগ, পথৰ কাষত খান্দি থোৱা গাঁতৰ বাবেই এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় বহুসংখ্যক স্থানীয় লোক। স্থানীয় লোকৰ অভিযোগ মতে, গাঁত খন্দা স্থানত নাছিল কোনো ধৰণৰ বেৰিকেড।
এইবোৰৰ মাজতে মহানগৰীৰ চানমাৰিৰ মণিৰাম দেৱান পথত আজি সংঘটিত হৈছে এক অঘটন । উৰণসেতুৰ খুঁটাৰ বাবে গাঁত খান্দোতে খহিল পথৰ এছোৱা। পথ খহাৰ পাছতে চানমাৰি-শিলপুখুৰী পথত ভয়ংকৰ যান-জঁট । ক্ষোভ একাংশ পথচাৰীৰ। উৰণসেতু নিৰ্মাণৰ বাবে গাঁত খন্দাৰ বাবেই খহি পৰিল পথ। শিল বালিৰে গাঁত পোতাৰ চেষ্টা শ্ৰমিকৰ।
এইবোৰ ঘটনাৰ পাছতো যেন বাৰে বাৰে একেটা ভুলৰে পুৰনাবৃত্তি হয়। কেৱল মহানগৰীতে নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্ত উন্নয়ন বা ঘাইপথৰ কাষত খন্দা গাঁতত পৰি মৃত্যু হৈছে বহু লোকৰ। আঘাতপ্ৰাপ্ত হৈ বহুজন। পৰিছে বহু বাহন। তাৰ পাছতো যেন কাণ-সাৰ নাই বিভাগীয় কতৃপক্ষৰ। ঘটনা সংঘটিত হোৱাৰ দিনাই তদন্তৰ নিৰ্দেশ দি সামৰে নিজৰ দ্বায়িত্ব।