5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ৰাজ্যৰ বিদ্যালয়ত নাথাকিব চতুৰ্থ বৰ্গৰ চাকৰি: ঘোষণা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ

অসম চৰকাৰৰ শিক্ষা বিভাগে বিদ্যালয়সমূহত আৰু নিয়োগ নকৰে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী। ইয়াৰ পৰিৱৰ্তে Mutlti Tasking Staffয়ে কৰিব বিদ্যালয়সমূহৰ সকলো কাম। এই সন্দৰ্ভত মন্ত্ৰী পেগুৱে কয়, চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পৰিবৰ্তে নিয়োগ কৰা হ’ব মাল্টি টাস্কিং ষ্টাফ। এই পদত নিয়োজিত কৰ্মচাৰীয়ে বিদ্যালয়ৰ মালিৰ পৰা আৰম্ভ কৰি চকীদাৰী পৰ্যন্ত কাম কৰিব লাগিব ৷

ৰাজ্যৰ বিদ্যালয়ত নাথাকিব চতুৰ্থ বৰ্গৰ চাকৰি: ঘোষণা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ
ৰাজ্যৰ বিদ্যালয়ত নাথাকিব চতুৰ্থ বৰ্গৰ চাকৰি
trishna-kalita
Trishna Kalita | Published: 27 Nov 2024 15:55 PM

ৰাজ্যৰ শিক্ষা বিভাগৰ ডাঙৰ সিদ্ধান্ত। বিদ্যালয় শিক্ষা বিভাগত বন্ধ হ’ব চতুৰ্থ শ্ৰেণীৰ পদৰ চাকৰি। বিদ্যালয়ত অতীত হ’ব চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ৷ তৃতীয় পক্ষই স্থানীয়ভাৱে বিদ্যালয়ত নিয়োগ কৰিব চকীদাৰ পদত।  শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সদৰী কৰে এই কথা।

ইয়াৰ বাবে অসম চৰকাৰৰ শিক্ষা বিভাগে বিদ্যালয়সমূহত আৰু নিয়োগ নকৰে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী। ইয়াৰ পৰিৱৰ্তে Mutlti Tasking Staffয়ে কৰিব বিদ্যালয়সমূহৰ সকলো কাম। এই সন্দৰ্ভত মন্ত্ৰী পেগুৱে কয়, চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পৰিবৰ্তে নিয়োগ কৰা হ’ব মাল্টি টাস্কিং ষ্টাফ। এই পদত নিয়োজিত কৰ্মচাৰীয়ে বিদ্যালয়ৰ মালিৰ পৰা আৰম্ভ কৰি চকীদাৰী পৰ্যন্ত কাম কৰিব লাগিব ৷ আনহাতে এই নিয়োগৰ ক্ষেত্ৰত বিদ্যালয় কৰ্তৃপক্ষৰ ওপৰতে থাকিব কৰ্তৃত্ব।

এই মাল্টি টাস্কিং ষ্টাফ নিযুক্তিৰ ক্ষেত্ৰতো অসম চৰকাৰৰ শিক্ষা বিভাগে বিশেষ ভূমিকা পালন নকৰিব। তাৰ পৰিৱৰ্তে বিদ্যালয়সমূহেই এই পদত নিয়োগৰ দায়িত্ব পালন কৰিব। বিদ্যালয়সমূহত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিয়োগৰ ক্ষেত্ৰত হোৱা বিতৰ্কৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে শিক্ষা বিভাগে। শিক্ষামন্ত্ৰীগৰাকীয়ে কয়, “পূৰ্বত দিয়া নিযুক্তিত কোনো এখন জিলাৰ বিদ্যালয়ত অন্য জিলাৰ নিবনুৱাও নিযুক্তি পালে সংশ্লিষ্ট অঞ্চলৰ লোকে আপত্তি দৰ্শাইছিল ৷ এনেবোৰ কাৰণতেই ৰাজ্য চৰকাৰে এতিয়াৰ কোনো এখন বিদ্যালয়ত মাল্টি টাস্কিং ষ্টাফ বিদ্যালয় খনৰ কৰ্তৃপক্ষই স্থানীয় নিবনুৱাকে নিযুক্তি দিব পাৰিব ৷”

এই ক্ষেত্ৰত স্থানীয়ভাৱে নিযুক্ত কৰিবলৈ শিক্ষানুষ্ঠানৰ ওপৰতে দায়িত্ব দিব চৰকাৰে। ছাত্ৰ-ছাত্ৰীৰ অনুপাতে কিমান নিযুক্তি হ’ব সেইয়া ঠিক কৰা হ’ব। বৰ্তমান যিমান খিনি চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছে তেওঁলোকৰ কাম অব্যাহত থাকিব। কিন্তু নতুনকৈ নিযুক্তি নহয়।

ইফালে সংবাদমেলত শিক্ষা সেতু এ’পক লৈ কোনো আপত্তি থাকিব নোৱাৰিব বুলি মন্তব্য শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ। মন্ত্ৰীগৰাকীয়ে কয় ‘ফেচবুক, WhatsApp, phonepay, Googlepay ব্যৱহাৰ কৰোতে যদি অসুবিধা নাই, শিক্ষা সেতু এ’প ব্যৱহাৰত অসুবিধা ক’ত?’’ মাজে সময়ে কেৱল এ’পত আপডেট কৰিব লাগে বুলি মন্তব্য শিক্ষামন্ত্ৰীগৰাকীৰ। লগতে শিক্ষামন্ত্ৰীগৰাকীয়ে কয়, “প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ সকলো পাঠ অনলাইন সাজু হৈছে। তাৰ পৰাই পঢ়াব পাৰিব শিক্ষকসকলে। এইবাৰৰ পৰা একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠ অনলাইনত পোৱা যাব। তাৰ বাবে অভিজ্ঞ শিক্ষকসকলক বিদ্যালয় পৰিদশৰ্কে নিৰ্বাচিত কৰিব।”

আনহাতে শিক্ষা বিভাগত ভৱিষ্যতে আৰু ঠিকাভিত্তিক শিক্ষক নিযুক্তি প্ৰদান কৰা নহয় বুলিও জনাই শিক্ষামন্ত্ৰীগৰাকীয়ে। এতিয়াৰে পৰা কেৱল নিয়মীয়া পদতহে হ’ব নিযুক্তি।প্ৰতিখন বিদ্যালয়তে বাধ্যতামূলকভাৱে থাকিব লাগিব টেট উত্তীৰ্ণ শিক্ষক। শিক্ষামন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি শীঘ্ৰেই পুনৰ ৯ হাজাৰ পদত নিয়োগ কৰা হ’ব শিক্ষক। শিক্ষকসকলৰ স্থানীয় ভাষাৰ ওপৰত থাকিব লাগিব জ্ঞান। আগন্তুক শিক্ষা বৰ্ষৰ পৰা সকলো বিদ্যালয়তে হ’ব স্মাৰ্ট ক্লাছ ৰুম।

আনহাতে অনুষ্ঠানত তেওঁ শিক্ষাৰ্থীৰ নামভৰ্তি বিনামূলীয়া হোৱা উচিত বুলি মন্তব্য কৰি কয়, টিউচনৰ নামত শিক্ষাৰ্থীৰ পৰা মাচুল আদায় কৰাটো নিয়ম বৰ্হিভূত কাৰ্য। পাঠদান কৰাৰ বাবে চৰকাৰে শিক্ষকক দৰমহা প্ৰদান কৰে। ইয়াৰ পাছতো টিউচনৰ নামত মাচুল লোৱাৰ যুক্তিযুক্ততা ক’ত বুলিও তেওঁ প্ৰশ্ন কৰে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে লগতে কয়, এতিয়াৰে পৰা চৰকাৰী আৰু প্ৰাদেশীকৃত বিদ্যালয়ত মাচুল ল’ব নোৱাৰিব।

Latest News