বিদ্যুৎ বিল হ্ৰাসৰ পৰা ‘স্বাগত সতীৰ্থ’ পৰ্টেললৈ…নতুনৰ বছৰৰ প্ৰথম দিনটোত মুখ্যমন্ত্ৰীৰ কেইবাটাও ডাঙৰ ঘোষণা…
নৱবৰ্ষৰ প্ৰথম দিনটোতে চৰকাৰী কৰ্মচাৰীলৈ মুখ্যমন্ত্ৰীৰ উপহাৰ। মুখ্যমন্ত্ৰীয়ে আজি মুকলি কৰিলে 'স্বাগত সতীৰ্থ' পৰ্টেল। এতিয়াৰে পৰা পাৰস্পৰিক বুজাবুজিৰে কৰ্মচাৰীয়ে পাব বদলিৰ সুবিধা। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে লাভ কৰিব এই সুবিধা। জানো আহক বছৰৰ প্ৰথম দিনটোত আৰু কি কি ভাল ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে...
আজি ২০২৫ বৰ্ষৰ প্ৰথমটো দিন৷ কইনাধৰাত ‘নতুন দিনৰ আলাপ’ শীৰ্ষক কাৰ্যসূচীত অংশ ল’লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ প্ৰথম দিনটোতে সাংবাদিকৰে মত-বিনিময় মুখ্যমন্ত্ৰীৰ। বিগত বৰ্ষৰ কামৰ খতিয়াই দাঙি ধৰাৰ লগতে মুখ্যমন্ত্ৰীয়ে দিলে কেইবাটাও ভাল খবৰ।
বিদ্যুৎ বিল হ্ৰাস সন্দৰ্ভত সংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে কয়, ‘বিগত দুবছৰ ধৰি APDCLয়ে লাভত আছে। সেয়েহে এই বছৰ আমি বিদ্যুৎ মাচুল হ্ৰাস কৰিব পৰা পৰিস্থিতিলৈ আহিম।” লগতে তেওঁ কয়, এই ক্ষেত্ৰত আন ৰাজ্যৰ মডেল অনুসৰণ আমি নকৰো। দুটা বছৰত আমাৰ ৬০০ কোটি টকা লাভ হৈছে। এই বছৰ ৬০০ কোটি টকা বিদ্যুৎ বিল হ্ৰাস কৰি ৰাইজক ওভতাই দিম। ব’হাগ বিহুৰ পৰা বিদ্যুতৰ মাছুল হ্ৰাস কৰা হ’ব। ৫০ পইচাৰ পৰা ডেৰ টকা হ্ৰাস হ’ব বিদ্যুৎ মাচুল। মধ্যবিত্ত লোক যিসকল লোকে ১৫০ ইউনিট বিদ্যুৎ খৰচ কৰে, তেওঁলোকৰ বাবে ডেৰ টকা মাচুল হ্ৰাস কৰা লক্ষ্য বান্ধি লৈছোঁ। এনেদৰে লাভত থাকিলে ২০২৬ চনত আৰু এটকা কমাব পাৰিম।
এই সন্দৰ্ভত তেওঁ পুনৰ কয় “এই বছৰ ভূটান যাওতে তেওঁলোকৰ লগত আলোচনা কৰিছোঁ। অৰুণাচলৰ লগতো আমাৰ আলোচনা চলি আছে। ভূটান- অৰুণাচল ৫০০-৫০০ মেগাৱটৰ দুটা হাইডেল প্ৰজেক্ট অসম চৰকাৰে উৎপন্ন কৰাৰ বাবে চেষ্টা চলাই থকা হৈছে। ইয়াৰ ১০০ শতাংশ বিদ্যুৎ অসমলৈ অনা হ’ব।”
ইয়াৰ উপৰিও নৱবৰ্ষৰ প্ৰথম দিনটোতে চৰকাৰী কৰ্মচাৰীলৈ মুখ্যমন্ত্ৰীৰ উপহাৰ। মুখ্যমন্ত্ৰীয়ে আজি মুকলি কৰিলে ‘স্বাগত সতীৰ্থ’ পৰ্টেল। এতিয়াৰে পৰা পাৰস্পৰিক বুজাবুজিৰে কৰ্মচাৰীয়ে পাব বদলিৰ সুবিধা। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে এই সুবিধা। মুখ্যমন্ত্ৰীয়ে কয়, “এই পৰ্টেলটো ১ জানুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ খোলা থাকিব। পৰ্টেলটোত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে ৫টা স্থানৰ বিকল্পৰ ব্যৱস্থা কৰা হৈছে। কম্পিউটাৰৰ জৰিয়তে হ’ব কৰ্মচাৰীৰ বদলিকৰণ প্ৰক্ৰিয়া। ইয়াত কাৰো মেনুৱেল হস্তক্ষেপ নাথাকিব।” লগতে মুখ্যমন্ত্ৰীয়ে জনাই যে ব’হাগ বিহুৰ পূৰ্বে হ’ব এই বদলিৰ প্ৰক্ৰিয়া।
ইফালে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ বিনামূলীয়া বীমাৰ ব্যৱস্থা। কৰ্মচাৰীৰ মৃত্যু হ’লে লাভ কৰিব বীমাৰ ধন। চৰকাৰী কৰ্মচাৰীয়ে প্ৰাকৃতিক কাৰণত মৃত্যু হ’লে পাব ১০ লাখ টকা। পথ দুৰ্ঘটনাত মৃত্যু হ’লে পৰিয়ালে পাব ১ কোটি।
নতুন আশা, উদ্যম আৰু শুভ বার্তাৰে ‘নতুন দিনৰ আলাপ’
Reflecting on Assam’s progress in 2024 and sharing the achievements of the past year.
Addressing the New Year’s Press Conference https://t.co/aYgE8EL6kf
— Himanta Biswa Sarma (@himantabiswa) January 1, 2025
২০২৬ চনত গুৱাহাটীত ডিজেল বাছ বন্ধৰ চিন্তা-চৰ্চা চৰকাৰৰ। তেওঁ কয়, “গুৱাহাটীত ২০২৬ত ডিজেল চালিত বাছ সম্পূৰ্ণ বন্ধ কৰিব পৰা যাব। ৫৬খন ইলেকট্ৰিক বাছৰ সেৱাৰ শুভাৰম্ভ হৈছে। জলবায়ু পৰিৱৰ্তন ৰোধ কৰিবলৈ গ্রীণ বাছ আৰম্ভ কৰা হৈছে। সেয়ে গুৱাহাটীত প্রদূষণ কমিছে। প্রধানমন্ত্রীয়ে আৰু ১০০খন ELECTRIC বাছ দিব অসমক।” লগতে মুখ্যমন্ত্ৰীয়ে কয়, গুৱাহাটীত কেইবাটাও নতুন প্ৰকল্পৰ কাম চলি আছে। প্ৰকল্পসমূহ সম্পূৰ্ণ হ’লে পাব গুৱাহাটীয়ে ন-ৰূপ । এবছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব ইষ্ট ওৱেষ্ট কৰিড’ৰ কাম।”
জুন-জুলাইত উদ্বোধন হ’ব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং। অনুষ্ঠানত এই কথাও জনালে মুখ্যমন্ত্ৰীয়ে। কুমাৰ ভাস্কৰ বৰ্মনৰ নামেৰে নামকৰণ গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং। লগতে ফেব্ৰুৱাৰীত আৰম্ভ হ’ব নাৰেংগী-কুৰুৱা দলঙৰ কাম। ইতিমধ্যে পলাশবাৰী-শুৱালকুছি দলঙৰ কাম আৰম্ভ হৈছে বুলি জনালে মুখ্যমন্ত্ৰীয়ে।
ৰাজ্যত সংঘটিত অপৰাধৰ বৰ্ণনা দি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, “অসমত হ্ৰাস হৈছে অপৰাধজনিত গোচৰৰ সংখ্যা। মহিলাৰ বিৰুদ্ধে হ্ৰাস হৈছে গোচৰৰ সংখ্যা । মহিলাৰ বিৰুদ্ধে অপৰাধৰ হাৰ ৮২.১৯% হ্ৰাস হৈছে।৩ বছৰত অসম বন্ধৰ ঘোষণা কৰা নাই। প্ৰতিবাদ, পুত্তলিকা দাহৰ সংখ্যা ক্ৰমাৎ হ্ৰাস। দুৰ্ঘটনাত মৃত্যু হোৱাৰ লোকৰ সংখ্যাও ক্ৰমাৎ হ্ৰাস পাইছে ।” মুখ্যমন্ত্ৰী উল্লেখ কৰা তথ্য অনুসৰি ৰাজ্যত ২০২৩ বৰ্ষৰ তুলনাত ২০২৪ বৰ্ষত হ্রাস পাইছে পথ দুর্ঘটনাৰ সংখ্যা। ২০২৩ বর্ষত ৩,১৫৩টা আৰু ২০২৪ বর্ষত ২,৭৪৪টা পথ দুর্ঘটনা সংঘটিত হৈছে ৰাজ্যত।