লাখপতি বাইদেউলৈ নতুন বছৰৰ উপহাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰঃ কৰিলে এই ঘোষণা…

অহা কিছুদিনৰ ভিতৰতে ৰাজ্যৰ মহিলা আত্মসহায়ক গোটসমূহত প্ৰথমে ১০ হাজাৰ টকা, ইয়াৰ পিছত ২৫ হাজাৰ টকা আৰু তাৰ পিছত ৫০ টকা টকাকৈ অনুদান দিয়াৰ এক বৃ্হৎ আঁচনি গ্ৰহণ কৰা হ’ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই সন্দৰ্ভত সমীক্ষা চলাই থকা হৈছে আৰু অহা এক-দুমাহৰ ভিতৰতে এই আঁচনি আৰম্ভ কৰা হ’ব বুলি তেওঁ লগতে কয়।

লাখপতি বাইদেউলৈ নতুন বছৰৰ উপহাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰঃ কৰিলে এই ঘোষণা...

ভাষণৰত অৱস্থাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Published: 

09 Jan 2025 20:04 PM

আজি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ চৌহানে অসম ভ্ৰমণ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণৰ সময়তে আজি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৰাজ্যত নতুনকৈ আৱাস লাভ কৰা ৫০,০০০ হিতাধিকাৰীৰ আনুষ্ঠানিক গৃ্হ প্ৰৱেশ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। গুৱাহাটীৰ সৰুসজাই  ষ্টেডিয়ামত অনুষ্ঠিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। অনুষ্ঠানত তেওঁ অভিলাসী লাখপতি বাইদেউ আঁচনি সন্দৰ্ভতো এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে।

এই অনুষ্ঠানত লাখপতি বাইদেউ আঁচনিৰ সুবিধা গ্ৰহণ কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰা ২০ গৰাকী মহিলাক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত নিজ ভাষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মহিলাসকল এতিয়া ‘লাখপতি বাইদেউ নহয়, মহালাখপতি বাইদেউ’ বুলি অভিহিত কৰে। সম্বৰ্ধিত এই মহিলাসকলে আত্মসহায়ক গোটৰ জৰিয়তে আগবাঢ়ি গৈ এতিয়া ১০ লাখ টকাকৈ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে বুলি তেওঁ লগতে কয়।

এনে স্বাৱলম্বিতাৰ উদাহৰণ দি তেওঁ লগতে অহা কিছুদিনৰ ভিতৰতে ৰাজ্যৰ মহিলা আত্মসহায়ক গোটসমূহত প্ৰথমে ১০ হাজাৰ টকা, ইয়াৰ পিছত ২৫ হাজাৰ টকা আৰু তাৰ পিছত ৫০ টকা টকাকৈ অনুদান দিয়াৰ এক বৃ্হৎ আঁচনি গ্ৰহণ কৰা হ’ব বুলি ঘোষণা কৰে। এই সন্দৰ্ভত সমীক্ষা চলাই থকা হৈছে আৰু অহা এক-দুমাহৰ ভিতৰতে এই আঁচনি আৰম্ভ কৰা হ’ব বুলি তেওঁ নিজ ভাষণত উল্লেখ কৰে।

এই সমীক্ষাত নিৰ্বাচিত হোৱা মহিলাসকলে ১০ হাজাৰকৈ টকা লাভ কৰিব বুলি জানিবলৈ দিয়ে। এই ধনেৰে ভাল কাম কৰিলে পিছত পুনৰ ২৫ হাজাৰ টকা প্ৰদান কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে। এইদৰে মহিলাসকলে প্ৰথমে লাখপতি আৰু তাৰ পিছত মহালাখপতি হ’ব পাৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আশা প্ৰকাশ কৰে।

উল্লেখ্য যে বিগত বৰ্ষৰ আৰম্ভণিতে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এই আঁচনিৰ বিষয়ে ঘোষণা কৰিছিল। এই মহিলা উদ্যমিতা অভিযান আঁচনিখনৰ জৰিয়তে ৰাজ্যৰ ৩৯ লাখ মহিলাক ৰাজ্য চৰকাৰে দহ হাজাৰ টকাৰ পুঁজি যোগান ধৰে। অৱশ্যে ৰাজ্য চৰকাৰৰ গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত পঞ্জীয়নভুক্ত আত্মসহায়ক গোটৰ সদস্যসকলেহে এই আঁচনিৰ সুবিধা লাভ কৰে৷

আঁচনিখনৰ বাবে আন কিছুমান চৰ্তও আৰোপ কৰা হৈছিল। সেই অনুসৰি গোটৰ বা বেংক আদিৰ পৰা পূৰ্বে ঋণ লৈ পৰিশোধ কৰা মহিলা, অমৃত বৃক্ষ আন্দোলনত বৃক্ষৰোপণ কৰা মহিলাসকল, তিনিটাতকৈ অধিক সন্তান নথকা (অনুসূচিত জনজাতিৰ ক্ষেত্ৰত চাৰিটা সন্তান) মহিলাসকলে ৰাজ্য চৰকাৰৰ এই মহিলা উদ্যমিতা অভিযানৰ পুঁজি লাভ কৰে৷

শৰীৰৰ কোন অংশত তিল থাকিলে কি হয় ? জানক সবিশেষ
চকুৰ বাবে উপকাৰী গাজৰ, জানক কি কি বেমাৰত সহায় কৰে গাজৰে
পাকঘৰত হাতৰ পৰা বাৰে বাৰে পৰি যায় নেকি এইসমূহ সামগ্ৰী? সাৱধান...
ভাৰতৰ প্ৰথমগৰাকী শিক্ষয়িত্ৰী কোন আছিল?