শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

চলিত বৰ্ষতে মুকলি হ’ব জোঙাল বলহু পর্যটন ক্ষেত্রঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে ঘোষণা

মৰিগাঁও জিলাৰ ঔজাৰীস্থিত স্বর্গীয় জেমন চন্দ্ৰ বৰদলৈ ক্ষেত্ৰত অনুষ্ঠিত হৈছে তিৱা জনগোষ্ঠীৰ জাতীয় অনুষ্ঠান তিৱা সাহিত্য সভা (তিৱা মাথনলাই তন্ত্রা)ৰ ত্রয়োদশ সংখ্যক কেন্দ্রীয় অধিৱেশন। আজি অধিৱেশনৰ মুকলি সভাত অংশগ্রহণ কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই।

চলিত বৰ্ষতে মুকলি হ’ব জোঙাল বলহু পর্যটন ক্ষেত্রঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে ঘোষণা
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদৰণি
monjit-dutta
Monjit Dutta | Published: 23 Mar 2025 23:25 PM

মৰিগাঁও জিলাৰ ঔজাৰীস্থিত স্বর্গীয় জেমন চন্দ্ৰ বৰদলৈ ক্ষেত্ৰত অনুষ্ঠিত হৈছে তিৱা জনগোষ্ঠীৰ জাতীয় অনুষ্ঠান তিৱা সাহিত্য সভা (তিৱা মাথনলাই তন্ত্রা)ৰ ত্রয়োদশ সংখ্যক কেন্দ্রীয় অধিৱেশন। আজি অধিৱেশনৰ মুকলি সভাত অংশগ্রহণ কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই। এই সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্রীগৰাকীয়ে তিৱা সাহিত্যৰ মাজেদি প্রকাশিত হোৱা চিন্তা-চেতনাই ৰাজ্যৰ সাহিত্য ক্ষেত্ৰখন উৰ্বৰ কৰিছে বুলি মন্তব্য কৰে। তিৱাসকলৰ সমৃদ্ধ লোকজীৱন আৰু লোককৃষ্টিৰ আধাৰতে তিৱা সাহিত্য গঢ় লৈ উঠিছে বুলি মন্তব্য কৰি তেওঁ কয় যে জন্মলগ্নৰে পৰা জনগোষ্ঠীটোৰ ভাষা-সাহিত্যৰ বিকাশ সাধনত তিৱা সাহিত্য সভাই লোৱা ভূমিকাই নতুন প্রজন্মক বিশেষভাবে উৎসাহিত কৰিছে।

পূৰ্বৰে পৰা কথিত ৰূপত প্রচলিত হৈ অহা তিৱা ভাষাৰ লিখিত সাহিত্যৰ বিকাশ বিংশ শতিকাৰ সত্তৰৰ দশক মানৰ পৰা হৈছিল বুলি উল্লেখ কৰি তেওঁ কয় যে এই ক্ষেত্রত ১৯৭৩ চনৰ মাৰ্চ মাহত প্রকাশিত সদৌ অসম তিৱা (লালুং) যুর-ছাত্র সম্মিলনৰ ‘বিংছাং ‘নামৰ মুখপত্রখনে মুখ্য ভূমিকা লৈছিল। তেওঁ লগতে কয় যে ৰিংস্থাঙত তিৱাসকলৰ আঁতি-গুৰি, জনগোষ্ঠীটোৰ গৌৰৱমণ্ডিত ইতিহাস, সমাজ আৰু ৰাজনীতি, কৃষ্টি-সংস্কৃতিৰ উপৰি তিৱা ভাষা আৰু সাহিত্য বিষয়ক কেতবোৰ লেখা প্রকাশ পাইছিল।

ৰিংছাঙে তিৱা ভাষা আৰু সাহিত্য চর্চাৰ বাট মুকলি কৰি জনগোষ্ঠীটোৰ উঠি অহা প্রজন্মক নিজা ভাষাত সাহিত্য চর্চা কৰিবলৈ উদগণি যোগাইছিল বুলি দোহাৰি মুখ্যমন্ত্রীগৰাকীয়ে কয় যে ১৯৮০ চনৰ ১৫ নৱেম্বৰত জাগীৰোডৰ ওচৰৰ মাৰ্কংকুছি প্রাথমিক বিদ্যালয়ত চন্দ্ৰকান্ত বৰদলৈৰ সভাপতিত্বত তিৱা ভাষা উন্নয়ন পৰিষদ নামৰ এটি সংগঠন গঢ়ি উঠিছিল। ১৯৮১ চনৰ ৩১ মে’ত সংগঠনটোৰ নাম সলনি কৰি সদৌ তিৱা সাহিত্য সভা হিচাপে নামাকৰণ কৰা হৈছিল বুলিও তেওঁ কয়।

তেওঁ লগতে কয় যে তিৱা সাহিত্য সভাৰ অভিবৰ্তনত সভাৰ নাম সলনি কৰি তিৱা মাথনলাই তা হিচাপে নামাকৰণ কৰা হৈছিল। তিৱা মথানলাই তখাৰ অধিৱেশনসমূহত মুখপত্ৰৰ লগতে বুজন সংখ্যক তিৱা ভাষাৰ গ্ৰন্থ প্রকাশে তিৱা ভাষা-সাহিত্য চর্চাত নতুন আয়তন যোগ দিবলৈ সক্ষম হৈছে বুলিও তেওঁ মন্তব্য কৰে। ভাষা-সংস্কৃতিৰ বিকাশৰ দিশত এই সাহিত্য অনুষ্ঠানটোৱে গুৰুত্বপূর্ণ পদক্ষেপ লৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে তিৱা ভাষা-সাহিত্য চর্চাক বিশেষ গতি প্রদান কৰি সাহিত্যিক তথা তথ্ৰাৰ সাহিত্য সম্পাদক হৰচিং খলাৰে ২০২৩ চনত সাহিত্য অকাডেমী ভাষা সন্মান বঁটা লাভ কৰি সমগ্ৰ জাতিটোৰে গৌৰৱ বৃদ্ধি কৰিলে।

তিৱা জাতিক স্বকীয় পৰিচয়েৰে উদ্ভাসিত কৰি অহা তিৱা ভাষা-কৃষ্টি সংৰক্ষণ আৰু প্ৰসাৰৰ দিশত ৰাজ্য চৰকাৰে অবিৰত প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে অন্যান্য জনজাতীয় ভাষাসমূহৰ লগতে তিৱা ভাষাকো শিক্ষাৰ মাধ্যম হিচাপে প্রাথমিক পর্যায়ত প্ৰৱৰ্তনৰ বাবে অধিসূচনা জাৰি কৰিছে। তদুপৰি ইতিমধ্যে তিৱা মাথনলাই তথ্ৰাৰ তৰফৰ পৰা ৰাজ্যিক শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ উদ্যোগত পাঠ্যপুথি প্রণয়নৰ কৰ্মসূচী সম্পন্ন হোৱাটো নিঃসন্দেহে শলাগিবলগীয়া পদক্ষেপ বুলিও তেওঁ কয়।

নিজ ভাষণত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই লগতে ভাষাৰ শ্রীবৃদ্ধিত বলিষ্ঠ ভূমিকা গ্রহণ কৰিব পৰাকৈ তিৱা সাহিত্য সভাই তিৱা জনগোষ্ঠীৰ ইতিহাস, লোক সাহিত্য ইত্যাদি সন্দর্ভত এনে গ্রন্থ প্রকাশ কৰিব লাগে বুলিও পৰামৰ্শ আগবঢ়ায়। তেওঁ লগতে মাথনলাই তখ্রাই তিৱা জনগোষ্ঠীৰ বুৰঞ্জী প্ৰণয়নৰ বাবে আগবাঢ়ি আহিলে ৰাজ্য চৰকাৰে প্ৰকাশৰ ব্যয় বহন কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে।

উল্লেখ্য যে আজিৰ এই অনুষ্ঠানত প্রায় ১ হাজাৰৰো অধিক শিল্পীয়ে তিৱা নৃত্য পৰিৱেশন কৰে। এই নৃত্য উপভোগ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত এই শিল্পীসকলৰ দ্বাৰা তিৱা নৃত্য পৰিৱেশনৰ ব্যৱস্থা গ্ৰহণৰ পদক্ষেপ লোৱা হ’ব বুলি ঘোষণা কৰে। তদুপৰি চাৰণ বিলৰ সন্মুখৰ তিনি কঠা মাটিত তিৱা সাহিত্য সভাই কলাক্ষেত্র নিৰ্মাণৰ ক্ষেত্ৰত আগবঢ়োৱা প্ৰস্তাৱৰ প্ৰতি ৰাজ্য চৰকাৰে ইতিবাচক সঁহাৰি আগবঢ়াব বুলিও তেওঁ আশ্বাস দিয়ে।

ইফালে তিৱা জাতীয় বীৰ জোঙাল বলহুৰ নামত নিৰ্মাণ হৈ থকা জোঙাল বলহু পর্যটন ক্ষেত্র এই বছৰতে ৰাইজৰ বাবে মুকলি কৰা হ’ব বুলি সভাস্থলীতে ঘোষণা কৰে মখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজিৰ এই অনুষ্ঠানত কেবিনেট মন্ত্ৰী পীযুষ হাজৰীকা, স্থানীয় বিধায়ক তথা অভ্যর্থনা সমিতিৰ সভাপতি ৰমাকান্ত দেউৰীৰ উপৰি তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, তিৱা মাথনলাই তখ্ৰাৰ নৱনিৰ্বাচিত সভাপতি তথা সাহিত্য অকাডেমী ভাষা সন্মান বঁটা প্রাপক হৰচিং খলাৰ প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।