আৰম্ভ হ’ল জোনবিল মেলাঃ মধ্য অসমৰ ২২ গৰাকী তিৱা ৰজালৈ বাৰ্ষিক ভাট্টা মুখ্যমন্ত্ৰীৰ
কেবিনেট বৈঠককে ধৰি একাধিক কাৰ্যসূচীৰে আজি দিনজোৰাকৈ মৰিগাঁও জিলা ভ্ৰমণ কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঐতিহাসিক জোনবিল মেলাতো অংশগ্ৰহণ কৰে। জোনবিল মেলাত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে গোভাৰজা দিপসিংহ দেওৰজাসহ মধ্য অসমৰ ২২ গৰাকী তিৱা ৰজালৈ বাৰ্ষিক ভাট্টা আগবঢ়ায়।
আজিৰে পৰা আৰম্ভ হৈছে ঐতিহাসিক জোনবিল মেলা। কেবিনেট বৈঠককে ধৰি একাধিক কাৰ্যসূচীৰে আজি দিনজোৰাকৈ মৰিগাঁও জিলা ভ্ৰমণ কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঐতিহাসিক জোনবিল মেলাতো অংশগ্ৰহণ কৰে। জোনবিল মেলাত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে গোভাৰজা দিপসিংহ দেওৰজাসহ মধ্য অসমৰ ২২ গৰাকী তিৱা ৰজালৈ বাৰ্ষিক ভাট্টা আগবঢ়ায়। বিনিময় প্রথাৰে সমুজ্জল জোনবিল মেলাত আয়োজিত অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে জোনবিল মেলাৰ এক গৌৰৱোজ্জ্বল ইতিহাস আছে বুলি মন্তব্য কৰে।
নিজ ভাষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে জোনবিল মেলাই অসমৰ অতি পুৰণি এতিহ্য আৰু পৰম্পৰাৰ সুন্দৰ চানেকি বহন কৰে বুলিও মন্তব্য কৰে। তেওঁ লগতে কয় যে জোনবিল মেলা উপলক্ষে প্রতি বছৰে পাহাৰৰ পৰা মামা-মামীসকলে বিভিন্ন বয়-বস্তু লৈ আহে। ঠিক একেদৰে ভৈয়ামৰ তিৱাসকলে বিভিন্ন ধৰণৰ প্রয়োজনীয় সামগ্ৰী যোগান ধৰি পুনৰ তেওঁলোকক বিদায় দিয়ে।
জোনবিল মেলাৰ এই সময়ছোৱাত তিৱা জনগোষ্ঠীৰ লোকসকলে পুনৰ মিলিত হৈ জাতিৰ গৌৰৱময় ঐতিহ্যক সোঁৱৰণ কৰে বুলিও মন্তব্য কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এই মেলাই একতা আৰু সমন্বয়ৰ বান্ধোনেৰে তিৱা জনগোষ্ঠীক আগুৱাই লৈ যোৱাৰ বাবে সংকল্পবদ্ধ হোৱাৰ সুযোগ প্রদান কৰে।
বিগত বৰ্ষৰ জোনবিল মেলাত অংশগ্ৰহণ কৰি এই মেলা আয়োজনৰ সুবিধাৰ্থে ভূমি ক্ৰয় কৰি দিয়াৰ বাবে ৰাজ্য চৰকাৰে প্রদান কৰা প্রতিশ্ৰুতিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে আজি মৰিগাঁৱত অনুষ্ঠিত কেবিনেট বৈঠকত জোনবিল মেলাৰ সভাঘৰ আৰু মঞ্চ নিৰ্মাণৰ বাবে ৫ কোটি টকাৰ অনুদান আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা উপস্থিত জনসাধাৰণৰ আগত সদৰি কৰে।
পৰ্যায়ক্ৰমে জোনবিল মেলাৰ পৰিসৰ আৰু অধিক বৃদ্ধি কৰিব পৰা যাব বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। জোনবিল মেলা সমগ্ৰ অসমৰে এক মহান ঐতিহ্য আৰু এই ঐতিহ্যক সদায় জীয়াই ৰাখিব লাগিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই বৰ্ষৰ জোনবিল মেলাৰ সফলতা কামনা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে তিৱা জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি সুৰক্ষিত কৰাৰ বাবে ৰাজ্য চৰকাৰ প্রতিশ্ৰুতিবদ্ধ বুলিও উল্লেখ কৰে।
অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে নাৰায়ণ কুমাৰ ৰাডু কাকতিৰ ‘তিৱা ৰাজ্যৰ বুৰঞ্জী’ শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰে। আজিৰ এই অনুষ্ঠানত কেবিনেট মন্ত্ৰী পীযুষ হাজৰীকা, জয়ন্ত মল্লবৰুৱা, বিধায়ক ৰমাকান্ত দেউৰী, তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰকে ধৰি গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে।