শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

হোজাইত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ, কৰিলে কেইবাটাও ডাঙৰ ঘোষণা…

আঁচনি আৰু উন্নয়নৰ খতিয়ান লৈ আজিও পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পুৱা হোজাইৰ শ্ৰীমন্ত শংকৰদেৱ নগৰ ক্ৰীড়া খেল পথাৰত উপস্থিত হৈ বিশাল জনসভাক সম্বোধন কৰে মুখ্যমন্ত্ৰীয়ে। উচ্চতৰ মাধ্যমিকৰ ফলাফল মে' মাহৰ প্ৰথম সপ্তাহত দিয়া হ'ব বুলি কয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

হোজাইত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ, কৰিলে কেইবাটাও ডাঙৰ ঘোষণা…
হোজাইত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ
trishna-kalita
Trishna Kalita | Updated On: 24 Apr 2025 18:32 PM

সমাগত পঞ্চায়ত নিৰ্বাচন। বিগত কেইবাদিনৰ পৰা নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। আঁচনি আৰু উন্নয়নৰ খতিয়ান লৈ আজিও পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পুৱা হোজাইৰ শ্ৰীমন্ত শংকৰদেৱ নগৰ ক্ৰীড়া খেল পথাৰত উপস্থিত হৈ বিশাল জনসভাক সম্বোধন কৰে মুখ্যমন্ত্ৰীয়ে।

বেংগলী ভাষাৰে “সবাৰ ভাল” বুলি সম্বোধন কৰি ভাষণ আৰম্ভণি কৰে মুখ্যমন্ত্ৰীয়ে।  আজিৰ সভাত কৈ যোৱা কথাবোৰ নাপাহৰিবলৈ উপস্থিত ৰাইজক আহ্বান জনাই মুখ্যমন্ত্ৰী ড০ শৰ্মাই। ৰাইজক “I LOVE U” বুলি সম্বোধন কৰাৰ উপৰি হোজাই জিলাত ক’ত ক’ত বিহু অনুস্থিত হৈছে তাৰে খতিয়ান লয়। ইফালে কাশ্মীৰত সংঘটিত ঘটনাৰ বাবে পৰিয়ালবৰ্গলৈ সমবেদনা আৰু বিদেহ আত্মাৰ সদগতিৰ কামনা কৰে। সন্ত্ৰাসবাদীক নিংশেষ কৰিবলৈ ভাৰতৰ প্ৰধানমন্ত্ৰীক শক্তি দিয়ক বুলি মন্তব্য কৰাৰ লগতে পাকিস্তানৰ সমৰ্থনত অসমত দালালী কৰা সকলক এৰি নিদিও বুলিও দিয়ে হুংকাৰ প্ৰদান কৰে।

ইয়াৰ মাজতে ১৫ দিন পাকিস্তানত থাকি অহা অসমৰ সাংসদগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে কয় যে,  সন্ত্ৰাসবাদীৰ বিৰুদ্ধে হিন্দু মুছলমানে একেলগে যুঁজিব লাগিব। বিজেপি আহিলে মছজিদৰ সংখ্যা কমিব বুলিব কৰা কথাৰ উদাহৰণ হিচাপে যমুনামুখত মছজিদৰ কমিছে নেকি বুলিও ৰাইজক কৰে প্ৰশ্ন মুখ্যমন্ত্ৰীয়ে।

তেওঁ কয়, “বিজেপিয়ে জাত-পাতৰ ৰাজনীতি নকৰে। সকলোকে সমানে সুবিধা দিছে বিজেপিয়ে।”  সভাত কংগ্ৰেছৰ দিনত সাম্প্ৰদায়িক সংঘাত হৈছিল যদিও এতিয়া বিজেপিৰ দিনত বোমা, গুলী আৰু আন্দোলন নাই বুলি সদৰি কৰে মুখ্যমন্ত্ৰীয়ে। ইফালে কংগ্ৰেছে হাতৰ ছবি বাদ দি লুঙীৰ ছবিত নিৰ্বাচন খেলিবলৈ পুনৰ কটাক্ষ কৰে মুখ্যমন্ত্ৰীয়ে। ইফালে মুখ্যমন্ত্ৰীয়ে ১ অক্টোবৰৰ পৰা ৩০০ টকাকৈ গেছৰ মূল্যত হ্ৰাস আৰু ১ নৱেম্বৰ পৰা বিজুলীৰ মাছুলত এটকাকৈ কম হ’ব বুলিও ঘোষণা কৰে।

ইয়াৰোপৰি অহা বৰ্ষৰ এপ্ৰিল মাহত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে সকলোকে চৰকাৰ কাৰ হ’ব তাৰ ওপৰত ভোট দিবলৈ কয় মুখ্যমন্ত্ৰীয়ে। পহলগামৰ ঘটনাক লৈ বিধায়ক আমিনুল ইছলামে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়াত মুখ্যমন্ত্ৰীয়ে কয়, “গধুলিলৈকে অপেক্ষা কৰক। আমিনুলে কোৱা ভিডিঅ’টো চাই লওঁ আগত। মুখ্যমন্ত্ৰী এজনে ভিডিঅ নচোৱাকৈ বক্তব্য দিয়াটো উচিত নহয় গতিকে আৰক্ষী সঞ্চালক প্ৰধানক ভিডিঅ’টো আনিবলৈ কৈছোঁ। যদি তেওঁ দেশৰ বিৰুদ্ধে কৈছে তেন্তে ব্যৱস্থা ল’ম।” উচ্চতৰ মাধ্যমিকৰ ফলাফল মে’ মাহৰ প্ৰথম সপ্তাহত দিয়া হ’ব বুলি কয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।