দীৰ্ঘস্থায়ী নহ’ল সুৰাপায়ীৰ সুখ! বাতিল হ’ল ৱাইন শ্ব’পৰ বাবে সময় বৃদ্ধিৰ কেবিনেট সিদ্ধান্ত

অসম কেবিনেটে আজি গুৱাহাটী মহানগৰীত ৱাইন শ্ব’প খোলা ৰখাৰ সময় নিশা ২ বজালৈ বৃদ্ধি কৰা বুলি সংবাদ মেল যোগে সদৰী কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্ত সন্দৰ্ভত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। কিন্তু কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যম যোগে এই সিদ্ধান্ত কাৰ্যকৰী নহয় বুলি ঘোষণা কৰিছে।

দীৰ্ঘস্থায়ী নহ’ল সুৰাপায়ীৰ সুখ! বাতিল হ’ল ৱাইন শ্ব’পৰ বাবে সময় বৃদ্ধিৰ কেবিনেট সিদ্ধান্ত

মুখ্যমন্ত্ৰীৰ স্পষ্টীকৰণ

Published: 

20 Mar 2025 23:23 PM

ডিব্ৰুগড়ত আজি অনুষ্ঠিত হৈছিল অসম চৰকাৰৰ কেবিনেট বৈঠক। এই বৈঠকত আন বহু গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ লগতে কেবিনেটে এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই সিদ্ধান্ত অনুসৰি অসম কেবিনেটে গুৱাহাটী মহানগৰীত ৱাইন শ্ব’প খোলা ৰখাৰ সময় বৃদ্ধি কৰিছিল। বৈঠকৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদ মেল সম্বোধন কৰি কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তৰ বিষয়ে সদৰী কৰে। সংবাদ মেলত তেওঁ উল্লেখ কৰা মতে, আজিৰ বৈঠকত কেবিনেটে গুৱাহাটী মহানগৰীত ৱাইন শ্ব’প খোলা ৰখাৰ সময়সীমা নিশা ২ বজালৈ বৃদ্ধি কৰিছিল।

তদুপৰি ৰাজ্যৰ আন প্ৰান্তত নিশা ১২ বজালৈ ৱাইন শ্ব’প খোলা ৰাখিব পাৰিব বুলি সংবাদ মেলত তেওঁ জানিবলৈ দিছিল। ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্ত সন্দৰ্ভত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। নিশা ২ বজালৈ ৱাইন শ্ব’প খোলাৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছিল একাংশ সচেতন লোকে। এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল বহু লোকে। এই প্ৰতিক্ৰিয়াৰে যেন পাৰ্শ্বক্ৰিয়া দেখা গ’ল শেহতীয়াকৈ।

কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজা সামাজিক মাধ্যম যোগে আজি কেবিনেটে ৱাইন শ্ব’প খোলা ৰখাৰ সময় বৃদ্ধি সন্দৰ্ভত লোৱা সিদ্ধান্ত বাতিলৰ কথা ঘোষণা কৰে। নিজা ফেচবুক একাউণ্ট যোগে তেওঁ উল্লেখ কৰা মতে ব্যৱসায়িক প্ৰতিষ্ঠানৰ কাৰ্যৰ সময় বৃদ্ধিৰ বাবে কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত সুৰা বিপণী আৰু বাৰৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব।

ফেচবুক পোষ্টটোত তেওঁ লিখিছে, “আমাৰ চৰকাৰে দোকান আৰু প্ৰতিষ্ঠানসমূহৰ কাৰ্যৰ সময় সম্প্ৰসাৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখ্য যে এই সিদ্ধান্ত সুৰা বিপণী আৰু বাৰৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। এই স্পষ্টীকৰণ সমূহ সংশ্লিষ্ট পক্ষৰ জ্ঞাতাৰ্থে জনোৱা হ’ল।” অৰ্থাৎ সংবাদ মেলত তেওঁ সুৰা বিপণীৰ ক্ষেত্ৰতো সময় সম্প্ৰসাৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি উল্লেখ কৰিছিল যদিও এই সিদ্ধান্ত এতিয়া কাৰ্যকৰী নহ’ব।

অৱশ্যে আন দোকান তথা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ ক্ষেত্ৰত কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত এতিয়াৰ পৰা কাৰ্যকৰী হ’ব। এই সিদ্ধান্ত অনুসৰি গুৱাহাটী, ডিব্ৰুগড় আৰু শিলচৰত আন ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ ২৪ ঘণ্টাই খোলা ৰাখিব পাৰিব। আনহাতে গ্ৰামাঞ্চলত নিশা ১১ বজালৈ দোকান-পোহাৰ খোলা ৰাখিব পাৰিব বুলি সংবাদ মেলত উল্লেখ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে।

সিদ্ধান্ত মতে পৌৰ নিগমৰ এলেকা বা ৰাজ্যিক ঘাইপথৰ প্রতিষ্ঠানবোৰ নিশা ২ বজালৈকে খোলা ৰাখিব পাৰিব। পৌৰ নিগম এলেকা আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ বাহিৰে জিলা আৰু গৌণ পথৰ প্রতিষ্ঠানসমূহ নিশা ১১ বজালৈকে খোলা ৰাখিব পাৰিব। এই সিদ্ধান্তই ৰাজ্যৰ অৰ্থনীতিৰ আধুনিকীকৰণেৰে ব্যৱসায়, চাকৰি সৃষ্টিৰ লগতে বিশ্বব্যাপী ব্যৱসায় আৰু শ্রমিকৰ প্ৰৱণতাৰ সৈতে সামঞ্জস্য বর্তাই ৰাখিব বুলি আশা কৰা হৈছে।

এই সিদ্ধান্তৰ অধীনত অৱশ্যে সকলো শ্রমিকৰ সুৰক্ষা অক্ষুণ্ণ থাকিব লাগিব আৰু কোনো প্রাপ্তবয়স্ক কর্মীক এসপ্তাহত ৪৮ ঘণ্টাতকৈ অধিক বা এদিনত ৯ ঘণ্টাতকৈ অধিক কাম কৰিবলৈ অনুমতি দিয়া নহ’ব বুলিও নিশ্চিত কৰা হৈছে। আধা ঘণ্টাতকৈ কম বিৰতি নিদিয়াকৈ কোনো কর্মীক ৫ ঘণ্টাতকৈ অধিক সময় একেৰাহে কাম কৰিবলৈ দিয়া নহ’ব।

দিনত ৯ ঘণ্টা বা সপ্তাহত ৪৮ ঘণ্টাৰ পাছৰ যিকোনো কামক ‘অভাৰটাইম’ হিচাপে গণ্য কৰা হ’ব আৰু ৩ মাহৰ ম্যাদত মুঠ ‘অভাৰটাইম’ ১২৫ ঘণ্টাতকৈ অধিক হ’ব নোৱাৰিব বুলিও কেবিনেটে স্পষ্ট কৰি দিয়ে। আইনৰ অধীনত উপলব্ধ শ্রমিকসকলৰ বাবে আন সকলো সুৰক্ষা কৱচ একেই হৈ থাকিব বুলি লগতে সদৰী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ধনৰ অভাৱ দূৰ কৰিবলৈ পাকঘৰত ৰাখক এই বস্তু, জানক সবিশেষ...
কৰমুক্ত IPLৰ পৰা কিদৰে ধন উপাৰ্জন কৰে চৰকাৰে?
ভাৰতৰ ১০০ টকাৰ মূল্য ইজৰাইলত কিমান হয়? শুনি হ'ব আচৰিত...
আইপিএলৰ ইতিহাসত সৰ্বাধিক শূন্যত আউট হোৱা খেলুৱৈজন কোন জানেনে ?