ৰাজ্যৰ চাৰি সহস্ৰাধিক ঠিকাভিত্তিক শিক্ষকক নিয়মীয়া শিক্ষক হিচাপে নিযুক্তি প্রদান মুখ্যমন্ত্ৰীৰ
ঠিকাভিত্তিক শিক্ষক হিচাপে ৰাজ্যৰ শিক্ষা ক্ষেত্রখনলৈ সেৱা আগবঢ়াই অহা ৪,৫২৯ গৰাকী শিক্ষকে আজি নিয়মীয়া শিক্ষক হিচাপে নিযুক্তি লাভ কৰিছে। গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত আয়োজিত এক অনুষ্ঠানত অংশগ্রহণ কৰি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই তেওঁলোকক নিযুক্ত পত্ৰ প্ৰদান কৰে।

নিযুক্তি পত্ৰ বিতৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
ৰাজ্যৰ বিভিন্ন মাধ্যমিক বিদ্যালয়ত অতিৰিক্ত (ঠিকাভিত্তিক) শিক্ষক হিচাপে শিক্ষা ক্ষেত্রখনলৈ সেৱা আগবঢ়াই অহা ৪,৫২৯ গৰাকী শিক্ষকে আজি নিয়মীয়া শিক্ষক হিচাপে নিযুক্তি লাভ কৰিছে। গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত আয়োজিত এক অনুষ্ঠানত অংশগ্রহণ কৰি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই তেওঁলোকক নিযুক্ত পত্ৰ প্ৰদান কৰে। এই শিক্ষকসকলৰ লগতে ৫৮ গৰাকী প্ৰাৰ্থীক আজি ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয়ত সহকাৰী অধ্যাপক হিচাপে নিযুক্তি পত্ৰও প্রদান কৰা হয়।
এই অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ গুণগত শিক্ষাৰ উন্নয়নৰ লক্ষ্যৰে আৰু মাধ্যমিক বিদ্যালয়সমূহত শিক্ষকৰ অভাৱ দূৰ কৰাৰ উদ্দেশ্যে ২০১০ চনত মাহিলী ৮ হাজাৰ টকাৰ পাৰিতোষিকত চৰকাৰী আৰু প্রাদেশীকৃত মাধ্যমিক বিদ্যালয়সমূহত অতিৰিক্ত (ঠিকাভিত্তিক) শিক্ষক নিযুক্তি দিয়া হৈছিল বুলি উল্লেখ কৰে। ২০১২ চনত এইসকল শিক্ষকৰ মাহিলী পাৰিতোষিক ১৫,৫০০ টকাৰ পৰা ২০১৮ চনত ২০ হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছিল বুলি তেওঁ দোহাৰে।
তেওঁ লগতে কয়, “২০২০ চনৰ ১ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ মুঠ ৫,২৪৩ গৰাকী অতিৰিক্ত ঠিকাভিত্তিক শিক্ষকক নিয়মীয়া স্নাতক শিক্ষকৰ সমপৰ্যায়ৰ দৰমহা আৰু অন্যান্য সা-সুবিধা গ্রহণ কৰিবলৈ অনুমতি প্রদান কৰা হৈছিল। তেওঁলোকৰ চাকৰিৰ কাৰ্যকাল ৬০ বছৰলৈ বৃদ্ধি কৰা হয়। ঠিক একেদৰে মাদ্রাছা শিক্ষানুষ্ঠানসমূহতো চুক্তিমূলকভাবে নিযুক্তি প্রদান কৰা ১৪০ গৰাকী অতিৰিক্ত শিক্ষককো একেধৰণে সা-সুবিধা প্রদান কৰা হৈছিল।”
ৰাজ্যৰ শিক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰি তোলাৰ অংশ হিচাপে তথা ৰাজ্যৰ শিক্ষা ক্ষেত্রলৈ ইমান দিনে এই অতিৰিক্ত শিক্ষকসকলে আগবঢ়াই অহা সেৱাৰ স্বীকৃতি হিচাপে আজি তেওঁলোকক নিয়মীয়া শিক্ষক হিচাপে নিযুক্তি প্রদান কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ৰাজ্যৰ শৈক্ষিক আকাশক উজ্জ্বলাই তোলাৰ বাবে সমর্পিত মনোভাৱেৰে কৰ্মত ব্রতী হ’বলৈ মুখ্যমন্ত্রীগৰাকীয়ে আজি নিয়মীয়াকৰণ হোৱা শিক্ষকসকলক আহ্বান জনায়।
আজি নিয়মীয়াকৰণৰ লগে লগে শিক্ষক-শিক্ষয়িত্রীসকলে কেইবাটাও চৰকাৰী সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব বুলিও দোহাৰে হিমন্ত বিশ্ব শৰ্মাই। নিজ ভাষণত তেওঁ কয়, “২০০৫ চনৰ পিছত নিযুক্তিপ্রাপ্ত চৰকাৰী চাকৰিয়ালসকলক নতুন পেঞ্চন আঁচনিৰে সামৰি লোৱাৰ বাবে সিদ্ধান্ত গ্রহণ কৰা হৈছিল। এতিয়া অহা ১ এপ্রিলৰ পৰা কাৰ্যকৰী হোৱাকৈ এনপিএছৰ অন্তর্ভুক্ত চৰকাৰী চাকৰিয়ালসকলক দুটা শ্লেবত ইউপিএছত অন্তর্ভুক্ত কৰাৰ বাবে পৰিকল্পনা গ্রহণ কৰা হৈছে।”
নিয়মীয়া চাকৰিত যোগদান কৰাৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক প্রথম দৰমহা পোৱাৰ লগে লগে মুখ্যমন্ত্রীৰ লোকসেৱক আৰোগ্য যোজনাৰ অধীনত অন্তর্ভুক্ত হৈ চিকিৎসা সুবিধা লাভ কৰাৰ বাবে মুখ্যমন্ত্রীয়ে আহ্বান জনায়। তেওঁ কয় যে আজি নিযুক্তিপ্রাপ্ত এইসকল শিক্ষকে জ্যেষ্ঠতাৰ ভিত্তিত অধ্যক্ষ, উপাধ্যক্ষৰ পদত যোগদানৰ যোগ্যতা লাভ কৰিব। এই শিক্ষকসকলে চৰকাৰৰ আপোন ঘৰ আঁচনি আৰু আপোন বাহন আঁচনিৰ লগতে ২০২৬ চনৰ পৰা পাৰস্পৰিক বদলিৰ সুবিধা লাভ কৰিব।
উল্লেখ্য যে, যোৱা বছৰৰ ২৬ জুলাইত অসম অতিৰিক্ত (ঠিকাভিত্তিক) শিক্ষক সস্থাৰ সৈতে ৰাজ্য চৰকাৰৰ এখন বৈঠক অনুষ্ঠিত হৈছিল। সেই বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি বিদ্যালয় শিক্ষা বিভাগে চৰকাৰী আৰু প্রাদেশিকৃত বিদ্যালয়ৰ সেৱা নিয়মাৱলীৰ সংশোধনৰ প্রস্তাৱ কৰে। এই সংশোধনীয়ে অতিৰিক্ত (ঠিকাভিত্তিক) শিক্ষকসকলক নিয়মীয়া পদত নিযুক্তিৰ জৰিয়তে নিয়মীয়া কর্মচাৰীয়ে লাভ কৰা দৰমহা তথা সা-সুবিধা লাভ কৰিবলৈ অনুষ্ঠিত কৰা “বিশেষ নিযুক্তি অভিযান “ত অংশ লোৱাৰ পথ প্রশস্ত কৰে।
সেই অনুসৰি অনুষ্ঠিত কৰা ‘বিশেষ নিযুক্তি অভিযান’ত ৪৬৪৪ জন অতিৰিক্ত (ঠিকাভিত্তিক) শিক্ষকৰ ভিতৰত সৰ্বমুঠ ৪৫২৯ জন শিক্ষকে স্নাতক শিক্ষক হিচাপে নিয়মীয়াকৰণৰ বাবে পঞ্জীয়ন কৰে। পঞ্জীয়নভুক্ত এইসকল অতিৰিক্ত (ঠিকাভিত্তিক) শিক্ষকক বিভিন্ন মাধ্যমিক বিদ্যালয়ৰ ব্যক্তিগত পদৰ বিপৰীতে ২০২৫ চনৰ ১৫ ফেব্ৰুৱাৰী অর্থাৎ আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ নিয়মীয়া স্নাতক শিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে।
আজিৰ অনুষ্ঠানত উপস্থিত থাকে শিক্ষা আদি বিভাগৰ মন্ত্রী ডাঃ ৰণোজ পেণ্ডৰ উপৰি উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ, অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ উপাধ্যক্ষ কক্স গোঁহাই বৰুৱা, উচ্চ শিক্ষাৰ সঞ্চালক নয়ন কুমাৰ পাঠক, মাধ্যমিক শিক্ষাৰ সঞ্চালক মমতা হোজাই প্রমুখ্যে উচ্চপদস্থ বিষয়াবর্গ আৰু গণ্য-মান্য ব্যক্তিসকল।