এডভাণ্টেজ আছাম ২.০- এ ৰাজ্যৰ বিনিয়োগ আৰু আন্তঃগাঁথনিৰ দিশত নতুন দিগন্তৰ সূচনা কৰিবঃ মুখ্যমন্ত্ৰী
আগন্তুক এডভাণ্টেজ আছাম ২.০ শীৰ্ষক সন্মিলন সন্দৰ্ভত আজি দিছপুৰস্থিত জনতা ভৱন পৰিসৰৰ লোকসেৱা ভৱনৰ ভূমি মহলাৰ সভাকক্ষত ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী আৰু উচ্চপদস্থ চৰকাৰী বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব এই এডভাণ্টেজ আছাম ২.০ শীৰ্ষক সন্মিলন।
এডভাণ্টেজ আছাম ২.০ শীৰ্ষক বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ বাবে প্ৰস্তুতি তুংগত। আগন্তুক এই সন্মিলন সন্দৰ্ভত আজি দিছপুৰস্থিত জনতা ভৱন পৰিসৰৰ লোকসেৱা ভৱনৰ ভূমি মহলাৰ সভাকক্ষত ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী আৰু উচ্চপদস্থ চৰকাৰী বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ভূটানৰ প্রধানমন্ত্ৰী আৰু ভাৰত চৰকাৰৰ কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া এডভাণ্টেজ আছাম ২.০ ৰ প্রস্তুতি সন্দৰ্ভত বুজ লয়।
আগন্তুক এই সন্মিলনত ইতিমধ্যে বুজন সংখ্যক আগশাৰীৰ উদ্যোগপতিয়ে অংশগ্ৰহণ নিশ্চিত কৰিছে। এই সন্মিলনৰ বাবে বাজেটকে ধৰি প্রচাৰ আৰু প্রসাৰ, মহানগৰীৰ সৌন্দৰ্যবৰ্দ্ধদনন আলোকসজ্জা, ৰাস্তা-ঘাটৰ উন্নয়ন, পৰ্যটন, আৰু অন্যান্য মূল বিষয়সমূহৰ ক্ষেত্রত ৰাজ্য প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপসমূহৰ অগ্ৰগতিৰ সন্দৰ্ভত সংশ্লিষ্ট বিভাগৰ বিষয়াসকলৰ পৰা আজিৰ বৈঠকত বিতংভাৱে খতিয়ান লয় মুখ্যমন্ত্ৰীগৰাকীয়ে।
বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্মিলন সৰ্বাংগীনভাৱে সফল কৰি তুলিবলৈ বহু গুৰুত্বপূৰ্ণ আৰু গঠনমূলক পৰামৰ্শ আগবঢ়ায়। অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব এই এডভাণ্টেজ আছাম ২.০ শীৰ্ষক সন্মিলন। আগন্তুক এই সন্মিলনখনৰ জৰিয়তে ৰাজ্যত বিনিয়োগ আৰু আন্তঃগাঁথনি উন্নয়নৰ এক নতুন দিগন্তৰ সূচনা হ’ব বুলি আশা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
আজিৰ এই বৈঠকত পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু, পঞ্চায়ত আৰু, গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাস, জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোচা, পৰিবহন মন্ত্ৰী যোগেন মহনে অংশ লয়।
তদুপৰি শক্তি বিভাগৰ মন্ত্ৰী প্রশান্ত ফুকন, মীন বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পাল, খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰয়, মুখ্য সচিব ড০ ৰবি কোটা, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব ড০ কে কে দ্বিবেদীকে আদি কৰি অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।