শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

এডভান্টেজ আছাম ২.০ক লৈ আশাবাদী মুখ্যমন্ত্ৰীঃ ১ লাখ কোটি টকাৰ বিনিয়োগৰ আশা

এডভান্টেজ আছাম ২.০ৰ সময়ত অসমে প্রায় এক লাখ কোটি টকা বিনিয়োগৰ প্রস্তাৱ লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ইয়াৰ উপৰিও ৰাজ্যৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে কেন্দ্ৰই বৃহৎ বিনিয়োগ ঘোষণা কৰিব বুলি আশাবাদী মুখ্যমন্ত্ৰীগৰাকী।

এডভান্টেজ আছাম ২.০ক লৈ আশাবাদী মুখ্যমন্ত্ৰীঃ ১ লাখ কোটি টকাৰ বিনিয়োগৰ আশা
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
monjit-dutta
Monjit Dutta | Published: 21 Feb 2025 16:09 PM

অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব বহু প্ৰত্যাশিত এডভান্টেজ আছাম ২.০ শীৰ্ষক বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন। এই সন্মিলনৰ বাবে ৰাজ্যত চলিছে এতিয়া ব্যাপক প্ৰস্তুতি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্মিলনৰ জৰিয়তে অসমত বিনিয়োগৰ বাবে আমন্ত্ৰণ জনাই দেশে-বিদেশে বহু বৈঠকত মিলিত হৈছে। এই এডভান্টেজ আছাম ২.০ৰ সময়ত অসমে প্রায় এক লাখ কোটি টকা বিনিয়োগৰ প্রস্তাৱ লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ইয়াৰ উপৰিও ৰাজ্যৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে কেন্দ্ৰই বৃহৎ বিনিয়োগ ঘোষণা কৰিব বুলি আশাবাদী মুখ্যমন্ত্ৰীগৰাকী।

আজি সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰা মতে ৰাজ্য চৰকাৰে বুজাবুজিৰ চুক্তিৰ বাবে ইতিমধ্যে ১৫১৭টা প্রস্তাৱ লাভ কৰিছে৷ এনেধৰণৰ আৰু কিছু প্ৰস্তাৱৰ সম্ভাৱনা আছে বুলিও তেওঁ লগতে কয়৷ ফেব্ৰুৱাৰীত মন্ত্রীসভাৰ আলোচনা আৰু অনুমোদনৰ পাছত স্বাক্ষৰ কৰিবলগীয়া চুক্তিসমূহ নিৰ্বাচিত কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। অৱশ্যে কেৱল বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিলেই উদ্দেশ্য পূৰণ নহয় বুলিও তেওঁ দোহাৰে।

এডভাণ্টেজ আছাম ২.০ৰ জৰিয়তে অসমলৈ বৃহৎ উদ্যোগক আদৰণি জনোৱাৰ সমান্তৰালকৈ ৰাজ্যত MSMEs, ষ্টাৰ্টআপ, FPCs আদিৰ বাবেও সুযোগ সৃষ্টি কৰা হ’ব বুলি হিমন্ত বিশ্ব শৰ্মাই লগতে কয়। এই সন্মিলনৰ প্ৰস্তুতিৰ মাজতে ক্ষুদ্ৰ বিনিয়োগকাৰীৰ পৰাও ১২,৯০০ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ লাভ কৰা বুলি জানিবলৈ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইফালে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা এই সন্মিলনৰ বাবে লাভ কৰা সহযোগিতাৰ প্ৰসঙ্গও তেওঁ উল্লেখ কৰে।

সন্মিলনত ভাৰতত মিছন মুৰব্বী থকা ৩৫খন দেশৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলৰ অংশগ্ৰহণৰ সুবিধাৰ বাবে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে বিশেষ বিমান প্ৰদান কৰিব বুলি জানিবলৈ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলসমূহে ২৩ ফেব্ৰুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰাৰ পিছত ২৪ ফেব্ৰুৱাৰীত সৰুসজাইত অনুষ্ঠিত হ’বলগীয়া ঝুমুৰ নৃত্য উপভোগ কৰিব আৰু ২৫ ফেব্ৰুৱাৰীত এডভান্টেজ আছাম ২.০ত উপস্থিত থাকিব।

প্ৰধানমন্ত্রীৰ কার্যালয়ৰ লগতে বৈদেশিক পৰিক্রমা মন্ত্রী এছ জয়শংকৰ, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণ, গড়কাপ্তানি আৰু পৰিবহণ মন্ত্রী নীতিন গাডকাৰীসহ কেন্দ্ৰীয় মন্ত্ৰীসকল বিভিন্ন ধৰণে এডভান্টেজ আছাম ২.০ৰ সৈতে পোনপটীয়াকৈ জড়িত হৈ আছে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই। ইফালে ২৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমত উপস্থিত হৈ সন্ধিয়া ঝুমৈৰ বিনন্দিনী প্ৰত্যক্ষ কৰিব বুলি তেওঁ লগতে কয়।

ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে এডভান্টেজ আছাম ২.০ৰ প্ৰদৰ্শনী পৰিদৰ্শন কৰিব। এই প্ৰদৰ্শনীত অসমৰ উৎপাদিত সামগ্ৰী প্ৰদৰ্শন কৰা ‘প্ৰাইড অৱ আছাম’ আৰু জাগীৰোডত অৰ্ধপৰিবাহী উদ্যোগ, এন আৰ এলত বাঁহৰ পৰা ইথানলৰ সামগ্ৰী নিৰ্মাণ, নামৰূপৰ নতুন ইউৰিয়া ইউনিট প্ৰদৰ্শন কৰা ‘ফিউচাৰ অৱ আছাম’ শীৰ্ষক দুটা বিশেষ গেলাৰী থাকিব। এই প্ৰদৰ্শনী দৰ্শনৰ পিছতে ২৫ ফেব্ৰুৱাৰীত দিনৰ ১০.৪৫ বজাত তেওঁ এডভান্টেজ আছাম ২.০ উদ্বোধন কৰিব।

এই সন্মিলনৰ মুকলি সভাত অসমৰ উদ্যোগিক সম্ভাৱনাৰ সন্দর্ভত স্থানীয় উদ্যোগপতি-অভিজিৎ বৰুৱা আৰু অনুপম ডেকা-ই বাক্গ্যা আগবঢ়াব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। উদ্বোধনী অনুষ্ঠানত উদ্যোগপতি অনিল আগৰৱালা, গৌতম আদানী, মুকেশ আম্বানীৰ দৰে ব্যক্তিও উপস্থিত থাকিব৷ তেওঁলোকৰ উপৰিও বিশ্ব বেংক, এডিবি, নিউ ডেভেলপমেণ্ট বেংক আদিৰ দেশীয় সঞ্চালকসকলো এই সন্মিলনত উপস্থিত থাকিব বুলি আশা প্ৰকাশ কৰিছো হিমন্ত বিশ্ব শৰ্মাই।

তেওঁ লগতে সদৰী কৰা মতে ভূটান, দক্ষিণ কোৰিয়া, ছিংগাপুৰ, থাইলেণ্ড, আৰু জাপানৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলে সন্মিলনত অংশগ্ৰহণ নিশ্চিত কৰিছে। মালয়েছিয়াৰ পৰাও এটা প্ৰতিনিধি দলে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে বুলি তেওঁ লগতে কয়। ইফালে প্ৰেমজী এণ্ড এছ’চিয়েটছে ৰাজ্যত এখন বিশ্ববিদ্যালয়, বেদান্ত লিমিটেডে এখন চিকিৎসালয় আৰু ছিংগাপুৰে এখন লজিষ্টিক পাৰ্ক স্থাপনৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে বুলিও মুখ্যগৰাকীয়ে সদৰী কৰিছে।