আজি আছুৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ…

অসম চুক্তিৰ ছয় নং দফা ৰূপায়ণৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠিত উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদনৰ ৫২ টা পৰামৰ্শ কাৰ্যকৰী কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৰাজ্য চৰকাৰে । এই সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতে আজি সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বৰ সৈতে প্ৰথমখন বৈঠত মিলিত হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।

আজি আছুৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ...

আছুৰ সৈতে বৈঠকত মিলিত হ'ব মুখ্যমন্ত্ৰী

Updated On: 

25 Sep 2024 08:42 AM

অসম চুক্তিৰ ছয় নং দফা ৰূপায়ণক লৈ আজি আছুৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । অসম চুক্তিৰ ছয় নং দফা ৰূপায়ণৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠিত উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদনৰ ৫২ টা পৰামৰ্শ কাৰ্যকৰী কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৰাজ্য চৰকাৰে । এই সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতে আজি সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বৰ সৈতে প্ৰথমখন বৈঠত মিলিত হ’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।

শেহতীয়া কেবিনেট বৈঠকত বিপ্লৱ শৰ্মা সমিতিৰ ৬৭ টা পৰামৰ্শৰ ভিতৰত ৰাজ্যৰ চৰকাৰৰ ক্ষমতা আৰু কৰ্তৃত্বৰ আওতাত থকা ৫২ টা পৰামৰ্শ কাৰ্যকৰী কৰা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । সূত্ৰ খবৰ অনুসৰি, মুখ্যমন্ত্ৰী কাৰ্যালয়ত অনুষ্ঠিত হ’ব এই বৈঠক । জানিব পৰা এই বৈঠকত অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰাও উপস্থিত থাকিব বুলি জানিব পৰা গৈছে ।

উক্তৰ বৈঠকত আছুৰ সভাপতি উৎপল শৰ্মা, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক চৰ্জুন হান্সে আৰু মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই অংশগ্ৰহণ কৰিব । মুখ্যমন্ত্ৰী অধ্যক্ষতাত এই বৈঠক আজি বিয়লি তিনি বজাত অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, অসম চুক্তি ছয় নং দফা ৰূপায়ণৰ বাবে বিপ্লৱ শৰ্মা সমিতিয়ে আগবঢ়োৱা সকলো পৰামৰ্শ কাৰ্যকৰী কৰাৰ দাবী জনাই আহিছে আছুৱে । আছুৱে সংবাদমাধ্যমৰ আগত সদৰী কৰিছে যে, আছুৱে বিপ্লৱ শৰ্মা সমিতিয়ে আগবঢ়োৱা পৰামৰ্শৰ কেৱল ৫২ পৰামৰ্শই নহয়, সকলো পৰামৰ্শ কাৰ্যকৰী কৰাটো বিচাৰে । সমিতি প্ৰতিবেদনৰ কেতবোৰ পৰামৰ্শ কেন্দ্ৰীয় চৰকাৰ আৰু কেতবোৰ ৰাজ্য চৰকাৰে কাৰ্যকৰী কৰিব লাগিব ।

ৰাজ্যৰ চৰকাৰে অহা ১৫ এপ্ৰিলৰ ভিতৰত সমিতি পৰামৰ্শৱলী কাৰ্যকৰী কৰাৰ সিদ্ধান্তক ইতিবাচকভাৱে গ্ৰহণ কৰিছে আছুৱে । সমান্তৰালভাৱে মন্ত্ৰী অতুল বৰাইও আজিৰ বৈঠকে ছয় নং দফা ৰূপায়ণৰ ক্ষেত্ৰত আশানুৰূপ অগ্ৰগতি আনিব বুলি আশা প্ৰকাশ কৰিছে ।

নতুন বছৰত গ্ৰাহকলৈ সুখৰ বতৰা আনিছে Jioই, নানা সুবিধাৰে আগবঢ়াইছে বেষ্ট প্লেন
কমেডি ষ্টাৰ গোবিন্দাৰ সেইসমূহ ছবি, যিবোৰৰ নিৰ্মাণ এতিয়ালৈ সম্পূৰ্ণ নহ'ল...
নৱবৰ্ষত ছবিগৃহলৈ আহিব নতুন অসমীয়া ছবি 'বনৰজা'।
Beharbari Outpost:বেহাৰবাৰী আউটপোষ্টত পুনৰ দেখিব কে কে আৰু মোহনক