শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

দলঙৰ পৰা চিকিৎসা খণ্ডলৈ, অসমবাসীলৈ মুখ্যমন্ত্ৰীয়ে আগবঢ়ালে কেইবাটা প্ৰকল্প…

Assam: নিজৰ জন্মদিনৰ দিনা অসমবাসীক কেইবাটাও ডাঙৰ উপহাৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কেইবাটাও প্ৰকল্পৰ শুভ উদ্বোধন কৰে শৰ্মাই।

দলঙৰ পৰা চিকিৎসা খণ্ডলৈ, অসমবাসীলৈ মুখ্যমন্ত্ৰীয়ে আগবঢ়ালে কেইবাটা প্ৰকল্প…
হিমন্ত বিশ্ব শৰ্মাImage Credit source: Facebook (himanta biswa sarma)
barasha-sarma
Barasha Sarma | Published: 02 Feb 2025 12:13 PM

নিজৰ জন্মদিনৰ দিনা ৰাজ্যবাসীলৈ বহু উপহাৰ আগবঢ়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শনিবাৰে পুৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ১৪সংখ্যক তথা গুৱাহাটীৰ দ্বিতীয়খন চৰকাৰী চিকিৎসা মহাবিদ্যালয় প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয়ৰ বহিৰ্বিভাগ সেৱা আৰম্ভ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ৫০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা এই চিকিৎসা মহাবিদ্যালয়খনত ৫০৫ খন বিচনাৰ সুবিধা থকাৰ লগতে ই সম্পূৰ্ণ প্ৰযুক্তিচালিত স্বাস্থ্য প্ৰতিষ্ঠান হিচাপে বিবেচিত হ’ব।

মুখ্যমন্ত্ৰীগৰাকীয়ে স্বাস্থ্য খণ্ডৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰে। শৰ্মাই চিকিৎসা মহাবিদ্যালয়ৰ সমূহ কৰ্মচাৰীৰ বাবে প্ৰস্তুত কৰা মানৱ সম্পদ ব্যৱস্থাপনাৰ প’ৰ্টেল (HRMS)উন্মোচন কৰে। তথ্য অনুসৰি প্ৰায় ২.৫ কোটি ব্যয় সাপেক্ষে এই প্ৰকল্প গঢ়ি তোলা হৈছে। ১০,০০০ ৰো অধিক নিয়মীয়া কৰ্মচাৰীৰ তথ্য এই পৰ্টেলত আছে। এই অনুষ্ঠানতে শৰ্মাই ৰাজ্যৰ ১ কোটিলোকৰ বাবে এক বৃহৎ পৰীক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ইণ্ডাছ টাৱাৰৰ সহযোগিতাৰে অসম চৰকাৰ আৰু আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ এই পদক্ষেপে ৰাজ্যৰ লোকৰ নিৰাপজ ভৱিষ্যত সুনিশ্চিত কৰিব।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত লিখে যে- “আজি ৰাজ্যৰ ১৪সংখ্যক আৰু গুৱাহাটীৰ দ্বিতীয়খন চৰকাৰী চিকিৎসা মহাবিদ্যালয় প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয়ৰ বহিৰ্বিভাগ সেৱাৰ আৰম্ভ কৰি সঁচাকৈয়ে যথেষ্ট আনন্দিত হৈছোঁ। প্ৰায় ৫০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা চিকিৎসা মহাবিদ্যালয়খনত ৫০৫খন বিছনাৰ সুবিধা থাকিব আৰু ই এক সম্পূৰ্ণ প্ৰযুক্তিচালিত স্বাস্থ্য প্ৰতিষ্ঠান হিচাপে বিবেচিত হ’ব৷ লগতে স্বাস্থ্য খণ্ডৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ পদক্ষেপক সামৰি ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়ৰ সমূহ কৰ্মচাৰীৰ বাবে প্ৰস্তুত কৰা মানৱ সম্পদ ব্যৱস্থাপনাৰ প’ৰ্টেল এটা আভাসীভাৱে উন্মোচন কৰোঁ। ২.৫ কোটি টকা ব্যয়েসাপেক্ষে এই প্ৰকল্পটো সমাপন কৰা হয়৷ উল্লেখ্য, ১০ হাজাৰৰো অধিক নিয়মীয়া কৰ্মচাৰীৰ তথ্য এই প’ৰ্টেলটোত অন্তৰ্ভুক্ত কৰা হৈছে।

আজি আমি ৰাজ্যৰ এক কোটি লোকৰ কৰ্কট ৰোগৰ পৰীক্ষাৰ লক্ষ্যৰে বৃহৎ পৰীক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰি সুখী হৈছোঁ। এই কাৰ্যসূচীটো আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ সহযোগত সম্পন্ন কৰা হ’ব। এই পৰীক্ষণৰ পদক্ষেপে বহু লোকৰ বাবে এক নিৰাপদ ভৱিষ্যৎ সুনিশ্চিত কৰিবলৈ সক্ষম হ’ব বুলি আমি দৃঢ় বিশ্বাসী”।

 

 

ইয়াৰোপৰি জাগীৰোড তথা মৰিগাঁওবাসীৰ দীৰ্ঘদিনীয়া সমস্যাৰ অৱসান ঘটাই মুখ্যমন্ত্ৰীগৰাকীয়ে জাগীৰোড-মৰিগাঁৱৰ মূল পথত কপিলীৰ ওপৰত নিৰ্মাণ কৰা ২-লেনযুক্ত দলংখনৰ উদ্বোধন কৰে। এই দলংখন ভাৰত চৰকাৰৰ পথ যোগাযোগ আৰু ঘাইপথ মন্ত্ৰালয়ৰ অধীনত নিৰ্মাণ হৈছে। তথ্য় অনুসৰি ৮০.২৫ কোটি টকাৰে নিৰ্মাণ হোৱা দলং খনে জনতাক সকাহ প্ৰদান কৰাৰ লগতে জাগীৰোড আৰু মৰিগাঁৱৰ মাজত পথ সংযোগ যথেষ্ট উন্নত কৰি তুলিব৷

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত লিখে যে- “যাতায়াত ব্যৱস্থাক সুচল আৰু সুদৃঢ় কৰাৰ লক্ষ্যৰে ৰাজ্যত দলং নিৰ্মাণৰ কামৰ অগ্ৰগতি… মৰিগাঁৱৰ জাগী-ভকতগাঁৱত কপিলী নৈৰ ওপৰত এখন দুইলেনযুক্ত দলঙৰ বাবে ৰাইজে বহুদিনৰ পৰা বাট চাই আছিল৷ আজি এই দলঙৰ কাম সম্পূৰ্ণ কৰি ৰাইজলৈ উৎসৰ্গা কৰিবলৈ পাই আহ্লাদিত হৈছোঁ৷ আপোনালোকক আগ্ৰহেৰে সৈতে জনাব বিচাৰিছোঁ যে ২০২৬ চনৰ পূৰ্বতে আমি এনে কেইবাটাও প্ৰকল্প ৰাইজলৈ উছৰ্গা কৰাৰ মানস কৰিছোঁ” ৷