ৰাজ্যত গঠন হোৱা সম-জিলাতো অনুষ্ঠিত হ’ব গণৰাজ্য দিৱসৰ কাৰ্যসূচীঃ ঘোষণা মুখ্যমন্ত্ৰীৰ

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লোকসেৱা ভৱনত এক পৰ্যালোচনা বৈঠকত অংশ লয়। বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটী আৰু ডিব্ৰুগড়ত সমাগত গণৰাজ্য দিৱস উদযাপনৰ প্রস্তুতিৰ বুজ লয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত গঠন হোৱা সম-জিলাকেইখনতো গণৰাজ্য দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত কৰাৰ বাবে নিৰ্দেশ প্রদান কৰে।

ৰাজ্যত গঠন হোৱা সম-জিলাতো অনুষ্ঠিত হ’ব গণৰাজ্য দিৱসৰ কাৰ্যসূচীঃ ঘোষণা মুখ্যমন্ত্ৰীৰ

গণৰাজ্য দিৱস উদযাপনৰ প্রস্তুতিৰ বুজ ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

Updated On: 

17 Jan 2025 22:05 PM

দেশৰ গণৰাজ্য দিৱসলৈ মাজত আৰু মাত্ৰ কেইটামান দিন। সমগ্ৰ দেশৰ লগতে অসমতো গণৰাজ্য দিৱস আয়োজনৰ বাবে প্ৰস্তুতি অব্যাহত আছে। গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লোকসেৱা ভৱনত এক পৰ্যালোচনা বৈঠকত অংশ লয়। বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটী আৰু ডিব্ৰুগড়ত সমাগত গণৰাজ্য দিৱস উদযাপনৰ প্রস্তুতিৰ বুজ লয়। উল্লেখ্য যে, এইবাৰ গুৱাহাটীৰ খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া কেন্দ্ৰীয় কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পতাকা উত্তোলন কৰিব।

আনহাতে, ডিব্ৰুগড়ত অনুষ্ঠিত হ’বলগীয়া গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পতাকা উত্তোলন কৰিব। আজিৰ এই পৰ্যালোচনা বৈঠকত সাধাৰণ প্রশাসন আৰু আৰক্ষী প্ৰশাসনৰ পৰা সমাগত গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতিৰ সবিশেষ বুজ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত গঠন হোৱা সম-জিলাকেইখনতো গণৰাজ্য দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত কৰাৰ বাবে নিৰ্দেশ প্রদান কৰে।

অৱশ্যে কামৰূপ মহানগৰ জিলাৰ ক্ষেত্ৰত অকল ডিমৰীয়া সম-জিলাতহে এই কাৰ্যসূচী অনুষ্ঠিত হ’ব। জিলাভিত্তিত অনুষ্ঠিত হোৱা কাৰ্যসূচীৰ দৰেই যাতে এই সম-জিলাকেইখনৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত আৰক্ষীৰ পেৰেড আদি অনুষ্ঠিত হয় তাৰ বাবেও নিৰ্দেশনা প্রদান কৰি তেওঁ সম-জিলাত অনুষ্ঠিত হ’বলগীয়া কাৰ্যসূচীৰ বাবে প্রয়োজনীয় পুঁজি মোকলাই দিবলৈ সাধাৰণ প্ৰশাসন বিভাগক নিৰ্দেশ দিয়ে।

আনহাতে, সমাগত গণৰাজ্য দিৱস উপলক্ষে স্বচ্চতা অভিযান আৰম্ভ কৰিবলৈও মুখ্যমন্ত্ৰীগৰাকীয়ে বৈঠকত নিৰ্দেশ প্ৰদান কৰে। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ উদ্যোগত চলিব লগা এই স্বচ্ছতা অভিযানত স্বেচ্ছাসেৱী সংগঠন, আৰক্ষী, গা|ওৰক্ষী বাহিনী আদিয়ে সহযোগিতা আগবঢ়াব।

গণৰাজ্য দিৱসৰ প্রাকক্ষণত ২৫ জানুৱাৰীৰ দিনা বিয়লি গুৱাহাটী আৰু ডিব্ৰুগড়ত ‘ৰোড পাষ্ট’ কাৰ্যসূচী হাতত ল’বলৈ অসম আৰক্ষীক নিৰ্দেশ প্রদান কৰে। এনে কাৰ্যসূচী অন্যান্য জিলাৰ সদৰতো অনুষ্ঠিত হ’ব বুলিও তেওঁ উল্লেখ কৰে। গণৰাজ্য দিৱসৰ সকলো আয়োজন সুকলমে যাতে সম্পন্ন হয় সেয়া সুনিশ্চিত কৰিবলৈ তেওঁ সংশ্লিষ্ট সকলো বিভাগক যাৱতীয় নিৰ্দেশনাও বৈঠকত প্রদান কৰে।

এই বৈঠকত বিধায়ক তৰংগ গগৈৰ উপৰি মুখ্যসচিব ড” ৰবি কোটা, অতিৰিক্ত মুখ্য সচিব এ কে তিৱাৰী, বিশেষ আৰক্ষী সঞ্চালক প্রধান হৰমীত সিং, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব ড০ কে কে দ্বিবেদী, সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব এম এছ মণিৱন্নন, গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্ত আদিকে ধৰি শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।

ছেইফ আলী খানৰ মুম্বাইৰ ঘৰৰ দাম কিমান? য'ত কৰা হৈছিল আক্ৰমণ
বেগত হালধি টুকুৰা ৰাখিলে কি হয় জানেনে?
মহাকুম্ভ মেলাৰ আঁৰৰ আধ্যাত্মিক তাৎপৰ্যৰ বিষয়ে জানেনে?
ঠাণ্ডাত শৰীৰ গৰম কৰি ৰাখিবলৈ নাগা সন্ন্যাসীসকলে কি খায়?