‘ঝুমইৰ বিনন্দিনী’ৰ প্ৰস্তুতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়েঃ অনুষ্ঠান সর্বাংগসুন্দৰ কৰি তুলিবলৈ সকলোকে আহ্বান

আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই সৰুসজাই ষ্টেডিয়ামত উপস্থিত হৈ 'ঝুমইৰ বিনন্দিনী' অনুষ্ঠানৰ প্ৰস্তুতিৰ অগ্ৰগতি সম্পৰ্কে বুজ লয়। এই অনুষ্ঠানৰ প্রস্তুতি সম্পর্কে বিতংভাৱে বুজ লৈ সংশ্লিষ্ট বিভাগক যাৱতীয় নিদের্শনা প্রদান কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অনুষ্ঠানটো সর্বাংগসুন্দৰ কৰি তোলাৰ বাবে সকলোকে আহ্বান জনায়।

ঝুমইৰ বিনন্দিনীৰ প্ৰস্তুতিৰ বুজ ললে মুখ্যমন্ত্রীয়েঃ অনুষ্ঠান সর্বাংগসুন্দৰ কৰি তুলিবলৈ সকলোকে আহ্বান

সৰুসজাই ষ্টেডিয়ামত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Published: 

14 Feb 2025 23:10 PM

অহা ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ‘ঝুমইৰ বিনন্দিনী’ শীৰ্ষক বৰ্ণাঢ্য অনুষ্ঠান। এই অনুষ্ঠানৰ বাবে অব্যাহত আছে ব্যাপক প্ৰস্তুতি। আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই সৰুসজাই ষ্টেডিয়ামত উপস্থিত হৈ এই অনুষ্ঠানৰ প্ৰস্তুতিৰ অগ্ৰগতি সম্পৰ্কে বুজ লয়। এই সময়তে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মিলিত হয় মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু আগন্তুক এই ঝুমইৰ বিনন্দিনী অনুষ্ঠান সন্দৰ্ভত বহু বাখ্যা আগবঢ়ায়।

মুখমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ঝুমইৰ নৃত্য সমগ্র বিশ্বজুৰি জনপ্ৰিয়কৰণৰ উদ্দেশ্যে অহা ২৪ ফেব্ৰুৱাৰীত অসম চৰকাৰে অসমৰ চাহ জনগোষ্ঠীৰ আৰু আদিবাসীসকলৰ ঝুমইৰ নৃত্য কেন্দ্ৰীয়ভাৱে সৰুসজাই ষ্টেডিয়ামত প্ৰদৰ্শন কৰাৰ বাবে এক বর্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰিছে। চাহ বাগিচাৰ ৮ হাজাৰতকৈ অধিক যুৱক-যুৱতীয়ে এই অনুষ্ঠানত অংশগ্রহণ কৰিব বুলি তেওঁ লগতে কয়।

অসমৰ চাহ উদ্যোগৰ ২০০ বছৰ উপলক্ষে ৰাজ্য চৰকাৰে এই বর্ণাঢ্য কার্যসূচী অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী এই অনুষ্ঠানত উপস্থিত থাকিব বুলি নিশ্চিতি প্ৰদান কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে ২১ খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতসকলৰ লগতে উদ্যোগপতি, ৰাজনৈতিক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিসকলো এই অনুষ্ঠানত উপস্থিত থাকিব বুলি আশা কৰা হৈছে।

এই কাৰ্যসূচী যাতে সুন্দৰকৈ অনুষ্ঠিত হয় তাৰ বাবে ইতিমধ্যে সমষ্টি, আঞ্চলিক আৰু জিলা পর্যায়ত ইতিমধ্যে কর্মশালা অনুষ্ঠিত হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে অহা ২১ ফেব্ৰুৱাৰীত চাহ বাগিচাসমূহৰ প্ৰায় ৮ হাজাৰতকৈও অধিক কলা-কুশলী গুৱাহাটীত উপস্থিত হ’ব বুলি জানিবলৈ দিয়ে।

এই অনুষ্ঠান সাফল্যমণ্ডিত কৰিবৰ বাবে মন্ত্রীসভাৰ সদস্যসকলৰ এটা গোটে দিনে-নিশাই কাম কৰি থকাৰ লগতে সাংস্কৃতিক পৰিক্ৰমা বিভাগে সকলোখিনি তদাৰক কৰি আছে বুলি মুখ্যমন্ত্রীগৰাকীয়ে কয়। এই অনুষ্ঠানৰ প্রস্তুতি সম্পর্কে বিতংভাৱে বুজ লৈ সংশ্লিষ্ট বিভাগক যাৱতীয় নিদের্শনা প্রদান কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অনুষ্ঠানটো সর্বাংগসুন্দৰ কৰি তোলাৰ বাবে সকলোকে আহ্বান জনায়।

পৰিদৰ্শনকালত মুখ্যমন্ত্ৰীৰ সৈতে জলসম্পদ আদি বিভাগৰ মন্ত্রী পীযুষ হাজৰীকা, সাংস্কৃতিক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী বিমল বড়া, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আদি বিভাগৰ মন্ত্রী অশোক সিংহল, জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, শ্রম আদি বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালা, বিধায়ক দিগন্ত কলিতাৰ উপৰি আৰক্ষী সঞ্চালকপ্ৰধান হৰমীত সিং, সাংস্কৃতিক বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তী প্রমুখ্যে সংশ্লিষ্ট বিভাগৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে।

এজন ব্যক্তিয়ে দৈনিক কিমান ঘণ্টা কাম কৰিব লাগে? বিজ্ঞানীয়ে দিলে সঠিক উত্তৰ
২০২৫-২৬ বিত্তীয় বৰ্ষৰ অসম বাজেটৰ কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা...
গৌতম গম্ভীৰে কিমান পেঞ্চন লাভ কৰে জানেনে? শুনিলে হ'ব আচৰিত...
ফাইনেলত জয়ী হোৱাৰ পাছতো ভাৰতে চেম্পিয়নছ ট্ৰফী দেশলৈ আনিব নোৱাৰে, কাৰণ জানেনে?