শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

এডভাণ্টেজ আছাম ২.০ সন্মিলনলৈ দক্ষিণ কোৰিয়াৰ বিনিয়োগকাৰী, উদ্যোগপতিক আমন্ত্ৰণ মুখ্যমন্ত্ৰীৰ

অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত ৰাজ্যত অনুষ্ঠিত হ'ব এডভাণ্টেজ আছাম ২.০ শীৰ্ষক আন্তঃগাঁথনি আৰু বিনিয়োগ সন্মিলন। এই সন্মিলনৰ বাবে দক্ষিণ কোৰিয়াৰ উদ্যোগী আৰু ব্যৱসায়ীসকলক আমন্ত্ৰণ জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি দক্ষিণ কোৰিয়াৰ ছিউলত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কোৰিয়ান উদ্যোগী আৰু ব্যৱসায়ীসকলক আমন্ত্ৰণ জনায়।

এডভাণ্টেজ আছাম ২.০ সন্মিলনলৈ দক্ষিণ কোৰিয়াৰ বিনিয়োগকাৰী, উদ্যোগপতিক আমন্ত্ৰণ মুখ্যমন্ত্ৰীৰ
কোৰিয়ান বিনিয়োগকাৰীৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
monjit-dutta
Monjit Dutta | Published: 20 Jan 2025 19:56 PM

অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত ৰাজ্যত অনুষ্ঠিত হ’ব এডভাণ্টেজ আছাম ২.০ শীৰ্ষক আন্তঃগাঁথনি আৰু বিনিয়োগ সন্মিলন। এই সন্মিলনৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি। শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিক কেবিনেট আৰু শীৰ্ষ প্ৰশাসনিক বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হৈ সন্মিলনৰ প্ৰস্তুতিৰ বুজ লৈছিল। ইফালে এই সন্মিলনৰ বাবে দক্ষিণ কোৰিয়াৰ উদ্যোগী আৰু ব্যৱসায়ীসকলক আমন্ত্ৰণ জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি দক্ষিণ কোৰিয়াৰ ছিউলত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কোৰিয়ান উদ্যোগী আৰু ব্যৱসায়ীসকলক আমন্ত্ৰণ জনায়।

আজি ছিউলত এক বৰ্ণাঢ্য ৰোডশ্ব’ত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সম্ভাৱ্য বিনিয়োগকাৰীসকলক আমন্ত্ৰণ জনোৱাৰ লগতে অসমৰ ভৌগোলিক অৱস্থান, কৌশলগত সম্ভাৱনা আৰু ব্যৱসায়িক সুযোগ-সুবিধাসমূহৰ বিষয়ে উপস্থাপন কৰে। তেওঁ কয় যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ হকে বিশেষ অগ্ৰাধিকাৰ প্রদান কৰি আহিছে।

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা এক্ট ইষ্ট পলিচিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই নীতিৰ লক্ষ্য হৈছে দক্ষিণ পূব আৰু দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সৈতে ভাৰতৰ সম্পৰ্ক বৃদ্ধিৰ বাবে অসমক দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ হিচাপে চিহ্নিত কৰা। দক্ষিণ কোৰিয়াত ইণ্ডিয়ান চেম্বাৰ্ছ অৱ কমাৰ্চৰ উদ্যোগত আয়োজিত এই ৰোডশ্ব’ত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেশখনৰ ১৪০ জনৰো অধিক ব্যৱসায়িক প্রতিষ্ঠানৰ মুৰব্বী তথা শীৰ্ষ উদ্যোগীসকলৰ লগতো মত বিনিময় কৰে।

Himanta Biswa Sarma

এডভাণ্টেজ আছাম ২.০ ৰ প্ৰতি দক্ষিণ কোৰিয়াৰ উদ্যোগী আৰু ব্যৱসায়ীসকলে প্রকাশ কৰা আগ্ৰহক প্রশংসা কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে দ্ৰুত বিকাশশীল বৃহৎ অৰ্থনীতি হিচাপে ভাৰতে বিশ্ব অৰ্থনীতিত স্থান লাভ কৰা বিষয়টোৱে তেওঁলোকক উৎসাহিত কৰি তুলিছে। তেওঁ লগতে উল্লেখ কৰে যে অসমে ভাৰত আৰু দক্ষিণ কোৰিয়া উভয়ৰে পাৰস্পৰিক লাভৰ বাবে দক্ষিণ কোৰিয়াৰ ব্যৱসায়িক আৰু উদ্যোগীসকলক  অনন্য সুযোগ আগবঢ়াব।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমক এক অগ্রণী বিনিয়োগৰ ক্ষেত্র হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে বিনিয়োগকাৰীৰে বন্ধুত্বপূৰ্ণ ব্যৱসায়িক পৰিৱেশ নিৰ্মাণৰ দিশত গুৰুত্ব আৰোপ কৰিছে। তেওঁ লগতে কয় যে অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এডভাণ্টেজ আছাম ২.০ ত তেওঁলোকৰ অংশগ্ৰহণে অসমৰ উন্নয়নৰ ক্ষেত্ৰত বিনিয়োগৰ বাবে এক পৰিৱেশ গঢ়ি তুলিব।

অসমক অনন্য ৰূপত উপস্থাপন কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, “অসম কেৱল মাত্ৰ বিনিয়োগৰ অপৰিসীম সম্ভাৱনাৰ বাবেই নহয়, পৰ্যটন ক্ষেত্ৰটো ই চহকী। চাহ বাগিচা, সুন্দৰ ৰিজৰ্টৰ লগতে ইউনেস্ক’ৰ তিনিটা বিশ্ব ঐতিহ্য ক্ষেত্ৰ অসমত আছে। এই স্থানসমূহে পৰ্যটকক আকৰ্ষিত কৰাৰ লগতে পৰ্যটকসকলক আতিথ্য প্ৰদান আৰু আমো৷দ-প্রমোদৰো ব্যৱস্থা কৰিব পাৰিব।”

Himanta Biswa Sarma

ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই কোৰিয়া ট্ৰেড ইনভেষ্টমেণ্ট প্ৰমোশ্যন এজেন্সিৰ সভাপতি কিউংছুং কাঙৰ নেতৃত্বত এটা প্রতিনিধি দলৰ সৈতেও আলোচনাত মিলিত হয়। মুখ্যমন্ত্ৰীয়ে আগন্তক এডভাণ্টেজ আছাম ২.০ শীৰ্ষক আন্তঃগাঁথনি আৰু বিনিয়োগ সন্মিলনলৈ তেওঁলোকক আমন্ত্ৰণ জনায়। তেওঁ কয় যে আগন্তুক এই সন্মিলনখন বিনিয়োগকাৰী আৰু উদ্যোগীসকলৰ সন্মুখত অসমৰ ওদ্যোগিক আৰু বিনিয়োগৰ পৰিৱেশৰ বিষয়ে জ্ঞান বিনিময়ৰ এক মঞ্চ হিচাপে উপস্থাপিত হ’ব।

বাণিজ্য, উদ্যোগ তথা দক্ষতা বৃদ্ধি আৰু উন্নয়নৰ ক্ষেত্ৰত অংশীদাৰীত্বৰে এই সন্মিলনে অসম আৰু কোৰিয়াৰ পাৰস্পৰিক ব্যৱসায়িক লাভৰ বাবে এক সুদৃঢ় সম্পৰ্ক গঢ়ি তোলাৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলিও তেওঁ মত প্ৰকাশ কৰে। পৰ্যটন ক্ষেত্ৰত অসমৰ প্ৰচুৰ সম্ভাৱনাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে জাগীৰোডত স্থাপন হ’বলগীয়া ছেমিকণ্ডাক্টৰ উদ্যোগৰ জৰিয়তে বিশ্বৰ সৰ্ববৃহৎ অ’এছএটি (আউট চৰ্চ ছেমিকণ্ডাক্টৰ এছেম্বলী এণ্ড টেষ্ট) পৰিপূৰক হিচাপে অসমক গঢ়ি তোলাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে।

Himanta Biswa Sarma

ইয়াৰ উপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে দক্ষিণ কোৰিয়াৰ অট’ম’বাইল আৰু ইয়াৰ আনুষংগিক প্ৰতিষ্ঠানসমূহৰ মুখ্যকাৰ্যবাহী তথা শীৰ্ষ বিষয়াসকলৰ সৈতেও এক বৈঠকত মিলিত হয়। তেওঁলোকক অসমলৈ আমন্ত্ৰণ জনাই ৰাজ্যখনত অট’ম’বাইল আৰু আনুষংগিক সামগ্ৰী নিৰ্মাণৰ ক্ষেত্ৰত অসম চৰকাৰে সম্পূৰ্ণ সহায়-সহযোগিতা আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰে। দক্ষিণ পূব এছিয়াৰ ১০০ বিলিয়ন ড’লাৰৰ ভাৰতৰ অট’ম’বাইল উদ্যোগ ক্ষেত্ৰখনত প্ৰৱেশৰ বাবে তেওঁলোকক অসম চৰকাৰে সকলো ধৰণৰ সা-সুবিধা আগবঢ়াব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

Latest News