জাপানৰ সংসদীয় উপমন্ত্ৰীৰ সৈতে অসমৰ যুৱ প্ৰজন্মৰ দক্ষতা বিকাশ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বৈঠক

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি জাপানৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ সংসদীয় উপ-মন্ত্ৰী আকিকো ইকুইনাক সাক্ষাৎ কৰি অসম আৰু জাপান কেন্দ্ৰিক বিভিন্ন বিষয় আলোচনা কৰে। উল্লেখ্য যে, জাপানৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ সংসদীয় উপ-মন্ত্ৰী ইকুইনাই অসমৰ সংস্কৃতিৰ প্রতি তেওঁৰ থকা সন্মান তথা স্নেহ প্রদৰ্শন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অসমীয়া ভাষাতেই অভিবাদন জনায়।

জাপানৰ সংসদীয় উপমন্ত্ৰীৰ সৈতে অসমৰ যুৱ প্ৰজন্মৰ দক্ষতা বিকাশ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বৈঠক

জাপানৰ সংসদীয় উপমন্ত্ৰী আকিকো ইকুইনাৰ সৈতে হিমন্ত বিশ্ব শৰ্মা

Published: 

24 Jan 2025 23:00 PM

তিনিদিনীয়া কাৰ্যসূচীৰে জাপানত উপস্থিত হোৱা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জাপান ভ্ৰমণৰ আজি অন্ত পৰে। জাপান ভ্ৰমণৰ অন্তিম দিনা আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যৌথ ডিগ্ৰী পাঠ্যক্ৰম, ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক বিনিময় কাৰ্যসূচী তথা গৱেষণা আৰু দক্ষতাৰ ক্ষেত্রত সহযোগিতাৰ জৰিয়তে অসমৰ বিশ্ববিদ্যালয়সমূহৰ সৈতে সম্পৰ্ক স্থাপন কৰাৰ উদ্দেশ্যে জাপানৰ আগশাৰীৰ বিশ্ববিদ্যালয়সমূহৰ প্রতিনিধি বৰ্গৰ সৈতে টকিঅ’ত এক বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে অসম তথা দেশৰ অন্যান্য প্রান্তৰ পৰা অহা ছাত্ৰ-ছাত্ৰীসকলক অধিক শৈক্ষিক সুযোগ প্রদান কৰাৰ লগতে অসমৰ ছাত্ৰ-ছাত্ৰীসকলে যাতে জাপানৰ বিশ্ববিদ্যালয়সমূহত শিক্ষা লাভৰ ক্ষেত্ৰত সূচল পথ লাভ কৰে, সেই বিষয়ে আলোচনা কৰে।

ইয়াৰ পূৰ্বে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি জাপানৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ সংসদীয় উপ-মন্ত্ৰী আকিকো ইকুইনাক সাক্ষাৎ কৰি অসম আৰু জাপান কেন্দ্ৰিক বিভিন্ন বিষয় আলোচনা কৰে। উল্লেখ্য যে, জাপানৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ সংসদীয় উপ-মন্ত্ৰী ইকুইনাই অসমৰ সংস্কৃতিৰ প্রতি তেওঁৰ থকা সন্মান তথা স্নেহ প্রদৰ্শন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অসমীয়া ভাষাতেই অভিবাদন জনায়। এই সাক্ষাৎকালত দক্ষ কৰ্মীবাহিনীৰ প্ৰয়োজনীয়তা থকা খণ্ডসমূহত অসম আৰু জাপানৰ সহযোগিতা তথা যুৱ সমাজৰ বাবে বৰ্তমানে থকা সুযোগ আৰু সুবিধাসমূহৰ বিষয়ে মুখ্যমন্ত্ৰী ড” শ্মই জাপানৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ সংসদীয় উপ-মন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰে।

বৈঠকত জাপানৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ সংসদীয় উপ-মন্ত্ৰী আকিকো ইকুইনাই মুখ্যমন্ত্ৰী ড০ শৰ্মাক জাপান চৰকাৰৰ ভাৰত আৰু বিশেষকৈ অসমৰ যুৱ আৰু দক্ষ কৰ্মশক্তিক জাপানত সুযোগ প্ৰদান কৰাৰ বিষয়ে বিতংভাৱে অৱগত কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই বৈঠকত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাৰত আৰু জাপানৰ মাজত এক শক্তিশালী বন্ধুত্বৰ দিশত থকা দৃষ্টিভংগীৰ কথা উল্লেখ কৰি দুয়োখন দেশৰ পাৰস্পৰিক বন্ধুত্বপূৰ্ণ সম্পৰ্কই ৰাষ্ট্ৰ দুখনৰ জনসাধাৰণৰ জীৱনৰ উন্নয়ন সাধনত সহায়ক হ’ব বুলি উল্লেখ কৰে। স্মৰ্তব্য যে, এই জাপান ভ্ৰমণকালত মুখ্যমন্ত্ৰী ড০ শৰ্মাই অসম আৰু জাপানৰ মাজত সম্পৰ্ক সুদৃঢ় কৰি পাৰস্পৰিকভাৱে লাভান্বিত হোৱাৰ উদ্দেশ্যে ৰাষ্টখনৰ কেইবাগৰাকীও মন্ত্ৰী আৰু উদ্যোগখণ্ডৰ অগ্রণী ব্যক্তিসকলৰ সৈতে কেইবালানিও বৈঠকত মিলিত হৈছে।

তেওঁ লগতে টয়’টা মটৰ কৰ্পৰেশ্যনৰ শীৰ্ষ বিষয়া টেৰুটোশ্বী হামানো আৰু প্রতিষ্ঠানটোৰ অন্যান্য বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হৈ অসমত প্রতিষ্ঠানটোৰ অধীনস্থ এটা আনুসংগিক গোট স্থাপনৰ সম্ভাৱনীয়তাৰ বিষয়ে আলোচনা কৰে। এই সাক্ষাতৰ সময়তে টয়’টাই আগবঢ়াই থকা দক্ষতা কাৰ্যসূচীবোৰ অসমৰ আন প্রতিষ্ঠানসমূহলৈ সম্প্ৰসাৰিত কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। তদুপৰি জাপানৰ অন্যতম বৃহৎ চিপ নিৰ্মাতা কোম্পানী টকিঅ’ ইলেক্ট্ৰনৰ কাৰ্যবাহী উপাধ্যক্ষ তাকেছি অকুব’ৰ সৈতেও আজি এক বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী বিশ্ব শৰ্মা। উল্লেখ্য যে, ছেমিকণ্ডাক্ট্ৰ যোগান শৃংখলত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা এই কোম্পানীটো চিপ নিৰ্মাণকাৰী সঁজুলিৰ আৰ্হি প্রস্তুত কৰাত বিশেষজ্ঞ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিষ্ঠানটোক অসমৰ সৈতে অংশীদাৰিত্ব গঢ়ি তুলিবলৈ আমন্ত্ৰণ জনায়। জাগীৰোডত স্থাপন হ’বলগীয়া ইলেক্টনিক চিটীত ছেমিকণ্ডাক্ট্ৰ পৰিৱেশতন্ত্ৰৰ এক কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰে লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে বৈঠকত উল্লেখ কৰে। জাপান ভ্ৰমণকালত মুখ্যমন্ত্ৰীয়ে আজি উদ্ভাৱণীমূলক বিত্তীয় সমাধান আৰু ক্ৰেডিট সুবিধা প্রদানৰ দিশত থকা দক্ষতাৰ বাবে জনাজাত মিবুহো ছিকিউৰিটিজ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া তাকাও হোছহোয়াৰ সৈতেও এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই বৈঠকত অসমৰ কোম্পানীলৈ ক্ৰেডিট-লিংকেজ সম্প্ৰসাৰিত কৰা আৰু জাপানী কোম্পানীৰ অসমত বিনিয়োগৰ ধাৰাবাহিকতা নিশ্চিত কৰাৰ সন্দৰ্ভত আলোচনা কৰা হয়।

তেওঁ লগতে প্ৰতিষ্ঠানটোক অসমৰ বাবে পৰিকল্পনা চূড়ান্ত কৰিবলৈ এডভাণ্টেজ আছাম ২.০ ত যোগদান কৰিবলৈও আমন্ত্ৰণ জনায়৷ মুখ্যমন্ত্ৰীয়ে আজি আগশাৰীৰ জাপানী বৈদ্যুতিক অভিযান্ত্ৰিক প্রতিষ্ঠান য়ক’গাৱাৰ উপাধ্যক্ষ য়োছিয়াকি আছাকুৰাৰ সৈতে এক বৈঠকত মিলিত হয়। বৈঠকত অসমত প্ৰতিষ্ঠানটোৰ বৰ্তমানৰ ভিত্তি সম্প্ৰসৰিত কৰা আৰু অন্যান্য সুযোগ অম্বেষণ কৰাৰ বিষয়ে আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে প্রতিষ্ঠানটোক অসমৰ ক্ৰমবৰ্ধমান বৈদ্যুতিক আৰু শক্তিখণ্ডত সহযোগিতা আগবঢ়াবলৈও আহ্বান জনায়।

আনহাতে অসমলৈ জাপানৰ বিনিয়োগ আকৰ্ষণ কৰাৰ প্রয়াসত অধিক গতি প্রদানৰ বাবে মৃখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জাপান ইণ্টৰনেশ্যনেল ক’ৰ্পৰেশ্যন এজেন্সিৰ জ্যেষ্ঠ উপাধ্যক্ষ হাৰা ছোহেইৰ সৈতেও এক ফলপ্ৰসূ আলোচনাত মিলিত হয়। এই বৈঠকত মুখ্যমন্ত্ৰীয়ে অসম চৰকাৰে জাইকা আৰু জাপান এক্সটাৰনেল ট্ৰেড অৰ্গানাইজেশ্যনৰ সৈতে অংশীদাৰ হৈ জাপানী প্ৰতিষ্ঠানসমূহৰ বাবে এক বিশেষ ঔদ্যোগিক উদ্যান স্থাপন কৰাৰ দিশত থকা আগ্ৰহৰ কথা ব্যক্ত কৰে।

কোন ভাৰতীয়ই ত্ৰিৰংগাৰ ডিজাইন কৰিছিল?
কামাখ্যা মন্দিৰৰ ঐতিহাসিক 'মেখেলা উজোৱা' পথটোৰ ৰহস্যৰ বিষয়ে জানেনে?
গণৰাজ্য দিৱস আৰু স্বাধীনতা দিৱসৰ মাজত কি পাৰ্থক্য আছে?
দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী কোন হ'ব? ক'লে IITian বাবাই...