শিলসাঁকোৰ উচ্ছেদিতলোকক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ, পুনৰ সংস্থাপনৰ আশ্বাস... | cm himanta biswa sarma meet silsako evictees assam Assam news - Assam Tv9

শিলসাঁকোৰ উচ্ছেদিতলোকক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ, পুনৰ সংস্থাপনৰ আশ্বাস…

Published: 

09 Sep 2024 10:47 AM

শিলসাঁকোৰ এই উচ্ছেদিত লোকসকলৰ মাজত আছিল খিলঞ্জীয়া ভূমিপুত্ৰ বড়ো, ৰাভা, মিচিং, কাৰ্বি আদি জনগোষ্ঠীয় লোক। চৰকাৰে সেই সময়ত প্ৰতিশ্ৰুতি দি কৈছিল যে এই লোকসকলক পুনঃস্থাপন কৰা হ’ব। কিন্তু এতিয়ালৈকে এই ক্ষেত্ৰত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে।

শিলসাঁকোৰ উচ্ছেদিতলোকক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ, পুনৰ সংস্থাপনৰ আশ্বাস...

শিলসাঁকোৰ উচ্ছেদিত লোকৰ সৈতে হিমন্ত

Follow Us On

শিলসাঁকো উচ্ছেদিত জনতাক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দেওবাৰে উচ্ছেদিত জনতাৰ সৈতে এক বৈঠকত মিলিত হৈ শৰ্মাই তেওঁলোকক পুনৰ সংস্থাপন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ গ্ৰহণ কৰাৰ পাছতেই উচ্ছেদিকলোক সকলে সুখ ব্যক্ত কৰি কয় যে, মুখ্যমন্ত্ৰীয়ে সহায়ৰ আশ্বাস দিছে। যাৰ বাবে তেওঁলোক আনন্দিত হৈছে। মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ আৰ্থিক অৱস্থাৰো বুজ লয় বুলি জনায়।

জানিব পৰা মতে উচ্ছেদত লোকসকলৰ হৈ এটা প্ৰতিনিধি দলে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে। তেওঁলোকে আৰ চি চি ঘৰৰ বাবদ ১০ লাখ টকা, অসম টাইপৰ ঘৰৰ বাবদ ৫ লাখ টকা আৰু কেঁচা ঘৰৰ বাবদ ১ লাখ টকাকৈ দাবী কৰে। প্ৰতিনিধি দলটোৱে তেওঁলোকৰ বাবে মাটি আৰু অন্য ক্ষতিপূৰণৰো দাবী কৰে। অৱশ্যে এই ক্ষেত্ৰত এতিয়াও চূড়ান্ত সিদ্ধান্ত হোৱা নাই। পৰৱৰ্তী সময়ত দ্বিতীয়বাৰৰ বাবে শিলসাঁকোৰ উচ্ছেদিত লোকসকলৰ সৈতে আলোচনাত বহিব মুখ্যমন্ত্ৰী শৰ্মা।

বৈঠকৰ অন্তত এগৰাকী প্ৰতিনিধিয়ে কয় যে, মনটো ভালো লাগিছে, দুখো লাগিছে। কিয়নো বহু দিন প্ৰতিবাদ কৰাৰ অন্তত মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ কৰিছে। তেওঁ কৈছে এই ক্ষেত্ৰত যি কৰিব লগা আছে সকলো কৰিব। ক্ষতিপূৰণ দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে উচ্ছেদিত লোকসকলৰ আৰ্থিক অৱস্থাৰো মুখ্যমন্ত্ৰীগৰাকীয়ে বুজ লৈছে বুলি তেওঁ জনায়।

মন কৰিবলগীয়া যে, কিছুদিন পূৰ্বেও শিলসাঁকোৰ উচ্ছেদিত লোকসকলে অসম বিধানসভাৰ শৰৎকালীন অধিবেশন চলি থকাৰ মাজতে প্ৰতিবাদ সাব্যস্ত কৰিছিল। এই প্ৰতিবাদকাৰী এগৰাকী মহিলাক আৰক্ষী কনিষ্টবল এগৰাকীয়ে প্ৰচণ্ড চৰ সোধাইছিল যাৰ বাবে এই বিষয়টো চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছিল। তাৰ পাছতে প্ৰতিবাদকাৰী মহিলাক চৰ সোধোৱা আৰু অন্য প্ৰতিবাদকাৰীৰ ওপৰত চলা অত্যাচাৰৰ অভিযোগ তুলি দিছপুৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল। চৰ সোধোৱা বিষয়টো তদন্ত কৰাৰো নিৰ্দেশ দিছিল গুৱাহাটী আৰক্ষী আয়ুক্তই।

উল্লেখ্য যে, বেদখল কৰাৰ অভিযোগত যোৱা বছৰ শিলসাঁকোত একাংশলোকক উচ্ছেদ কৰা হৈছিল। সেই সময়ত এই বিষয়টোৱে ৰাজ্যত অধিক চৰ্চা লাভ কৰিছিল। কিয়নো একাংশই দাবী কৰিছিল যে খিলঞ্জীয়া লোকসকলক উচ্ছেদ কৰাৰ বিপৰীতে একাংশ তথাকথিত ব্যৱসায়ীৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। শিলসাঁকোৰ এই উচ্ছেদিত লোকসকলৰ মাজত আছিল খিলঞ্জীয়া ভূমিপুত্ৰ বড়ো, ৰাভা, মিচিং, কাৰ্বি আদি জনগোষ্ঠীয় লোক। চৰকাৰে সেই সময়ত প্ৰতিশ্ৰুতি দি কৈছিল যে এই লোকসকলক পুনঃস্থাপন কৰা হ’ব। কিন্তু এতিয়ালৈকে এই ক্ষেত্ৰত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version