আকৌ অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী, উপস্থিত থাকিব সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত
মুখ্যমন্ত্ৰীয়ে শনিবাৰে নতুন দিল্লীত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবাৰ্ষিকী উদযাপনৰ শুভাৰম্ভণিৰ বাবে আনুষ্ঠানিক নিমন্ত্ৰণ জনাই প্ৰধানমন্ত্ৰী মোদীক। মুখ্যমন্ত্ৰীৰ আমন্ত্ৰণ ৰক্ষা কৰি অহা ৮ ছেপ্টেম্বৰত উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে।

নতুন দিল্লীত উপস্থিত হৈছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীগৰাকীয়ে শনিবাৰে নতুন দিল্লীত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবাৰ্ষিকী উদযাপনৰ শুভাৰম্ভণিৰ বাবে আনুষ্ঠানিক নিমন্ত্ৰণ জনাই প্ৰধানমন্ত্ৰী মোদীক। মুখ্যমন্ত্ৰীৰ আমন্ত্ৰণ ৰক্ষা কৰি অহা ৮ ছেপ্টেম্বৰত উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে।
প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহত অনুষ্ঠিত ২০ মিনিটৰ বৈঠকত শৰ্মাই মোদীক অসমত অত্যাধুনিক বায়’-ইথানল প্লাণ্ট উদ্বোধন কৰাৰ লগতে ৫৭০০ কোটি টকাৰ গুৱাহাটী ৰিং ৰোড আৰু দৰং মেডিকেল কলেজ এণ্ড হস্পিতালৰ দুটা বৃহৎ আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ বাবেও আমন্ত্ৰণ জনায়। এক আনুষ্ঠানিক বিবৃতি অনুসৰি এই সকলোবোৰ উল্লেখযোগ্য অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে মোদীয়ে। যিয়ে অসমৰ সাংস্কৃতিক আৰু আন্তঃগাঁথনিগত উন্নয়নৰ ক্ষেত্ৰত এক বৃহৎ পদক্ষেপ ।
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এই খবৰ শ্বেয়াৰ কৰি অসমৰ মুখ্যমন্ত্রীগৰাকীয়ে প্রধানমন্ত্রীক লগ পোৱাটো এক “সৌভাগ্য” বুলি অভিহিত কৰি কৃতজ্ঞতা প্রকাশ কৰে৷ মুখ্যমন্ত্ৰীয়ে লিখিছে, ‘ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ উদ্বোধনী অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে তেওঁক অসমলৈ নিমন্ত্ৰণ কৰাৰ গৌৰৱ লাভ কৰিছিলোঁ।
অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ প্ৰাণৱন্ত সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আজি নতুন দিল্লীত এক সৌহাৰ্দ্যপূৰ্ণ সাক্ষাতত মিলিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। “অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ প্ৰাণৱন্ত সময়ত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সৈতে আজি নতুন দিল্লীত এক সৌহাৰ্দ্যপূৰ্ণ সাক্ষাতত মিলিত হোৱাৰ সৌভাগ্য হয়। বৰেণ্য শিল্পী, ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উদযাপন কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক অসমবাসীৰ হৈ আমন্ত্ৰণ জনাবলৈ পাই সৌভাগ্য অনুভৱ কৰিছোঁ।”
It was my privilege to meet Hon’ble Prime Minister Shri @narendramodi ji in New Delhi today.
I had the honour of inviting him to Assam as the Chief Guest for the inaugural ceremony of the year-long celebration of Bharat Ratna Dr. Bhupen Hazarika’s birth centenary.
I also took… pic.twitter.com/v6BFxvybFa
— Himanta Biswa Sarma (@himantabiswa) April 19, 2025