দৌলোৎসৱত বৰপেটা সত্ৰত সেৱা জনালে মুখ্যমন্ত্ৰীয়েঃ মধুপুৰ সত্ৰৰ উন্নয়ন সন্দৰ্ভত কৰিলে এই ঘোষণা

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি বৰপেটা ভ্ৰমণ কৰি হোলীৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই ভ্ৰমণকালতে তেওঁ বৈষ্ণৱ ঐতিহ্যৰ সংৰক্ষণৰ লক্ষ্যৰে বৃহত্তৰ বৰপেটা অঞ্চলৰ অন্তর্গত শ্রীশ্রীশংকৰদেৱ থান, পাটবাউসী সত্ৰ আৰু শ্রীশ্রীদেৱদামোদৰ গুৰুৰ আদিধাম, শ্রীশ্রীপাটবাউসী সত্ৰৰ ১১.১৪ কোটি টকা ব্যয় সাপেক্ষ ৰূপায়ন কৰিবলগীয়া আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে।

দৌলোৎসৱত বৰপেটা সত্ৰত সেৱা জনালে মুখ্যমন্ত্ৰীয়েঃ মধুপুৰ সত্ৰৰ উন্নয়ন সন্দৰ্ভত কৰিলে এই ঘোষণা

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Published: 

14 Mar 2025 20:44 PM

ৰঙৰ উৎসৱ ফাকুৱাৰ আনন্দত আজি আত্মহাৰা হ’ল ৰাজ্যবাসী। ৰাজ্যৰ সৰ্বপ্ৰান্তত ফাকুৱা উপলক্ষে জনসাধাৰণৰ মাজত দেখিবলৈ পোৱা গ’ল ব্যাপক উছাহ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো আজি বৰপেটা ভ্ৰমণ কৰি হোলীৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই ভ্ৰমণকালতে তেওঁ বৈষ্ণৱ ঐতিহ্যৰ সংৰক্ষণৰ লক্ষ্যৰে বৃহত্তৰ বৰপেটা অঞ্চলৰ অন্তর্গত শ্রীশ্রীশংকৰদেৱ থান, পাটবাউসী সত্ৰ আৰু শ্রীশ্রীদেৱদামোদৰ গুৰুৰ আদিধাম, শ্রীশ্রীপাটবাউসী সত্ৰৰ ১১.১৪ কোটি টকা ব্যয় সাপেক্ষ ৰূপায়ন কৰিবলগীয়া আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে।

ইয়াৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এই ভ্ৰমণকালতে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে এবছৰ কাল অতিবাহিত কৰা চিনপৰা ভিঠিৰ থানত ৭.৩২ কোটি টকা ব্যয় সাপেক্ষ ৰূপায়ন কৰিবলগীয়া আন্তঃগাঁথনি উন্নয়ন প্রকল্পৰো শিলান্যাস কৰে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি শিলান্যাস কৰা প্ৰকল্পটোৰ জৰিয়তে শ্ৰীশ্ৰী শংকৰদেৱ থান, পাটবাউসী সত্ৰৰ নামঘৰ আৰু মণিকূটৰ উন্নয়নৰ লগতে ভৱিষ্যতৰ বাবে ইয়াক সংৰক্ষণৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে।

এই প্রকল্পত দৌল ঘৰ, জগমোহন ঘৰ, মঠ, কালিন্দী আইৰ ঘৰ, সংগ্ৰহালয়, পাটকুঁৱা, ভোজঘৰ, আলোচনা কক্ষ, ড’ৰমেটৰী, নিৰাপত্তাৰক্ষীৰ কেবিন, অনাময় ব্যবস্থা আৰু খোৱাপানী, সীমাৰ বেৰৰ নির্মাণৰ লগতে ঠাইখনৰ সেউজ প্রাকৃতিক পৰিবেশ উন্নীতকৰণৰে পকীপথ, বেঞ্চ আৰু লন এৰিয়াত পোহৰৰ ব্যৱস্থাৰে সৌন্দর্যবন্ধনৰ কাম সন্নিবিষ্ট কৰা হৈছে। আনহাতে শ্রীশ্রীদেৱদামোদৰ গুৰুৰ আদিধামৰ উন্নয়ন প্রকল্পত নামঘৰ আৰু মণিকূটৰ উন্নয়ন, দৌলঘৰ আৰু জগমোহন ঘৰৰ উন্নয়নৰ লক্ষ্য লোৱা হৈছে।

তদুপৰি এই প্ৰকল্পৰ জৰিয়তে সম্মুখ আৰু পিছফালে দুখন প্রৱেশদ্বাৰ নির্মাণ, বর্তমানে থকা অতিথিশালা, কমিউনিটি হল, প্রশিক্ষণ কেন্দ্রৰ উন্নয়নৰ লগতে সংগ্রহালয়, পাটকুঁৱা, মহিলাৰ বাবে জিৰণিকোঠা, নিৰাপত্তাৰক্ষীৰ কেবিন, অনাময় ব্যবস্থা আৰু খোৱাপানীৰ ব্যৱস্থা নির্মাণৰ উপৰি ঠাইখনৰ সেউজ প্রাকৃতিক পৰিবেশ উন্নীতকৰণেৰে পকীপথ, বেঞ্চ আৰু লন এৰিয়াত পোহৰৰ ব্যৱস্থাৰে সৌন্দর্যবন্ধনৰ কাম সন্নিবিষ্ট কৰা হৈছে।

লক্ষণীয়ভাৱে প্ৰকল্পৰ জৰিয়তে শ্রীশ্রীশংকৰদেৱ থানক শ্রীশ্রীদেৱদামোদৰ গুৰুৰ আদিধামৰ সৈতে সংযোগ কৰিবলৈ ২ মিটাৰ বহল এখন ফুট অভাৰ ব্রীজো নির্মাণ কৰা হ’ব। আনহাতেআনুমানিক ৮ বিঘা ১ লেচা ক্ষেত্রফল সামৰি চিনপৰা ভিঠি থানৰ আন্তঃগাঁথনি উন্নয়ন প্রকল্পত কীৰ্তনঘৰ আৰু মণিকূটৰ উন্নয়ন সাধন কৰি ভৱিষ্যতৰ বাবে ইয়াক সংৰক্ষণৰ পদক্ষেপ গ্রহণ কৰা হৈছে।

এই প্রকল্পত প্ৰৱেশদ্বাৰ, বাটচ’ৰা, ৰংঘৰ, দৰ্শন ঘৰৰ উন্নয়নৰ লগতে দৌল ঘৰ, জগমোহন ঘৰ, পাটকুৱা, ড’ৰমেটৰী, ভোজঘৰৰ সৈতে আহাৰ গ্ৰহণ কক্ষ আৰু মহিলাৰ বাবে জিৰণি কক্ষ নির্মাণ কৰা হ’ব। তদুপৰি, এই প্রকল্পটোত আলোচনা কক্ষৰ পুনৰ নিৰ্মাণ, নিৰাপত্তাৰক্ষীৰ কেবিন, অনাময় ব্যৱস্থা আৰু খোৱাপানী, সীমাৰ বেৰৰ নিৰ্মাণৰ লগতে ঠাইখনৰ সেউজ প্রাকৃতিক পৰিৱেশ উন্নীতকৰণৰে পকীপথ, বেঞ্চ আৰু লন এৰিয়াত পোহৰৰ ব্যৱস্থাৰে সৌন্দৰ্যবদ্ধৰ্ণ আৰু দৰ্শনাৰ্থীসকলৰ বাবে গেজেব’ নির্মাণ সন্নিবিষ্ট কৰা হৈছে।

সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ স্মৃতি বিজড়িত সকলোবোৰ স্থান পর্যায়ক্রমে উন্নয়ন সাধনৰ বাবে ৰাজ্য চৰকাৰে পৰিকল্পনা গ্রহণ কৰিছে বুলি জানিবলৈ দিয়ে। এই পৰিকল্পনাৰ আধাৰতে ইতিমধ্যে বৰদোৱাত এটা দৃষ্টিনন্দন প্রকল্প নিৰ্মাণ কৰাৰ লগতে গাংমৌ থানৰো উন্নয়ন সাধন কৰা হৈছে বুলি তেওঁ লগতে কয়। প্রায় ৫০ কোটি টকা ব্যয় সাপেক্ষে মধুপুৰ সত্ৰৰো উন্নয়ন প্রকল্প ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব বুলি তেওঁ ঘোষণা কৰে।

ইয়াৰ পিছতে মুখ্যমন্ত্রী ড° শর্মাই আজি ঐতিহাসিক বৰপেটা সত্ৰ দৰ্শন কৰি সম্প্রতি চাৰিদিনীয়াকৈ দৌল উৎসৱ পালন হৈ থকা সত্ৰখনৰ দৌলগৃহ আদিকে ধৰি বিভিন্ন স্থানত সেৱা আগবঢ়ায়। তদুপৰি তেওঁ বৰপেটাৰ স্বকীয় হলী গীত পৰিবেশনো উপভোগ কৰে। আনহাতে আজি তেওঁ শ্রীশ্রীশংকৰদেৱ থান, পাটবাউসী সত্রত শ্রীমন্ত শংকৰদেৱ সংগ্ৰহালয়টো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

এই উপলক্ষ্যত মুখ্যমন্ত্ৰীৰ সৈতে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, পৰিৱেশ আৰু বন বিভাগৰ মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰী, কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটা, সাংসদ ফণীভূষণ চৌধুৰী, বিধায়ক ফণী তালুকদাৰ, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সূদৰ্শন ঠাকুৰকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

ফাকুৱাৰ দিনা হ'ব বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ! জানক ৰং খেলাটো শুভ নে অশুভ?
আৰ্থিক সমস্যাত ভুুগিছে নেকি? তেন্তে বেগত ৰাখক এই বস্তু...
ভ্ৰমণ কৰক ভাৰতৰ এই কেইখন বিখ্যাত বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ
এজন ব্যক্তিয়ে দৈনিক কিমান ঘণ্টা কাম কৰিব লাগে? বিজ্ঞানীয়ে দিলে সঠিক উত্তৰ