5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

মোল্লা নহয়, লাগে ডাক্তৰ; সেয়ে বন্ধ কৰা হ’ল ৬০০ মাদ্ৰাছাঃ মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ

শনিবাৰে হাৰিয়ানাৰ শোনিপটত দলৰ হৈ প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই প্ৰচাৰৰ সময়ত হিমন্ত বিশ্ব শৰ্মাই কয় যে ভাৰতত মোল্লা নহয়, ডাক্তৰ আৰু অভিযন্তা লাগে। সেয়ে অসমত ৬০০ খন মাদ্ৰাছা বন্ধ কৰি বুলি হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে।

মোল্লা নহয়, লাগে ডাক্তৰ; সেয়ে বন্ধ কৰা হ’ল ৬০০ মাদ্ৰাছাঃ মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
monjit-dutta
Monjit Dutta | Published: 30 Sep 2024 10:28 AM

ৰাষ্ট্ৰীয় ৰাজনীতিত ক্ৰমাৎ অধিক সক্ৰিয় হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ হিচাপে পৰিগণিত হোৱা হিমন্ত বিশ্ব শৰ্মাই হাৰিয়ানাৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনত প্ৰচাৰ চলোৱাত ব্যস্ত হৈ পৰিছে। শনিবাৰে হাৰিয়ানাৰ শোনিপটত দলৰ হৈ প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দলৰ এই নিৰ্বাচনী প্ৰচাৰৰ সময়ত তেওঁ বিৰোধী দল কংগ্ৰেছ আৰু লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীক তীব্ৰ সমালোচনাৰ লক্ষ্য কৰি লয়।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দাবী, ৰাহুল গান্ধীয়ে দেশত সংৰক্ষণৰ অন্ত পেলাব বিচাৰিছে। সমান্তৰালকৈ বিজেপি চৰকাৰে বিলোপ কৰা ৩৭০ অনুচ্ছেদ ৰাহুল গান্ধী তথা কংগ্ৰেছে ঘূৰাই আনিব বিচাৰে বুলিও হিমন্ত বিশ্ব শৰ্মাই দাবী কৰে। তেওঁৰ দাবী, ৰাহুল গান্ধী দেশৰ প্ৰতিশ্ৰুতি ভংগৰ সৰ্ববৃহৎ নিদৰ্শন। কংগ্ৰেছে প্ৰথমে খাটা-খাট আঁচনিৰ অধীনত ৮০০০ টকা দিয়া হ’ব বুলি উল্লেখ কৰি পিছত ইস্তাহাৰত ২০০০ টকাৰহে প্ৰতিশ্ৰুতি দিয়ে বুলি অভিযোগ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

ইফালে লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছে দেশত সংবিধান উলংঘনৰ অভিযোগ তুলি চলোৱা সংবিধান ৰক্ষাৰ প্ৰচাৰকো কটাক্ষ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁৰ মন্তব্য, লোকসভা নিৰ্বাচনৰ সময়ত ৰাহুল গান্ধীয়ে সকলো সভাতে সংবিধানৰ প্ৰতিলিপি কঢ়িয়াই লৈ ফুৰিছিল। এতিয়া এই সংবিধান ক’লৈ গ’ল বুলি ৰাহুল গান্ধীক উদ্দেশ্যি প্ৰশ্ন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে ৰাহুল গান্ধীয়ে এতিয়া সংবিধান বিপদত পৰাৰ কথা নকয় বুলি কটাক্ষ কৰে।

তেওঁ লগতে কয় যে লোকসভা নিৰ্বাচনৰ সময়ত ৰাহুল গান্ধীয়ে পেঞ্চন আৰু অগ্নিবীৰ যোজনাৰ কথা কৈছিল। কিন্তু এতিয়া তেওঁ এই বিষয়ে কোনো কথা নকয় বুলি ৰাহুল গান্ধীক কটাক্ষ কৰে হিমন্ত বিশ্ব শৰ্মাই। লোকসভা নিৰ্বাচনৰ সময়ত নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰীৰ পদৰ পৰা অপসাৰণ কৰাৰ উদ্দেশ্যে দেশজুৰি মিছা কথা প্ৰচাৰ কৰাৰ বাবে ৰাহুল গান্ধীয়ে আন্তঃৰাষ্ট্ৰীয় ষড়যন্ত্ৰ ৰচনা কৰিছিল বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে অভিযোগ কৰে।

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে কংগ্ৰেছ তথা ৰাহুল গান্ধীৰ বিপক্ষে সমালোচনাত মুখৰ হৈ পৰে। তেওঁ লগতে হাৰিয়ানাৰ পৰিৱেশ সম্পূৰ্ণ বিজেপিৰ সপক্ষে আৰু বিজেপিয়ে নিশ্চিতভাৱে চৰকাৰ গঠন কৰিব বুলি দাবী কৰে। ইফালে নিজ বক্তব্যত হিমন্ত বিশ্ব শৰ্মাই অসমত মাদ্ৰাছা বন্ধ সম্পৰ্কে লোৱা সিদ্ধান্ত সন্দৰ্ভতো মন্তব্য কৰে।

মুখ্যমন্ত্ৰী শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে অসমৰ ৬০০খন মাদ্ৰাছা বন্ধ কৰাৰ সন্দৰ্ভত অসমৰ কংগ্ৰেছীসকলে প্ৰশ্ন কৰিছিল। কংগ্ৰেছৰ এই প্ৰশ্নৰ উত্তৰত তেওঁ ৰাজ্যৰ বাকী মাদ্ৰাছাসমূহো বন্ধ কৰি দিয়াৰ কথা কয় বুলি হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়। মাদ্ৰাছা বন্ধৰ কাৰণ বাখ্যা কৰি তেওঁ কয় যে ভাৰতত মোল্লা নহয়, ডাক্তৰ আৰু অভিযন্তা লাগে। দেশত ঘূৰি ফুৰা বাবৰকো বাহিৰলৈ উলিয়াই দিব লাগিব বুলি মন্তব্য কৰে মুখ্যগৰাকীয়ে।

Latest News