অসমৰ দুখীয়া-দৰিদ্ৰ মানুহৰ টকা-পইচা লুণ্ঠন কৰিবলৈ আমি কাকো সুযোগ নিদিওঁ: মুখ্যমন্ত্ৰী
মুখ্যমন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মাই কৈছে, ট্ৰেডিঙৰ লগত জড়িত কাৰো সমৰ্থক হ'ব নোৱাৰে। ট্ৰেডিং এটা অবৈধ কাম। এই অবৈধ কামৰ যিয়ে সমৰ্থন কৰে বিৰুদ্ধে অসম চৰকাৰে কঠোৰ ব্যৱস্থা ল’ব। অসমৰ দুখীয়া-দৰিদ্ৰ মানুহৰ টকা-পইচা লুণ্ঠন কৰিবলৈ আমি কাকো সুযোগ নিদিওঁ।”
বৰ্তমান ট্ৰেডিঙৰ নামৰ হোৱা লুণ্ঠনক লৈ তোলপাল লাগি আছে ৰাজ্য। বিকাশৰ গ্ৰেপ্তাৰৰ পিছতে পোহৰলৈ আহিছে বহু-বহু চাঞ্চল্যকৰ তথ্য। SEBIৰ নিয়ম ভংগ কৰি বিশাল ফুকনে দিছিল ৬০ দিনত ৩০ শতাংশ নিশ্চিত ৰিটাৰ্ণৰ প্ৰতিশ্ৰুতি। অতি কম বয়সতে বিশাল হৈছিল কোটি কোটি টকাৰ মালিক। ইফালে বিশালৰ সৈতে চুমিৰ অতি ঘনিষ্ঠ সম্পৰ্ক থকাৰ কথা পোহৰলৈ আহিছিল।
অনলাইন ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনা কৰি বিশাল আৰু চুমিয়ে এক বিশাল সাম্ৰাজ্যৰ অধিকাৰী হৈছিল। ব্ৰেণ্ডড কাপোৰ, লাক্সাৰী জীৱনৰ লগতে চুমিয়ে ব্যৱহাৰ কৰা প্ৰতিটো বস্তুতে আছিল কেৱল বিলাসিতা আৰু বিলাসিতা। ইয়াৰ পাছৰে পৰা চুমি বৰাক বিচাৰি অব্য়াহত আছে আৰক্ষীৰ অভিযান। যিকোনো মুহূৰ্ততে চুমিয়ে আত্মসমৰ্পন কৰাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে।
ইয়াৰ মাজতে অবৈধ ট্ৰেডিঙক লৈ পুনৰ সৰৱ হৈছে মুখ্যমন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মা। তেওঁ কৈছে, “ট্ৰেডিঙৰ লগত জড়িত কাৰো সমৰ্থক হ’ব নোৱাৰে। ট্ৰেডিং এটা অবৈধ কাম। এই অবৈধ কামৰ যিয়ে সমৰ্থন কৰে বিৰুদ্ধে অসম চৰকাৰে কঠোৰ ব্যৱস্থা ল’ব। অসমৰ দুখীয়া-দৰিদ্ৰ মানুহৰ টকা-পইচা লুণ্ঠন কৰিবলৈ আমি কাকো সুযোগ নিদিওঁ।”
মুখ্যমন্ত্ৰীয়ে লগতে কয়, “ আজি এজন ব্যক্তিয়ে ফেচবুক লিখিছে ষ্টক ট্ৰেডিং বেলেগ কথা। একো বেলেগ কথা নহয়। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ অনুমতি নোহোৱাকৈ কোনেও কাৰো পৰা এটকাও সংগ্ৰহ কৰিব নোৱাৰে, সেইটোৱে হৈছে দেশৰ প্ৰচলিত আইন। উদ্দেশ্য যিয়ে নহওক ৰিজাৰ্ভ বেংকৰ অনুমতি নোহোৱাকৈ সাধাৰণ মানুহৰ পৰা টকা ল’ব নোৱাৰে। টকা লোৱাতোও ভুল আৰু এই টকা লোৱাত যিসকলে অনুপ্ৰেৰণা দেখুৱাই তেওঁলোকো ভুল। চৰকাৰে দুখীয়া-দৰিদ্ৰ আৰু সাধাৰণ মানুহক ৰক্ষণাবেক্ষণ দিবলৈ সকলোধৰণৰ প্ৰচেষ্টা ল’ব।”
মুখ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই অবৈধ ট্ৰেডিং সন্দৰ্ভত পুনৰ কয়, “এজন চিআইডিৰ কনিষ্টবলো জড়িত হৈ আছিল, তেওঁকো গ্ৰেপ্তাৰ কৰিছে। যিসকল জড়িত হৈ আছে তাৰ ভিতৰত দুই-এদিন কোনোবা লুকাই আছে, কিন্তু লুকাই ক’ত যাব, দুদিন পাছত ছাৰেণ্ডাৰো কৰিব।”
ইফালে এই প্ৰৱঞ্চনাৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে সাংস্কৃতিক জগতৰ বহু তাৰকাৰ বিৰুদ্ধে। একাংশ সংবাদ মাধ্যমত বহুকেইজন কণ্ঠশিল্পীৰ নাম পোহৰলৈ আহিছে। ইয়াকে লৈ সামজিক মাধ্যমত নিজৰ নিজৰ স্পষ্টিকৰণ আগবঢ়াইছে তাৰকাসকলে
লগতে পঢ়ক: ট্ৰেডিং বিতৰ্কক লৈ সামাজিক মাধ্যমত স্পষ্টীকৰণ প্ৰস্তুতি পৰাশৰৰ