মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, নিৰ্মাণ হ’ব এক্সপ্ৰেছ হাইৱে’, নতুন ৰে’লপথ আৰু দলং: সংবাদমেলযোগে কি কি ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে?
মন্ত্ৰীসভা সম্প্ৰসাৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত কয়, "বহুতে মোক সুধি থাকে যে কেবিনেট সম্প্ৰসাৰণ কেতিয়া হ'ব? অহা ৭ তাৰিখে দিনৰ ১২ বজাত অসম মন্ত্ৰীসভাত এক সৰু সম্প্ৰসাৰণ হ’ব। কাইলৈ বা পৰহিলৈ সবিশেষ তথ্য লাভ কৰিব। এজনে দুজন নে তিনিজনে পাব এই সন্দৰ্ভত কাইলৈ দিল্লীত কথা পাতি গ'ম পাম।"
৭ ডিচেম্বৰত ৰাজ্যত হ’ব মন্ত্ৰীসভা সম্প্ৰসাৰণ। দিল্লীত সংবাদমেলত এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । ইয়াৰ উপৰিও আজি নতুন দিল্লীত এক সংবাদমেল সম্বোধন কৰি কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা সদৰি কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই।
মন্ত্ৰীসভা সম্প্ৰসাৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত কয়, “বহুতে মোক সুধি থাকে যে কেবিনেট সম্প্ৰসাৰণ কেতিয়া হ’ব? অহা ৭ তাৰিখে দিনৰ ১২ বজাত অসম মন্ত্ৰীসভাত এক সৰু সম্প্ৰসাৰণ হ’ব। কাইলৈ বা পৰহিলৈ সবিশেষ তথ্য লাভ কৰিব। এজনে দুজন নে তিনিজনে পাব এই সন্দৰ্ভত কাইলৈ দিল্লীত কথা পাতি গ’ম পাম।”
There will be lots of good news for Assam ahead of #AdvantageAssam 2025.
Sharing key takeaways of my meeting with Hon’ble Prime Minister Shri @narendramodi Ji. pic.twitter.com/pw3a4eiBW1
— Himanta Biswa Sarma (@himantabiswa) December 4, 2024
উল্লেখ্য যে বিগত কেইবাদিনো ধৰি ৰাজ্যৰ ৰাজনীতিৰ অন্যতম চৰ্চাৰ বিষয় হৈ পৰিছে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ। কোনে পাব নতুনকৈ মন্ত্ৰীসভাত স্থান ? বিজেপিৰ সভাপতি ভবেশ কলিতা, বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীৰো নাম আছে নেকি নতুন মন্ত্ৰীৰ তালিকাত? এই প্ৰশ্নৰ অৱসান ঘটাই ড০ হিমন্ত বিশ্ব শৰ্মাই কৰিছিল বিশেষ ঘোষণা। ডিচেম্বৰ মাহৰ ভিতৰত এজন বিধায়কক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হ’ব জনাইছিল মুখ্যমন্ত্ৰীয়ে । আকৌ বৰাকৰ পৰা এজনক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হ’ব বুলিও জনাইছিল মুখ্যমন্ত্ৰী ড০ শৰ্মাই।
নতুন দিল্লীত সংবাদমেল সম্বোধন কৰি কেবিনেটৰ আন কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা সদৰি কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। মুঠ ১ লাখ কোটি টকাৰ কেইবাটাও বৃহৎ উন্নয়ন প্ৰকল্প ৰাজ্যৰ বাবে গ্ৰহণৰ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ। ৫ মিলিয়ন মেট্ৰিক টনলৈ বৃদ্ধি হ’ব বঙাইগাঁও শোধনাগাৰৰ শোধন ক্ষমতা। নামৰূপৰ সাৰ কাৰখানা প্ৰকল্প সম্প্ৰসাৰণৰো প্ৰস্তাৱ প্ৰেৰণ কৰা হয় কেন্দ্ৰীয় চৰকাৰক।
ইফালে গুৱাহাটীৰ পৰা বৰাপানী হৈ শিলচৰলৈ নিৰ্মাণ হ’ব এক্সপ্ৰেছ হাইৱে’। য’ত প্ৰায় ২৫ হাজাৰ কোটি টকা খৰচ হ’ব। ইয়াৰ উপৰিও গুৱাহাটীৰ পৰা ভূটানলৈ নিৰ্মাণ হ’ব নতুন ৰে’লপথ। ব্ৰহ্মপুত্ৰত মৰিগাঁও-দৰং সংযোগী নতুন দলঙৰ প্ৰস্তাৱ প্ৰেৰণ কেন্দ্ৰক। এই নিৰ্মাণ সম্পূৰ্ণ হ’লে ৪ ঘণ্টাতে বৰাপানীৰ পৰা পাব শিলচৰ । এইসমূহ উন্নয়নমূলক আঁচনিক লৈ প্ৰধানমন্ত্ৰী আৰু সংশ্লিষ্ট মন্ত্ৰীসকলৰ সৈতে আলোচনা মুখ্যমন্ত্ৰীৰ। লগতে ৰাজ্যৰ চাৰিলেনযুক্ত ঘাইপথসমূহ ৬ লেনযুক্ত ঘাইপথলৈ ৰূপান্তৰ কৰাৰো সিদ্ধান্ত কেবিনেটৰ।
In the #AssamCabinet meeting today, we took key decisions
👉Public beef consumption banned
👉Sanction of addl ₹116.20cr for expansion of approach roads to LGBI Airport
👉Boost to Sanskrit Education
👉Promotional avenues for Fishery Officers
👉Modified rules for Literary Pension pic.twitter.com/eKt4dOz0fz— Himanta Biswa Sarma (@himantabiswa) December 4, 2024
সংবাদমেলযোগে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা আন এটা গুৰুত্বপূৰ্ণ বিষয় হ’ল ৰাজ্যত গো-মাংস নিষিদ্ধকৰণ।আজিৰে পৰা ৰাজ্যৰ কোনো কোনো হোটেল-ৰেষ্টুৰেণ্টত বিক্ৰী কৰিব নোৱাৰিব গো-মাংস । সামজিক অনুষ্ঠানতো নিষিদ্ধ হ’ব গো-মাংস পৰিৱেশন। অৰ্থাৎ ৰাজহুৱা স্থানতো গো-মাংস ভক্ষণ বা পৰিৱেশনত থাকিব নিষেধাজ্ঞা। ইয়াৰ উপৰিও ৰাজ্যিক কৰ্মচাৰীয়ে লাভ কৰা সাহিত্যিক, সাংস্কৃতিক পেঞ্চনৰ সলনি এতিয়াৰে পৰা দিয়া হ’ব বিশেষ বঁটা। কেবিনেট বৈঠকৰ অন্তত এই ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।