5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ভোটবেংক ধৰি ৰখাৰ বাবেই তেওঁলোক এনে চৰম পৰ্যায়লৈ গৈছে: চামগুৰিৰ ঘটনাক তীব্ৰ গৰিহণা মুখ্যমন্ত্ৰীৰ

শনিবাৰে বিজেপিৰ পদযাত্রাৰ সময়ত কোনো অচিনাক্ত দুৰ্বৃত্তই গুলীচালনা কৰে। এই পদযাত্রাৰ সময়ত উপস্থিত আছিল বিধায়ক জিতু গোস্বামী, সুৰেশ বৰাৰ লগতে বিজেপিৰ কেইবাগৰাকী কৰ্মকৰ্তা। ইয়াৰ উপৰি বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামীৰ বহনলৈও গুলীচালনা কৰে দুৰ্বৃত্তই।

ভোটবেংক ধৰি ৰখাৰ বাবেই তেওঁলোক এনে চৰম পৰ্যায়লৈ গৈছে: চামগুৰিৰ ঘটনাক তীব্ৰ গৰিহণা মুখ্যমন্ত্ৰীৰ
চামগুৰিৰ ঘটনাক তীব্ৰ গৰিহণা মুখ্যমন্ত্ৰীৰ
trishna-kalita
Trishna Kalita | Updated On: 10 Nov 2024 13:50 PM

নিৰ্বাচনী হিংসাত জৰ্জৰিত চামগুৰি বিধানসভা সমষ্টি। চামগুৰিত প্ৰাক-নিৰ্বাচনী হিংসাক লৈ উত্তপ্ত হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি।শনিবাৰে বিজেপিৰ পদযাত্রাৰ সময়ত কোনো অচিনাক্ত দুৰ্বৃত্তই গুলীচালনা কৰে। এই পদযাত্রাৰ সময়ত উপস্থিত আছিল বিধায়ক জিতু গোস্বামী, সুৰেশ বৰাৰ লগতে বিজেপিৰ কেইবাগৰাকী কৰ্মকৰ্তা। ইয়াৰ উপৰি বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামীৰ বহনলৈও গুলীচালনা কৰে দুৰ্বৃত্তই। বিধায়কগৰাকীৰ বাহনলৈ লক্ষ্য কৰি তিনিজাঁই গুলী ফুটাই দুৰ্বৃত্তই। অৱশ্যে সেই সময়ত বাহনখনত উপস্থিত নাছিল বিধায়কগৰাকী।আন আন সতীৰ্থ- কৰ্মী সৈতে পদযাত্ৰাত ব্যস্ত আছিল জিতু গোস্বামী।

তাৰ পাছত ঘটনাস্থলীত আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। সম্প্ৰতি এই ঘটনাকলৈ অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে।এই ঘটনাৰ বাবে পৰোক্ষভাৱে বিজেপিয়ে কংগ্ৰেছক দায়ী কৰাৰ বিপৰীতে কংগ্ৰেছেও পৰোক্ষভাৱে বিজেপিক দায়ী কৰিছে। সূত্ৰ খবৰ অনুসৰি, এই গুলীচালনাৰ ঘটনাক কেন্দ্ৰ কৰি যোৱা নিশা অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় । এই ঘটনাত এগৰাকী মহিলা সহ ২ জন লোক আহত হোৱা বুলি খবৰ লাভ কৰা গৈছে ।

ইয়াৰ পাছতে ঘটনা সন্দৰ্ভক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে শ্বেয়াৰ কৰিছে পোষ্ট। এই ঘটনাকতীব্ৰ গৰিহণা দি মুখ্যমন্ত্ৰীয়ে লিখিছে- “মাননীয় বিধায়ক শ্ৰীজিতু গোস্বামী ডাঙৰীয়াক চামগুৰিত কংগ্ৰেছৰ সমৰ্থকে কৰা আক্ৰমণক তীব্ৰ গৰিহণা দিছোঁ। এই একেই কংগ্ৰেছে সংবিধান সুৰক্ষা তথা সংবিধানক গৌৰৱেৰে মানি চলাটো দেখুৱায়৷ অথচ তেওঁলোকে আমাৰ কাৰ্যকৰ্তাসকলক আন্ধাৰৰ সুযোগ লৈ আক্ৰমণ কৰি হিংসাৰ আশ্ৰয় লৈছে আৰু সংবিধান উলংঘা কৰিছে৷ প্ৰকৃত প্ৰশ্নটো হ’ল, এই উপ-নিৰ্বাচনতে কংগ্ৰেছে ইমান ভয় খাইছে কিয়? আচলতে কেৱল পৰাজয়ৰ ভয়েই নহয়, তেওঁলোকৰ যিটো ভোটৰ মূল বেংক, সেই ভোটবেংক ধৰি ৰখাৰ বাবেই তেওঁলোক এনে চৰম পৰ্যায়লৈ গৈছে। আমি ন্যায় পাব লাগিব আৰু আমি কাকো আমাৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াটোক ভেঙুচালি বা ক্ষতিগ্ৰস্ত কৰিবলৈ নিদিওঁ।”

 

ইয়াৰ মাজতে মুৰিপুঠিখাইতিত কংগ্ৰেছী গুণ্ডাবাহিনীয়ে সাংবাদিককো প্ৰহাৰৰ অভিযোগ। গুলীচালনা ঘটনাৰ বাতৰি সংগ্ৰহৰ বাবে যোৱা তিনি সাংবাদিকক প্ৰহাৰ। সাংবাদিক আক্ৰমণৰ ঘটনাক কেন্দ্ৰীয় ৰাজ্যিক বৈদেশিক পৰিক্ৰমা মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ গৰিহণা। তেওঁ কয়, “অসমত এনে ধৰণৰ ঘটনাই শোভা নাপায়। অন্য কোনো সমষ্টিত নিৰ্বাচনী হিংসাৰ ঘটনা হোৱা নাই। চামগুৰিৰ পৰিৱেশ একাংশই বেয়া কৰিছে।”

চামগুৰিৰ লাওখোৱাত ভয়ংকৰ নিৰ্বাচনী হিংসা। ৬নং বগামুখত কংগ্ৰেছ আৰু বিজেপিৰ মাজত প্ৰচণ্ড মাৰপিট। কংগ্ৰেছ আৰু বিজেপিৰ মাজত প্ৰচণ্ড মাৰপিট। ই ফৈদৰ সংঘাতত কংগ্ৰেছৰ ৫গৰাকী কৰ্মী আহত হোৱাৰ লগতে ভাঙি চূৰমাৰ কৰিলে বিজেপিৰ দুখন বাহন।

ইফালে ৰকিবুল হুছেইনৰ বিৰুদ্ধে গোচৰ দিবলৈ সাজু হৈছে বিজেপি। নির্বাচন আয়োগক গোচৰ দিবলৈ ৰাওনা বিজেপি নেতৃত্ব। জিলা আয়ুক্তক সাক্ষাৎ কৰি গোচৰ দিব ৰকিবুলৰ বিৰুদ্ধে। উপস্থিত হৈছে জিতু গোস্বামী, বিমল বৰা। নির্বাচনী প্ৰচাৰৰ পৰা ৰকিবুলক আঁতৰাই ৰখাৰ দাবী।

Latest News