5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

গ্ৰেপ্তাৰৰ পাছত ডিব্ৰুগড়ৰ জিমখানালৈ কিয় নিয়া হৈছিল চুমি-তার্কিকক: তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

গ্ৰেপ্তাৰৰ পাছত ডিব্ৰুগড়ৰ জিমখানা ক্লাবত নিশা কটাইছিল চুমি-তাৰ্কিকে। ক্লাবৰ ২১ নং কোঠাত আছিল দুয়ো। এই সন্দৰ্ভত মত প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্বই শৰ্মাই। চুমি-তাৰ্কিকক গ্ৰেপ্তাৰ কৰি থানালৈ নিয়াৰ পৰিৱৰ্তে চুমি-তাৰ্কিকক ডিব্ৰুগড়ৰ জিমখানা ক্লাব হোটেললৈ নিয়া কাৰ্যৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।

গ্ৰেপ্তাৰৰ পাছত ডিব্ৰুগড়ৰ জিমখানালৈ কিয় নিয়া হৈছিল চুমি-তার্কিকক: তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ
ডিব্ৰুগড়ৰ জিমখানাত নিশা কটাইছিল চুমি-তাৰ্কিকে
Follow Us
trishna-kalita
Trishna Kalita | Published: 13 Sep 2024 15:13 PM

চুমি-তাৰ্কিক বৰাক গ্ৰেপ্তাৰৰ পাছত নতুনকৈ আৰম্ভ হৈছে  এটাৰ পাছত  আনটো বিতৰ্ক। বৃহস্পতিবাৰে পুৱা প্ৰায় ৬ মান বজাত ডিব্ৰুগড় পুঁথি ভৰালৰ সন্মুখতে এছ টি এফে দুয়োকে জিম্মাত লয়।আৰক্ষীৰ জিম্মাতো চুমি-তাৰ্কিকৰ ব্ৰেণ্ডেড পোছাকক লৈ চলিছিল চৰ্চা। কিয়নো ফটোত চুমিয়ে গাত উৰি থকা দেখা গৈছিল ১২ হাজাৰ টকাৰ ফৌনা কেছমিৰৰ ষ্ট’ল আৰু তাৰ্কিকে পিন্ধিছিল কেলভিন ক্লেইনৰ দামী টি-চাৰ্ট। তাৰ পাছতে বিলাসী জীৱনক লৈ সামাজিক মাধ্যমত বিভিন্নজনে শ্বেয়াৰ কৰিছিল পোষ্ট।

এইবোৰৰ মাজতে লক-আপৰ ভিতৰত দুই অভিযুক্ত চুমি-তাৰ্কিকৰ ফটো উঠাই বিতৰ্কত সোমাই পৰিছিল ডিব্ৰুগড় আৰক্ষী। চুমি বৰা আৰু তাৰ্কিক বৰাৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ লগে লগে আৰক্ষীৰ ওপৰ মহলত লাগে হৈ চৈ। লক-আপৰ ভিতৰত কোনে চেণ্ডেল পিন্ধি সোমাৱ দিছে চুমি-তাৰ্কিকক, তাক লৈও সামাজিক মাধ্যমত বিভিন্নজনে কৰিছে প্ৰশ্ন। আন একাংশই আকৌ ভাইৰেল হোৱা ফটোত চুমি বৰাৰ লক-আপৰ লকটো নোহোৱাৰ বাবেও প্ৰশ্ন উত্থাপন কৰিছে।

ইয়াৰ পাছতে ৰাইজে তলাক লৈ সামাজিক মাধ্যমত চৰ্চা আৰম্ভ কৰাৰ পাছত আজি DGP জি পি সিঙে ‘X’ জনাই তলাৰ আচল ৰহস্যৰ কথা। ডিব্ৰুগড় সদৰ থানাৰ নতুন ভবনটোৰ মহিলা লক-আপৰ তলাটো কেনেকুৱা ধৰণৰ আছিল ফটো সহকাৰে শ্বেয়াৰ কৰিলে DGP জনে।

গ্ৰেপ্তাৰৰ পাছত ডিব্ৰুগড়ৰ জিমখানা ক্লাবত নিশা কটাইছিল চুমি-তাৰ্কিকে। ক্লাবৰ ২১ নং কোঠাত আছিল দুয়ো। এই সন্দৰ্ভত মত প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্বই শৰ্মাই। চুমি-তাৰ্কিকক গ্ৰেপ্তাৰ কৰি থানালৈ নিয়াৰ পৰিৱৰ্তে চুমি-তাৰ্কিকক ডিব্ৰুগড়ৰ জিমখানা ক্লাব হোটেললৈ নিয়া কাৰ্যৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। এটা সংবাদ মাধ্যমক সাক্ষাৎকাৰ দিয়া কাৰ্যৰ বিৰুদ্ধেও তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত কয়, “ট্ৰেডিং কেলেংকাৰি ময়েই ধৰাইছোঁ। মোক টকা দিব আহোতে সন্দেহ হওতে মই ধৰিলো। মোৰ গালি পাৰা মানে পৰোক্ষভাৱে আপৰাধীৰ ভিটামিন দিয়া। ট্ৰেডিঙ কেলেংকাৰীত জড়িতসকলক সমাজৰ একাংশই হিৰ’ বনাইছিল। তাত মই নাই। এতিয়া মোক গালি পাৰি লাভ নাই। মই তদন্ত কৰিব দিছোঁ অপৰাধী কেইজন কেনেকৈ জিমখানালৈ নিয়া হৈছিল।”

মুখ্যমন্ত্ৰীয়ে পুনৰ কয়, “প্ৰথমে তেওঁলোকক গ্ৰেপ্তাৰ কৰি জিমখানালৈ নিছে। তাৰ পাছত এটা চেনেলত সাক্ষাৎকাৰ ল’ব দিছে। পুলিচ আৰু সাংবাদিকৰ সম্পৰ্কটো চিন্তনীয়। তেওঁলোকক গ্ৰেপ্তাৰ কৰি পোনে পোনে থানালৈ লৈ যাব লাগে। কিন্তু থানাত নিনি জিমখানালৈ লৈ গৈ তেওঁলোকে এটা চেনেলত Interview ল’ব সুবিধা দিয়া হৈছে। মই নিজে ৭.৩০ বজাত interview চাইছোঁ। তেতিয়া মই ডিজিপিক ফোন কৰিলো। মানুহ থাকি লাগে লকআপত, কিন্তু ইয়াত interview হে হৈ আছে। গোচৰটোৰ পাছত মইহে লাগি আছোঁ। আজি কেবিনেটত ইয়াৰ ওপৰত সাহসী সিদ্ধান্তটো ল’ম।”

বৃহস্পতিবাৰে নিশা গুৱাহাটীৰ বশিষ্ঠস্থিত বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত এক দলীয় বৈঠকত অংশ লোৱাৰ পাছত সংবাদ মাধ্যমক সম্বোধন কৰি অসমৰ শেহতীয়া অনলাইন ট্ৰেডিং কেলেংকাৰী আৰু চুমী বৰাৰ প্ৰসংগত মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে কয়,  “পলাতক আচামীৰ বিষয়ত মুখ্যমন্ত্ৰীয়ে কোৱাটো উচিত নহয় বুলি ভাবো । ভৱিষ্যতৰ বাবে কেনেকৈ বন্ধ কৰিব পাৰি তাৰ কাৰণে কিছু চিন্তা কৰি আছোঁ । কেবিনেটত এই সন্দৰ্ভত কিছু সিদ্ধান্ত লোৱা হ’ব ।”

Latest News