“অসমত বিহাৰ দিৱস পালনত বিৰোধিতা কৰাৰ নাই কোনো যুক্তি”, মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া…

অসমত বিহাৰ দিৱস উদযাপন কৰিবলৈ লোৱাক কেন্দ্ৰ কৰি সৃষ্টি হোৱাৰ বিতৰ্কৰ মাজতে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায় । এক প্ৰকাৰে অসমত বিহাৰ দিৱস পালন কৰাত কোনো বাধা থাকিব নালাগে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে ।

অসমত বিহাৰ দিৱস পালনত বিৰোধিতা কৰাৰ নাই কোনো যুক্তি, মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Updated On: 

19 Mar 2025 16:18 PM

শেহতীয়াকৈ অসমত বিহাৰ দিৱস উদযাপন কৰিবলৈ লোৱাক কেন্দ্ৰ কৰি সৃষ্টি হোৱাৰ বিতৰ্কৰ মাজতে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায় । এক প্ৰকাৰে অসমত বিহাৰ দিৱস পালন কৰাত কোনো বাধা থাকিব নালাগে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে । তেওঁ কয়, “অসমত বিহাৰ দিৱস পালন কৰাত বিৰোধিতা কৰাৰ কোনো যুক্তি আছে বুলি নাভাবো।”

আজি সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, অসম দিৱস ভাৰতৰ সকলো ৰাজ্যতে পালন কৰা হয় । অসম দিৱস আজিকালি প্ৰতিখন ৰাজ্যতে পালন কৰা হয় বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে । তেওঁ লগতে কয় যে, উত্তৰ প্ৰদেশ, বিহাৰ, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, গুজৰাটতো অসম দিৱস পালন কৰা হয় । এই সকলো ৰাজ্যৰ ৰাজ্যপালসকল এই অসম দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকে বুলি কয় মুখ্যমন্ত্ৰীয়ে ।

“ভাৰতীয় জনতা পাৰ্টিয়েও সমগ্ৰ দেশত থকা অসমীয়া লোকসকলক লৈ প্ৰবাসী অসমীয়া সন্মিলন অনুষ্ঠিত কৰে । যদি অসম দিৱস বিহাৰ, উত্তৰ প্ৰদেশত পালন কৰে, তেন্তে আমিও ইয়াত বিহাৰ দিৱস পালন কৰিম । তেতিয়াহে মানুহৰ মাজত বুজাবুজি বাঢ়িব । এই বিষয়ক লৈ ৰাজনীতি কৰা কোনো অৰ্থ নাই ।” এই দৰে কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায় ।

একে সময়তে তেওঁ কয়, “অসমৰ লাখ লাখ যুৱক-যুৱতী অসমৰ বাহিৰত কাম কৰে । ইয়াত সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰিলে তেওঁলোকৰ জীৱনৰ প্ৰতি ভাবুকি আহিব পাৰে । এই কথা যিসকলে বুজি নাপায় তেওঁলোকে এইধৰণৰ কাম বিলাকত মনোনিবেশ কৰে ।”

তেওঁ দাবী কৰে, দেশৰ সকলো প্ৰান্ততে অসম দিৱস পালন কৰা হয় । লগতে দূতাবাসত অসম দিৱস পালন কৰা হয় বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে । এনে পৰিপ্ৰেক্ষিত যেনেকৈ অসমক ভাৰতৰ আন ৰাজ্যৰ মানুহে সন্মান কৰে তেনেকৈ অসমেও আন ৰাজ্যৰ মানুহৰ সন্মান কৰিব লাগিব বুলি কয় মুখ্য়মন্ত্ৰীয়ে ।

তেওঁ কয়, ” তিনিচুকীয়াত বিহাৰ দিৱস পালন কৰা-নকৰা সেইটো বেলেগ কথা । সেই বিতৰ্কত মই নাযাওঁ । কিন্তু যেতিয়ালৈকে বিহাৰ ৰাজভৱনত অসম দিৱস পালন কৰা হ’ব, তেতিয়ালৈকে অসমত বিহাৰ দিৱস পালন কৰাত বিৰোধিতা কৰাৰ কোনো যুক্তিয়ে দেখা নাই ।”

দেশৰ সকলো প্ৰান্ততে অসমীয়াক সন্মান কৰে আৰু অসমৰ পৰা এই ধৰণৰ বাৰ্তা যদি যায়, তেন্তে অসমৰ যুৱক-যুৱতীসকলে সেই ৰাজ্যসমূহত কেনেকৈ চাকৰি পাব । এই ধৰণৰ সীমিত পৰিসৰৰ ধাৰণাৰ পৰা আঁতৰি থাকিব লাগে । এই ধৰণৰ কথাত যদি লাগি থকা হয়, তেন্তে ৰাজ্যখন আকৌ পিছুৱাই যাব বুলি কয় মুখ্যমন্ত্ৰীয়ে ।

উল্লেখ্য যে, তিনিচুকীয়া জিলাত বিহাৰ দিৱস পতাক লৈ শেহতীয়াকৈ এক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । বহুতে এই কাৰ্যক বিৰোধিতা কৰিছে । বিভিন্ন দল সংগঠনেও তিনিচুকীয়াত বিহাৰ দিৱস পালন কৰাত বিৰোধিতা কৰা দেখা গৈছে ।

গৰমৰ দিনত দৈনিক কেঁচা পিয়াঁজ খালে কি হয় জানেনে?
কোনখন ধৰ্মগ্ৰন্থ আৰু কোনজন ভগৱানৰ মূৰ্তি লৈ সুনীতা মহাকাশত গৈছিল
৬৫০ গৰাকী যুৱতীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰা এইজন খেলুৱৈৰ সৈতে যুৱৰাজৰ কাজিয়া...
অৱসৰক লৈ বিৰাট কোহলীয়ে ক’লে এইদৰে, অনুৰাগীৰ মাজত চলিছে ব্যাপক চৰ্চা